--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬০ চনৰ ২ ডিচেম্বৰত জন্মগ্ৰহণ কৰা অভিনেত্ৰী  বিজয়লক্ষ্মী।  যাক  ছিল্ক স্মিথা নামেৰে জনা যায়। বিজয়লক্ষ্মী  আছিল  তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগৰ এটা জনপ্ৰিয়  নাম। 

ছিল্ক স্মিথাই  মালায়ালম, কানাড়া আৰু হিন্দী চলচ্চিত্ৰতো কাম কৰিছিল। ছিল্ক স্মিথাই এগৰাকী সহঃ অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে ১৯৭৯ চনত তামিল চলচ্চিত্ৰ বান্দিচাক্কাৰামত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।  তেওঁ ছবি জগতত ১৭  বছৰ কাম কৰিছিল আৰু ১০৯৬  চনৰ ২৩  ছেপ্টেম্বৰত মাত্ৰ  ৩৫  বছৰ বয়সতে  মৃত্যুক সাৱটি লৈছিল। মৃত্যুৰ আগলৈকে তেওঁ বিভিন্ন ভাষাৰ ৪৫০  খনতকৈও অধিক ছবিত  অভিনয় কৰিছিল।

ছিল্ক স্মিথাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেইবাবেই তেওঁ শৈশৱতে পঢ়া শুনা এৰিবলগীয়া  হৈছিল।  ছিল্ক স্মিথাই মাত্ৰ ১৪  বছৰ বয়সতে  বিবাহপাশত আৱদ্ধ হৈছিল আৰু  ঘৰুৱা হিংসাৰো সন্মুখীন হৈছিল। তেওঁৰ স্বামী আৰু শহুৰেকৰেকে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।শেষত তেওঁ স্বামীৰ গৃহৰ  পৰা পলাই গৈ  এগৰাকী মেক-আপ শিল্পী বন্ধৱীৰ ঘৰত আশ্ৰয় লৈছিল। 

ছিল্ক স্মিথাই তেওঁৰ  বান্ধৱীৰ  সৈতে চিনেমাৰ শ্বুটিঙৰ  ছেটলৈ যোৱা  আৰম্ভ কৰিছিল আৰু মেক-আপৰ কলা শিকিছিল। কেইমাহমানৰ পিছত তেওঁ মেকআপ শিল্পী হিচাপে কাম কৰা আৰম্ভ কৰিছিল। চলচ্চিত্ৰ পৰিচালক এন্থনী ইষ্টমেনে তেওঁক  চলচ্চিত্ৰত কাম কৰাৰ সুবিধা দিছিল আৰু সেই কথাই  তেওঁৰ  জীৱন চিৰদিনৰ বাবে সলনি কৰি দিছিল। পিছত, তামিল পৰিচালক বিনু চক্ৰৱৰ্তীয়ে ছিল্ক স্মিথাক এটা ডাঙৰ সিযোগ দিছিল।   তামিল, মালায়ালম, তেলেগু আৰু হিন্দীকে ধৰি সকলো ভাষাৰ চলচ্চিত্ৰত তেওঁ কাম কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা