--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাথান এণ্ডাৰছন। ১৫ দিন আগলৈকে ভাৰতীয়সকল এই নামটোৰ সৈতে পৰিচিত নাছিল। কিন্তু তেওঁ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। কাৰণ ভাৰত আৰু এছিয়াৰ কোটিপতি গৌতম আদানীৰ ধন-সম্পত্তি এবাৰতে আধালৈ হ্ৰাস কৰা ব্যক্তিজনেই তেওঁ।

নাথান আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ মালিক। ২৪ জানুৱাৰীত এই সংস্থাটোৱে এটা প্ৰতিবেদন দাখিল কৰিছিল যে আদানীয়ে বিগত দশক ধৰি শ্বেয়াৰৰ মূল্যত হেতালি খেলি আহিছে। আৰু সেইবাবেই গ্ৰুপটোৱে ইমান লাভ কৰিছে। সংস্থাটোৱে আদানীক আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগো উত্থাপন কৰে।

তেতিয়াৰ পৰাই আদানী গোটৰ এটাৰ পিছত এটা কোম্পানীৰ শ্বেয়াৰৰ মূল্য তললৈ নামি আহিছে। আদানী গ্ৰুপে হেঁচাত পৰি বাতিল কৰিলে ফ্ৰেছ শ্বেয়াৰ ইছ্যু (এফ পি অ’)। ২০ হাজাৰ কোটি টকাৰ এফ পি অ’ বাতিল হোৱাৰ পিছত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য আৰু অধিক হ্ৰাস পায়।

প্ৰশ্ন হয় ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চ’ কি? এই সংগঠনৰ আঁৰত কোন? উত্তৰ- নাথান এণ্ডাৰছনৰ। কেৱল আদানিৰেই নহয়, মানহাটানৰ এটা সৰু এপাৰ্টমেণ্টত থকা নাথানে ইয়াৰ আগতেও কেইবাটাও কোম্পানীক বিপদত পেলাইছে। তেওঁৰ এই প্ৰতিবেদন কেইবাটাও সংগঠনে গ্ৰহণ কৰিছে।

কৰ্পৰেট সংস্থাসমূহৰ প্ৰৱঞ্চনা দূৰৈৰ পৰা শুহি উলিয়াব পৰা ক্ষমতা নাথানৰ আছে বুলি কোৱা হয়। নাথানৰ ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চ’-এ আচলতে কি কৰে? নাথানৰ পৰিচয় কি? এই লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে।

নাথানে কানেকটিকাট বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ তথ্য প্ৰযুক্তি কোম্পানী ‘ফেক্টছেট ৰিচাৰ্চ চিষ্টেমছ ইনক’ৰ বিত্ত বিভাগত কৰ্মজীৱন আৰম্ভ কৰে। তাত তেওঁ নিজৰ প্ৰতিষ্ঠানটোক অন্যান্য বিনিয়োগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সৈতে মিলাই কাম কৰিছিল।

২০২০ চনত তেওঁ ৱাল ষ্ট্ৰীট জাৰ্নেলক জনাইছিল যে, “মই উপলব্ধি কৰিলোঁ যে মই কাম কৰি থকা কোম্পানীটোৱে বৰ ভাল কাম কৰা নাছিল।”

ৰয়টাৰ সংবাদ সংস্থাৰ মতে, নাথানে ইজৰাইলত কেইবাদিনো এম্বুলেন্স চালক হিচাপে কাম কৰিছিল।

ছ’চিয়েল মিডিয়া ‘লিংকডইন’ত নাথানে লিখিছে যে তেওঁ এনে এজন ব্যক্তি যিয়ে অত্যধিক হেঁচাত থাকিও সঠিক চিন্তা আৰু সঠিক কাম কৰিবলৈ সক্ষম হয়।

এণ্ডাৰছনে এক সাক্ষাৎকাৰত কয় যে তেওঁ হেৰী মাৰ্ক’পুলছৰ পৰা অনুপ্ৰাণিত হৈছিল। হেৰীয়ে আমেৰিকাৰ কুখ্যাত প্ৰৱঞ্চক বাৰ্নি মেডফক উদঙাই দিছিল।

২০১৭ চনত নাথানে হিণ্ডেনবাৰ্গ ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। ই এটা ফৰেনছিক বিত্তীয় গৱেষণা প্ৰতিষ্ঠান। যিয়ে বিভিন্ন কোম্পানীৰ ‘ইকুইটি’, ‘ক্ৰেডিট’ আৰু ‘ডেৰাইভেটিভ’ বিশ্লেষণ কৰে।

হিণ্ডেনবাৰ্গৰ ৱেবছাইটত কোৱা হৈছে যে অৰ্থনীতিত ‘মানৱসৃষ্ট দুৰ্যোগ’ ৰোধ কৰিবলৈ বিভিন্ন সংস্থাৰ বিত্তীয় দুৰ্নীতি, অনিয়ম, অপব্যৱস্থাপনা আৰু অপ্ৰকাশিত লেনদেন নিৰীক্ষণ কৰে।

হিণ্ডেনবাৰ্গ সংস্থাটোৱে নিজৰ খৰচ নিজেই বহন কৰে। সংগঠনটোৱে দাবী কৰে যে তেওঁলোকে কাৰো পৰা কোনো ধৰণৰ ধন লোৱা নাই।

১৯৩৭ চনৰ ৬ মে’ত জাৰ্মান বিমান ‘হিণ্ডেনবাৰ্গ এয়াৰশ্বিপ’ নিউ জাৰ্চিলৈ যোৱাৰ পথত আকাশৰ মাজতে জুই লাগিছিল। মাটিত খুন্দা মৰাৰ ফলত ৩৬ জন যাত্ৰী আৰু ক্ৰুৰ মৃত্যু হয়। নাথানে সেই বিমানখনৰ নামেৰে কোম্পানীটোৰ নাম ৰাখিছিল।

এটা কোম্পানীত সম্ভাৱ্য বিত্তীয় কেলেংকাৰী বিচাৰি পোৱাৰ পিছত তেওঁলোকে ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চ ৰিপ’ৰ্ট’ নামৰ প্ৰতিবেদন প্ৰকাশ কৰে। আদানীৰ ক্ষেত্ৰতো একেই কথা। প্ৰতিবেদন ওলোৱাৰ লগে লগে সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হয়।

আদানীৰ আগতেও বহু সৰু সৰু কোম্পানী নাথান আৰু তেওঁৰ কোম্পানীৰ নজৰত পৰিছিল। ইয়াৰে আটাইতকৈ বিখ্যাত হৈছে নিকোলা গ্ৰুপৰ কেলেংকাৰী।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত নাথানে ইলেক্ট্ৰিক ট্ৰাক নিৰ্মাতা কোম্পানী নিকোলা কৰ্পৰেশ্যনৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰ অভিযোগ দাখিল কৰিছিল।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নিকোলাই বিনিয়োগকাৰীক প্ৰযুক্তিগত বিকাশৰ বিষয়ে মিছা কথা কৈছিল।

সেই সময়ত ‘নিকোলা’ই ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী কোম্পানী ‘টেছলা’ৰ সৈতে স্বয়ংক্ৰিয় আৰু উন্নত প্ৰযুক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিছিল। বজাৰত গুজৱৰ সৃষ্টি হৈছিল যে প্ৰযুক্তিৰ ক্ষেত্ৰত ‘নিকোলা’ই ‘টেছলা’ক সহজেই পৰাস্ত কৰিব।

‘নিকোলা’ই সামাজিক মাধ্যমত কিছু ভিডিঅ’ পোষ্ট কৰিছিল। তাত তেওঁলোকে নিৰ্মাণ কৰা গাড়ী দেখুওৱা হয়। ভিডিঅ’টো দেখি মানুহে অনুমান কৰিছিল টেছলাক অতি সহজে নিকোলাই পৰাস্ত কৰিব।

কিন্তু হিণ্ডেনবাৰ্গে আৱিষ্কাৰ কৰিলে যে ভিডিঅ’বোৰ ইচ্ছাকৃতভাৱে সৃষ্টি কৰা আৰু ভুৱা। হিণ্ডেনবাৰ্গ ৰিপ’ৰ্ট প্ৰকাশ পোৱাৰ পিছত নিকোলাৰ প্ৰতিষ্ঠাপক ট্ৰেভৰ মিল্টনৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। ট্ৰেভৰক যোৱা বছৰ বিনিয়োগকাৰীৰ আগত মিছা কথা কোৱা আৰু প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। শাস্তি হিচাপে তেওঁ বিনিয়োগকাৰীক কোটি কোটি টকা ঘূৰাই দিব লাগিব। নিকোলাৰ বজাৰ মূল্যও ৩৪ বিলিয়ন ডলাৰৰ পৰা ১৩৪ মিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

বিভিন্ন বাতৰি অনুসৰি, ২০১৭ চনৰ পৰা হিণ্ডেনবাৰ্গে এতিয়ালৈকে কমেও ১৬টা কোম্পানীৰ বিত্তীয় হেতালি খেলাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াৰ নতুন সংযোজন হৈছে আদানী গোট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ