--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱা বিধানসভা নির্বাচনৰ বাবে তৎপৰ হৈছে অৰবিন্দ কেজৰিৱাল। গোৱাৰ ৰাইজৰ বাবে ১৩টা গেৰাণ্টীৰে শক্তিশালী ৰূপত ঠিয় হৈছে আম আদমী পাৰ্টী। আম আদমী পাৰ্টীয়ে দেওবাৰে গোৱাৰ বাসিন্দাসকলৰ বাবে ১৩টা গেৰাণ্টী ৰখাৰ প্ৰতিশ্ৰুতি দিলে। য’ত নিযুক্তি, খনি, শিক্ষা, বাণিজ্য আৰু স্বাস্থ্যসেৱা খণ্ডৰ বাবে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া পৰিলক্ষিত হয়। এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে যদি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ দলে সকলোকে নিযুক্তি প্ৰদান কৰিব। সকলোক মাহে তিনি হাজাৰ কৈ টকা ভাট্ৰা দিয়াৰ কথা ঘোষণা কৰে। লগতে কয় আমাৰ উদ্দেশ্য পৰিষ্কাৰ আমি গোৱাত চৰকাৰ গঠন কৰাৰ ছয় মাহৰ ভিতৰত খনন পুনৰ আৰম্ভ কৰিম,এইটো আমাৰ দ্বিতীয় গেৰাণ্টী। উপকূলীয় ৰাজ্য গোৱাত ২০১৮ চনৰ পৰা খনন কাৰ্য-কলাপ স্থগিত ৰখা হৈছে। বিগত বছৰৰ ডিচেম্বৰত, শাসকীয় দলে লৌহ আকৰিক ডাম্প ৰপ্তানি কৰাৰ বাবে এক নতুন নীতি অনুমোদন জনাইছিল আৰু কৈছিল যে এই সিদ্ধান্তই খনন পুনৰ আৰম্ভ কৰাত সহায় কৰিব। তৃতীয় গেৰাণ্টী হিচাপে, কেজৰিৱালে কয় যে শাসনলৈ অহাৰ ছয় মাহৰ ভিতৰত, আপ চৰকাৰে তেওঁলোকক ভূমিঅধিকাৰ প্ৰদান কৰিব যিসকলে দশকজুৰি সেইটো লাভ কৰা নাই। চতুৰ্থ গেৰাণ্টীটো হৈছে গোৱাত শিক্ষা ব্যৱস্থা ঠিক কৰাৰ বিষয়। যাতে শিশুসকলে বিনামূলীয়াকৈ মানৰ শিক্ষা বহন কৰিব পাৰে। ‘নতুন দিল্লীৰ দৰে, আমি গোৱাৰ প্ৰতিটো ৱাৰ্ড আৰু গাঁৱত মহল্লা ক্লিনিক খুলিম। ষষ্ঠ গেৰাণ্টী হৈছে পৰ্যটনত বিকাশ আৰু ৰাজ্যত এক দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰা। সপ্তম গেৰাণ্টী চাপে, কেজৰিৱালে কয় যে, ১৮ বছৰৰ অধিক বয়সৰ গোৱাৰ সকলো মহিলাই মাহিলী এহাজাৰ টকা ভাট্টা লাভ কৰিব। অষ্টম প্ৰতিশ্ৰুতি হিচাপে, তেওঁ কয় যে আপে ‘বাণিজ্য ৰাজ’ আৰু ‘পৰিদৰ্শক ৰাজ’ বন্ধ কৰিব আৰু সমগ্ৰ বাণিজ্য খণ্ডটো সুশৃংখল কৰা হ’ব। 'আমি গোৱাত পৰ্যটন খণ্ডক উৎসাহিত কৰিম যাতে মানুহে চাকৰি পায়,' দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আমআদমী পাৰ্টীৰ ১১ তম গেৰাণ্টি হৈছে মানুহক বিনামূলীয়া আৰু ২৪ঘন্টাই বিদ্যুৎ প্ৰদান কৰাৰ ব্যৱস্থা কৰা। বৰ্তমানৰ গোৱা চৰকাৰে যোগানধৰা পানী ব্যৱস্থাক উপহাস কৰি কেজৰিৱাল কয় যে তেওঁৰ দলে গোটেই বছৰধৰি সকলোৰে বাবে বিনামূলীয়া পানী যোগানৰ ওপৰত চোকানজৰ ৰাখিব। ত্ৰয়াদশ গেৰাণ্টী হৈছে যে আপে সমগ্ৰ ৰাজ্যতে ৰাস্তা ঠিক কৰিব। আপে লগতে কয় আমি অতীত সংৰক্ষণ কৰি ভৱিষ্যতৰ গোৱা বনাব বিচাৰো ৰাইজে কেৱল আমাক যোগ্য প্ৰত্যুত্তৰ দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ