--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত শ্বেতাংগসকলে এতিয়াও ভাৰতীয়, এছিয়ান বা কৃষ্ণাঙ্গসকলক  সহজভাবে গ্ৰহণ কৰিব পৰা নাই তেনে সময়তে ভাৰতীয় বংশোদ্ভূত শিক্ষাৰ্থী অপ্সৰা আয়াৰে  হাৰ্ভাৰ্ড ল ৰিভিউৰ সভাপতি নিৰ্বাচিত  হৈছে।  ইয়েল বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে  ১৩৬ বছৰ পুৰণি অভিলেখ ভংগ কৰি  ইমান উচ্চ পদত অধিষ্ঠিত হোৱা প্ৰথম ভাৰতীয় মূলৰ যুৱতী হিচাবে পৰিগণিত হৈছে৷ 

উল্লেখ্য হাৰ্ভাৰ্ড ল ৰিভিউ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক আইনী প্ৰকাশন প্ৰতিষ্ঠান। ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰকাশনৰ  মূলতঃ শিক্ষাৰ্থীৰ প্ৰতিবেদন বা গৱেষণা প্ৰকাশ কৰে।  হাৰ্ভাৰ্ড ল ৰিভিউৰ  শীৰ্ষত পদত এতিয়া অধিষ্ঠিত হৈছে  ভাৰতীয় বংশোদ্ভূত অপ্সৰা আয়াৰ! তেওঁ সংস্থাটোৰ  ১৩৭ সংখ্যক  সভাপতি হিচাবে  নিৰ্বাচিত হৈছে। এই প্ৰাপ্তিত অতিকৈ আনন্দিত হৈ পৰা অপ্সৰাই কয়  "মই বহু  বছৰ পুৰণি  প্ৰকাশনটোৰ  খ্যাতি বৃদ্ধি কৰিবলৈ কাম কৰিম। "

অপ্সৰা  য়েল বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছিল। তেওঁ ২০১৬ চনত বিশ্ববিদ্যালয় খনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গণিত, অৰ্থনীতি আৰু স্পেনিছ তেওঁৰ বিষয় আছিল।২০১৮  চনত তেওঁ আইনৰ শিক্ষাৰ্থী হিচাবে নামভৰ্তি কৰিছিল। তাৰ পিছতে তেওঁৰ সপোনবোৰে ঠন ধৰি উঠিছিল৷  অপ্সৰাই কামৰ পৰা ছুটি লৈ প্ৰথম বৰ্ষৰ আইনৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। অপ্সৰাই মানৱ অধিকাৰৰ ক্ষেত্ৰতো কাম কৰিছে।  এতিয়া হাৰ্ভাৰ্ড ল ৰিভিউয়ে আশা কৰিছে যে তেওঁৰ নেতৃত্বত মানৱ অধিকাৰৰ বিশয়ত  বহু ভাল প্ৰতিবেদন প্ৰকাশ কৰা হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ