--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰৰ যুঁজ। তাৰ মাজতে পঞ্জাব কংগ্ৰেছত মতবিৰোধ সৃষ্টি হোৱা দেখা গৈছে কিয়নো শনিবাৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত নাম বাদ পৰিছিল মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ ভাতৃৰ। সেয়েহে মুখ্যমন্ত্রীৰ ভাতৃ মনোহৰ সিঙে এতিয়া বাচীপাঠনা (এছচি) সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। ৮৬ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত কংগ্ৰেছে শনিবাৰে বাচীপাঠনা সমষ্টিৰ পৰা দলৰ বিধায়ক গুৰুপ্ৰীত সিং জিপি'ক টিকট প্ৰদান কৰে। মনোহৰ সিঙে গুৰপ্ৰীত সিং জিপি'ক টিকট দিয়া বাবে কংগ্ৰেছৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে। সমষ্টিটোৰ জনসাধাৰণৰ সৈতে এক অন্যায় কৰা বুলিও অভিহিত কৰে আৰু অভিযোগ কৰে যে বৰ্তমানৰ বিধায়কজন অক্ষম আৰু কাৰ্যকৰী নহয়। বাচী পাঠনা অঞ্চলৰ কেইবাজনো বিশিষ্ট লোকে মনোহৰ সিঙক স্বতন্ত্ৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান কৰিছে আৰু তেওঁলোকে যি কৈছে মনোহৰে অৰ্থাৎ মুখ্যমন্ত্রীৰ ভাতৃয়ে সেই অনুসৰি কাম কৰিব বুলি হুংকাৰ দিয়ে। সেই সিদ্ধান্তৰ পৰা তেওঁ উভতি যোৱাৰ কোনো সম্ভাৱনা নাই বুলিও স্পষ্ট কৰে। ইয়াকে লৈ গভীৰ চিন্তাত মনোহৰৰ ভাতৃ তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নী। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ‘এক পৰিয়াল-এক টিকট’ সূত্ৰসন্দৰ্ভত চান্নীয়ে কয় যে দলটোৱে ফিল্লৌৰ আসনৰ পৰা জলন্ধৰৰ সাংসদ সন্তোখ সিং চৌধুৰীৰ পুত্ৰ বিক্ৰমজিৎ সিং চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে। একেদৰে, ফতেহগড় চাহিবৰ সাংসদ অমৰ সিঙৰ পুত্ৰ কামিল অমৰ সিঙক ৰায়কোট আসনৰ পৰা টিকট দিয়া হৈছে, তেওঁ কয়। এই সন্দৰ্ভত মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীয়ে কয় যে কংগ্রেছত এয়া কেৱল অভিনৱ সংযোজন। ‘এক পৰিয়াল-এক টিকট’ এই নীতিতে এতিয়া কংগ্রেছ দলে নতুন ৰূপত চলিব। কিন্তু মুখ্যমন্ত্রীৰ এই মন্তব্যক আগুৰি ধৰিলে পঞ্জাব বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ