--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত শ্বেতাংগসকলে এতিয়াও ভাৰতীয়, এছিয়ান বা কৃষ্ণাঙ্গসকলক  সহজভাবে গ্ৰহণ কৰিব পৰা নাই তেনে সময়তে ভাৰতীয় বংশোদ্ভূত শিক্ষাৰ্থী অপ্সৰা আয়াৰে  হাৰ্ভাৰ্ড ল ৰিভিউৰ সভাপতি নিৰ্বাচিত  হৈছে।  ইয়েল বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে  ১৩৬ বছৰ পুৰণি অভিলেখ ভংগ কৰি  ইমান উচ্চ পদত অধিষ্ঠিত হোৱা প্ৰথম ভাৰতীয় মূলৰ যুৱতী হিচাবে পৰিগণিত হৈছে৷ 

উল্লেখ্য হাৰ্ভাৰ্ড ল ৰিভিউ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক আইনী প্ৰকাশন প্ৰতিষ্ঠান। ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰকাশনৰ  মূলতঃ শিক্ষাৰ্থীৰ প্ৰতিবেদন বা গৱেষণা প্ৰকাশ কৰে।  হাৰ্ভাৰ্ড ল ৰিভিউৰ  শীৰ্ষত পদত এতিয়া অধিষ্ঠিত হৈছে  ভাৰতীয় বংশোদ্ভূত অপ্সৰা আয়াৰ! তেওঁ সংস্থাটোৰ  ১৩৭ সংখ্যক  সভাপতি হিচাবে  নিৰ্বাচিত হৈছে। এই প্ৰাপ্তিত অতিকৈ আনন্দিত হৈ পৰা অপ্সৰাই কয়  "মই বহু  বছৰ পুৰণি  প্ৰকাশনটোৰ  খ্যাতি বৃদ্ধি কৰিবলৈ কাম কৰিম। "

অপ্সৰা  য়েল বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছিল। তেওঁ ২০১৬ চনত বিশ্ববিদ্যালয় খনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গণিত, অৰ্থনীতি আৰু স্পেনিছ তেওঁৰ বিষয় আছিল।২০১৮  চনত তেওঁ আইনৰ শিক্ষাৰ্থী হিচাবে নামভৰ্তি কৰিছিল। তাৰ পিছতে তেওঁৰ সপোনবোৰে ঠন ধৰি উঠিছিল৷  অপ্সৰাই কামৰ পৰা ছুটি লৈ প্ৰথম বৰ্ষৰ আইনৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। অপ্সৰাই মানৱ অধিকাৰৰ ক্ষেত্ৰতো কাম কৰিছে।  এতিয়া হাৰ্ভাৰ্ড ল ৰিভিউয়ে আশা কৰিছে যে তেওঁৰ নেতৃত্বত মানৱ অধিকাৰৰ বিশয়ত  বহু ভাল প্ৰতিবেদন প্ৰকাশ কৰা হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়