--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বাঢ়ি গৈয়েই  আছে। এই  সংখ্যাই এতিয়া ৩,৮০০ৰ ঘৰ  অতিক্ৰম কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি এই প্ৰতিবেদন প্ৰকাশ হোৱালৈকে দুয়োখন দেশৰ ভূমিকম্পত ৩,৮৩০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৱল তুৰস্কতে ২,৩৭৯ জন লোকৰ মৃত্যু হৈছে। চিৰিয়াত মৃত্যুৰ সংখ্যা ১,১৩৬ লৈ বৃদ্ধি পাইছে। দুয়োখন দেশতে আহতৰ সংখ্যাও কেইবা হাজাৰ হৈছে। মৃত্যুৰ সংখ্যাও বাঢ়ি গৈ আছে৷ 


তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে কৈছে যে দেশখনৰ কমেও ৫,৬০৬ টা ঘৰ ধ্বংসস্তূপত পৰিণত হৈছে। বহুলোক এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। একে সময়তে দুয়োখন দেশৰ প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। পৃথিৱীৰ বহুতো দেশে ইতিমধ্যে এই দুয়োখন দেশলৈ সহায়ৰ হাত আগবঢ়াইছে।

মৃত্যু উপত্যকাত পৰিণত হোৱা দুয়োখন দেশত হোৱা ভূমিকম্পৰ পিছত অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি   হৈছে। কিছুমান পৰিয়ালত শোক কৰিবলৈও  কোনো  সদস্যও জীয়াই নাই। ভূমিকম্প বিধ্বস্ত দুখন দেশৰ চিকিৎসালয় মৃতদেহেৰে উপচি পৰিছে। চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠিছে ৷


চিৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে কৈছিল যে দেশখনত নিহত হোৱা ১,১৩৬ জন লোকৰ ভিতৰত ৭১১ জন চৰকাৰ নিয়ন্ত্ৰিত অঞ্চলৰ লোক  আছিল। যাৰ ভিতৰত বেছিভাগ আলেপ্পো, হামা, লাটাকিয়া আৰু টাৰ্টাছ অঞ্চলৰ বাসিন্দা। ছিৰিয়াৰ প্ৰতিৰক্ষা সংস্থা হোৱাইট হেলমেটছে কৈছে যে চৰকাৰ বিৰোধী অঞ্চলত ৭৪০ জন লোক নিহত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ