--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬০ চনৰ ২ ডিচেম্বৰত জন্মগ্ৰহণ কৰা অভিনেত্ৰী  বিজয়লক্ষ্মী।  যাক  ছিল্ক স্মিথা নামেৰে জনা যায়। বিজয়লক্ষ্মী  আছিল  তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগৰ এটা জনপ্ৰিয়  নাম। 

ছিল্ক স্মিথাই  মালায়ালম, কানাড়া আৰু হিন্দী চলচ্চিত্ৰতো কাম কৰিছিল। ছিল্ক স্মিথাই এগৰাকী সহঃ অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে ১৯৭৯ চনত তামিল চলচ্চিত্ৰ বান্দিচাক্কাৰামত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।  তেওঁ ছবি জগতত ১৭  বছৰ কাম কৰিছিল আৰু ১০৯৬  চনৰ ২৩  ছেপ্টেম্বৰত মাত্ৰ  ৩৫  বছৰ বয়সতে  মৃত্যুক সাৱটি লৈছিল। মৃত্যুৰ আগলৈকে তেওঁ বিভিন্ন ভাষাৰ ৪৫০  খনতকৈও অধিক ছবিত  অভিনয় কৰিছিল।

ছিল্ক স্মিথাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেইবাবেই তেওঁ শৈশৱতে পঢ়া শুনা এৰিবলগীয়া  হৈছিল।  ছিল্ক স্মিথাই মাত্ৰ ১৪  বছৰ বয়সতে  বিবাহপাশত আৱদ্ধ হৈছিল আৰু  ঘৰুৱা হিংসাৰো সন্মুখীন হৈছিল। তেওঁৰ স্বামী আৰু শহুৰেকৰেকে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।শেষত তেওঁ স্বামীৰ গৃহৰ  পৰা পলাই গৈ  এগৰাকী মেক-আপ শিল্পী বন্ধৱীৰ ঘৰত আশ্ৰয় লৈছিল। 

ছিল্ক স্মিথাই তেওঁৰ  বান্ধৱীৰ  সৈতে চিনেমাৰ শ্বুটিঙৰ  ছেটলৈ যোৱা  আৰম্ভ কৰিছিল আৰু মেক-আপৰ কলা শিকিছিল। কেইমাহমানৰ পিছত তেওঁ মেকআপ শিল্পী হিচাপে কাম কৰা আৰম্ভ কৰিছিল। চলচ্চিত্ৰ পৰিচালক এন্থনী ইষ্টমেনে তেওঁক  চলচ্চিত্ৰত কাম কৰাৰ সুবিধা দিছিল আৰু সেই কথাই  তেওঁৰ  জীৱন চিৰদিনৰ বাবে সলনি কৰি দিছিল। পিছত, তামিল পৰিচালক বিনু চক্ৰৱৰ্তীয়ে ছিল্ক স্মিথাক এটা ডাঙৰ সিযোগ দিছিল।   তামিল, মালায়ালম, তেলেগু আৰু হিন্দীকে ধৰি সকলো ভাষাৰ চলচ্চিত্ৰত তেওঁ কাম কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ