--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱা বিধানসভা নির্বাচনৰ বাবে তৎপৰ হৈছে অৰবিন্দ কেজৰিৱাল। গোৱাৰ ৰাইজৰ বাবে ১৩টা গেৰাণ্টীৰে শক্তিশালী ৰূপত ঠিয় হৈছে আম আদমী পাৰ্টী। আম আদমী পাৰ্টীয়ে দেওবাৰে গোৱাৰ বাসিন্দাসকলৰ বাবে ১৩টা গেৰাণ্টী ৰখাৰ প্ৰতিশ্ৰুতি দিলে। য’ত নিযুক্তি, খনি, শিক্ষা, বাণিজ্য আৰু স্বাস্থ্যসেৱা খণ্ডৰ বাবে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া পৰিলক্ষিত হয়। এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে যদি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ দলে সকলোকে নিযুক্তি প্ৰদান কৰিব। সকলোক মাহে তিনি হাজাৰ কৈ টকা ভাট্ৰা দিয়াৰ কথা ঘোষণা কৰে। লগতে কয় আমাৰ উদ্দেশ্য পৰিষ্কাৰ আমি গোৱাত চৰকাৰ গঠন কৰাৰ ছয় মাহৰ ভিতৰত খনন পুনৰ আৰম্ভ কৰিম,এইটো আমাৰ দ্বিতীয় গেৰাণ্টী। উপকূলীয় ৰাজ্য গোৱাত ২০১৮ চনৰ পৰা খনন কাৰ্য-কলাপ স্থগিত ৰখা হৈছে। বিগত বছৰৰ ডিচেম্বৰত, শাসকীয় দলে লৌহ আকৰিক ডাম্প ৰপ্তানি কৰাৰ বাবে এক নতুন নীতি অনুমোদন জনাইছিল আৰু কৈছিল যে এই সিদ্ধান্তই খনন পুনৰ আৰম্ভ কৰাত সহায় কৰিব। তৃতীয় গেৰাণ্টী হিচাপে, কেজৰিৱালে কয় যে শাসনলৈ অহাৰ ছয় মাহৰ ভিতৰত, আপ চৰকাৰে তেওঁলোকক ভূমিঅধিকাৰ প্ৰদান কৰিব যিসকলে দশকজুৰি সেইটো লাভ কৰা নাই। চতুৰ্থ গেৰাণ্টীটো হৈছে গোৱাত শিক্ষা ব্যৱস্থা ঠিক কৰাৰ বিষয়। যাতে শিশুসকলে বিনামূলীয়াকৈ মানৰ শিক্ষা বহন কৰিব পাৰে। ‘নতুন দিল্লীৰ দৰে, আমি গোৱাৰ প্ৰতিটো ৱাৰ্ড আৰু গাঁৱত মহল্লা ক্লিনিক খুলিম। ষষ্ঠ গেৰাণ্টী হৈছে পৰ্যটনত বিকাশ আৰু ৰাজ্যত এক দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰা। সপ্তম গেৰাণ্টী চাপে, কেজৰিৱালে কয় যে, ১৮ বছৰৰ অধিক বয়সৰ গোৱাৰ সকলো মহিলাই মাহিলী এহাজাৰ টকা ভাট্টা লাভ কৰিব। অষ্টম প্ৰতিশ্ৰুতি হিচাপে, তেওঁ কয় যে আপে ‘বাণিজ্য ৰাজ’ আৰু ‘পৰিদৰ্শক ৰাজ’ বন্ধ কৰিব আৰু সমগ্ৰ বাণিজ্য খণ্ডটো সুশৃংখল কৰা হ’ব। 'আমি গোৱাত পৰ্যটন খণ্ডক উৎসাহিত কৰিম যাতে মানুহে চাকৰি পায়,' দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আমআদমী পাৰ্টীৰ ১১ তম গেৰাণ্টি হৈছে মানুহক বিনামূলীয়া আৰু ২৪ঘন্টাই বিদ্যুৎ প্ৰদান কৰাৰ ব্যৱস্থা কৰা। বৰ্তমানৰ গোৱা চৰকাৰে যোগানধৰা পানী ব্যৱস্থাক উপহাস কৰি কেজৰিৱাল কয় যে তেওঁৰ দলে গোটেই বছৰধৰি সকলোৰে বাবে বিনামূলীয়া পানী যোগানৰ ওপৰত চোকানজৰ ৰাখিব। ত্ৰয়াদশ গেৰাণ্টী হৈছে যে আপে সমগ্ৰ ৰাজ্যতে ৰাস্তা ঠিক কৰিব। আপে লগতে কয় আমি অতীত সংৰক্ষণ কৰি ভৱিষ্যতৰ গোৱা বনাব বিচাৰো ৰাইজে কেৱল আমাক যোগ্য প্ৰত্যুত্তৰ দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু