--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই সক্ৰিয় ৰূপত দেখা গৈছিল ড° হিমন্ত বিশ্ব শৰ্মাক৷ কেইবাটাও অভিযানত সমুখৰ পৰা নেতৃত্ব দিছিল মুখ্যমন্ত্ৰীয়ে৷ পূৰ্বৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজে জড়িত নোহোৱা কিছুমান বিষয়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীক দেখা গৈছিল সৰব আৰু সক্ৰিয় ৰূপত৷ মুখ্যমন্ত্ৰীৰ সক্ৰিয়তাই জনসাধাৰণক আশাবাদী কৰি তুলিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেনে এটি পদক্ষেপ আছিল অসমৰ মাটিৰ দালাল বিৰোধী অভিযান৷ যোৱা বছৰৰ ২১ ছেপ্তেম্বৰৰ পৰা চলা মাটিৰ দালালবিৰোধী অভিযানত জালত পৰিছিল ৪১০ গৰাকী মাটিৰ দালাল৷ ৰাজ্যজুৰি গ্ৰেপ্তাৰ হৈছিল ইজনৰ পিছত সিজন মাটিৰ দালাল৷ মাটিৰ দালালবিৰোধী অভিযানৰ পাছত সৰ্বত্ৰ প্ৰশংসিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী৷ কিয়নো, এইসকল মাটিৰ দালালে দীৰ্ঘদিন ধৰি প্ৰবঞ্চিত কৰি আহিছিল খিলঞ্জীয়া অসমীয়া পৰিয়ালসমূহক৷ বহু পৰিয়ালে দিকবিদিক হেৰুৱাই মাটিৰ দালালৰ আশ্ৰয় লৈ হ’লেও মাটিৰ কাম-কাজ তথা সমস্যাৰ সমাধান কৰিছিল৷ প্ৰবঞ্চিত হৈছিল বহু অসমীয়া পৰিয়াল৷ সমগ্ৰ অসমত অসমীয়া মানুহৰ হাজাৰ হাজাৰ বিঘা ভূমি নিৰ্বিঘ্নে ক্ৰয় কৰিছিল মাটিৰ দালালৰ বৃহৎ চক্ৰটোৱে৷ ক্ৰমশ: সংকুচিত হৈ আহিছে খিলঞ্জীয়াৰ সাতামপুৰুষীয়া মাটি-ভেটি৷ অসমীয়াৰ ভূ্মি এতিয়া বহিৰাগত পুঁজিপতি বণিয়াৰ দখলত৷ গাঁৱে-ভূঞে, চহৰে-নগৰে কৃষিভূমি, পথৰুৱা মাটি ক্ৰয় কৰিছে পুঁজিপতি বণিয়াই৷ যাৰ বাবে মাটি হেৰুওৱা জাতিত পৰিণত হ’বলৈ গৈ আছে অসমীয়া৷ সেয়ে, মুখ্যমন্ত্ৰীৰ দালালবিৰোধী অভিযানক প্ৰশংসা কৰিছিল অসমবাসীয়ে৷ কিন্তু, অসমবাসীৰ আশা স্থায়ী নহ’ল৷ গ্ৰেপ্তাৰৰ কিছুদিন পাছতেই জামিনত মুকলি হৈ গ’ল গ্ৰেপ্তাৰ হোৱা দালালসকল৷ কিয়নো, তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ আৰু, জামিনত মুকলি হোৱাৰ পাছত এতিয়া পুনৰ দুগুণ উৎসাহেৰে মাটিৰ দালালসকল পুনৰ একে কাৰ্যত নামি পৰিছে৷ যেন স্বীকৃতিপ্ৰাপ্তহে হৈ পৰিল তেওঁলোক৷ মাটিৰ দালালৰ পুৰাণ এতিয়া পুৰণি হ’ল৷ মাজতে মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ো দালালমুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অথচ, আজিপৰ্যন্ত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত দালালবিৰোধী অভিযানৰ তীব্ৰতা দেখা নগ’ল৷ তাৰ পাছত আজি দেখা গৈছে ৰাজ্যজুৰি আৰক্ষী থানাৰ দালালৰ বিৰুদ্ধে অভিযান চলিছে৷ সমগ্ৰ অসমত আজি ২১০গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁলোকে আৰক্ষী থানালৈ অহা সাধাৰণ ৰাইজক দীৰ্ঘদিনে প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে৷ এতিয়া প্ৰশ্ন হৈছে, মাটিৰ দালালৰ দৰে এইসকল দালালো সাৰি যাব নেকি? নে, আজিৰ দালালবিৰোধী অভিযানো হৈ পৰিব চমক! কিয়নো, অসমৰ ৰাইজে তেওঁলোকৰ জীৱনপ্ৰণালী আৰু জাতীয় জীৱনৰে সম্পৰ্কিত বিষয়বোৰৰ ক্ষেত্ৰতহে মুখ্যমন্ত্ৰীৰ পৰা কাৰ্যকৰী ভূমিকা আৰু ব্যৱস্থা আশা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ