--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বাঢ়ি গৈয়েই  আছে। এই  সংখ্যাই এতিয়া ৩,৮০০ৰ ঘৰ  অতিক্ৰম কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি এই প্ৰতিবেদন প্ৰকাশ হোৱালৈকে দুয়োখন দেশৰ ভূমিকম্পত ৩,৮৩০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৱল তুৰস্কতে ২,৩৭৯ জন লোকৰ মৃত্যু হৈছে। চিৰিয়াত মৃত্যুৰ সংখ্যা ১,১৩৬ লৈ বৃদ্ধি পাইছে। দুয়োখন দেশতে আহতৰ সংখ্যাও কেইবা হাজাৰ হৈছে। মৃত্যুৰ সংখ্যাও বাঢ়ি গৈ আছে৷ 


তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে কৈছে যে দেশখনৰ কমেও ৫,৬০৬ টা ঘৰ ধ্বংসস্তূপত পৰিণত হৈছে। বহুলোক এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। একে সময়তে দুয়োখন দেশৰ প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। পৃথিৱীৰ বহুতো দেশে ইতিমধ্যে এই দুয়োখন দেশলৈ সহায়ৰ হাত আগবঢ়াইছে।

মৃত্যু উপত্যকাত পৰিণত হোৱা দুয়োখন দেশত হোৱা ভূমিকম্পৰ পিছত অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি   হৈছে। কিছুমান পৰিয়ালত শোক কৰিবলৈও  কোনো  সদস্যও জীয়াই নাই। ভূমিকম্প বিধ্বস্ত দুখন দেশৰ চিকিৎসালয় মৃতদেহেৰে উপচি পৰিছে। চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠিছে ৷


চিৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে কৈছিল যে দেশখনত নিহত হোৱা ১,১৩৬ জন লোকৰ ভিতৰত ৭১১ জন চৰকাৰ নিয়ন্ত্ৰিত অঞ্চলৰ লোক  আছিল। যাৰ ভিতৰত বেছিভাগ আলেপ্পো, হামা, লাটাকিয়া আৰু টাৰ্টাছ অঞ্চলৰ বাসিন্দা। ছিৰিয়াৰ প্ৰতিৰক্ষা সংস্থা হোৱাইট হেলমেটছে কৈছে যে চৰকাৰ বিৰোধী অঞ্চলত ৭৪০ জন লোক নিহত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ