--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰৰ যুঁজ। তাৰ মাজতে পঞ্জাব কংগ্ৰেছত মতবিৰোধ সৃষ্টি হোৱা দেখা গৈছে কিয়নো শনিবাৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত নাম বাদ পৰিছিল মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ ভাতৃৰ। সেয়েহে মুখ্যমন্ত্রীৰ ভাতৃ মনোহৰ সিঙে এতিয়া বাচীপাঠনা (এছচি) সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। ৮৬ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত কংগ্ৰেছে শনিবাৰে বাচীপাঠনা সমষ্টিৰ পৰা দলৰ বিধায়ক গুৰুপ্ৰীত সিং জিপি'ক টিকট প্ৰদান কৰে। মনোহৰ সিঙে গুৰপ্ৰীত সিং জিপি'ক টিকট দিয়া বাবে কংগ্ৰেছৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে। সমষ্টিটোৰ জনসাধাৰণৰ সৈতে এক অন্যায় কৰা বুলিও অভিহিত কৰে আৰু অভিযোগ কৰে যে বৰ্তমানৰ বিধায়কজন অক্ষম আৰু কাৰ্যকৰী নহয়। বাচী পাঠনা অঞ্চলৰ কেইবাজনো বিশিষ্ট লোকে মনোহৰ সিঙক স্বতন্ত্ৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান কৰিছে আৰু তেওঁলোকে যি কৈছে মনোহৰে অৰ্থাৎ মুখ্যমন্ত্রীৰ ভাতৃয়ে সেই অনুসৰি কাম কৰিব বুলি হুংকাৰ দিয়ে। সেই সিদ্ধান্তৰ পৰা তেওঁ উভতি যোৱাৰ কোনো সম্ভাৱনা নাই বুলিও স্পষ্ট কৰে। ইয়াকে লৈ গভীৰ চিন্তাত মনোহৰৰ ভাতৃ তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নী। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ‘এক পৰিয়াল-এক টিকট’ সূত্ৰসন্দৰ্ভত চান্নীয়ে কয় যে দলটোৱে ফিল্লৌৰ আসনৰ পৰা জলন্ধৰৰ সাংসদ সন্তোখ সিং চৌধুৰীৰ পুত্ৰ বিক্ৰমজিৎ সিং চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে। একেদৰে, ফতেহগড় চাহিবৰ সাংসদ অমৰ সিঙৰ পুত্ৰ কামিল অমৰ সিঙক ৰায়কোট আসনৰ পৰা টিকট দিয়া হৈছে, তেওঁ কয়। এই সন্দৰ্ভত মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীয়ে কয় যে কংগ্রেছত এয়া কেৱল অভিনৱ সংযোজন। ‘এক পৰিয়াল-এক টিকট’ এই নীতিতে এতিয়া কংগ্রেছ দলে নতুন ৰূপত চলিব। কিন্তু মুখ্যমন্ত্রীৰ এই মন্তব্যক আগুৰি ধৰিলে পঞ্জাব বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু