--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাছিয়াৰ সুদূৰ পূব আৰু আৰ্কটিক উন্নয়ন মন্ত্ৰী এ অ' চেকুনক'ভক কামচাটকাৰ পেভিলিয়নত সাক্ষাৎ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা কৰে, যাৰ ভিতৰত আছে উত্তৰ সাগৰীয় পথ আৰু ভ্লাদিভষ্টক তথা চেন্নাইৰ মাজত পূব সামুদ্ৰিক কৰিড'ৰৰ দৰে নতুন পৰিবহণ কৰিড'ৰৰ ব্যৱহাৰৰ সুযোগ-সম্ভাৱনা উন্মুক্ত কৰা ইত্যাদি।

আজিৰ বৈঠকত ভাৰত আৰু ৰাছিয়াই সিদ্ধান্ত গ্ৰহণ কৰে যে- ভ্লাদিভষ্টকত ছিমুলেটৰ প্ৰশিক্ষণ সুবিধাৰে সজ্জিত, জিআই এডমিৰেল নেভেলস্কিৰ নামেৰে নামকৰণ কৰা ৰাছিয়াৰ সামুদ্ৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডিজি শ্বিপিঙৰ দ্বাৰা চিনাক্ত হ'বলগীয়া ভাৰতীয় নাবিকসকলৰ প্ৰশিক্ষণ (পোলাৰ আৰু আৰ্কটিক পানীত)ৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 

অনুষ্ঠানত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ৰাছিয়া আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ঐতিহাসিকভাৱে মজবুত আৰু কটকটীয়া। এই সম্পৰ্কত পাৰস্পৰিক সন্মান, সদ্ভাৱনা আছে। আমি এই শক্তিশালী সম্পৰ্ক বজাই ৰাখিবলৈ আৰু বিভিন্ন ক্ষেত্ৰত অংশীদাৰী তথা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সহযোগিতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। পূব সামুদ্ৰিক কৰিড'ৰৰ সম্পূৰ্ণ কাৰ্যকৰীকৰণৰ প্ৰয়োজনীয়তা বুজিবলৈ ভাৰতীয় দলে ইতিমধ্যে ভ্লাদিভষ্টক, ভষ্টোচনি, নাখোদকা আৰু কোজমিনো বন্দৰ পৰিদৰ্শন কৰিছে। চেন্নাইত আমাৰ প্ৰস্তাৱিত কৰ্মশালাত পূব সামুদ্ৰিক কৰিড'ৰ অৰ্থাৎ ভ্লাদিভষ্টক-চেন্নাই বন্দৰ কৰিড'ৰৰ কাৰ্যকৰীকৰণৰ বিষয়ে আলোচনা কৰা হ'ব আৰু আমি এই দিশত কোকিং কয়লা, তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ দৰে সাম্ভাব্য সামগ্ৰীৰ ব্যৱসায় আৰু পৰিবহণৰ সৈতে জড়িত প্ৰাসংগিক অংশীদাৰসকলক অন্তৰ্ভুক্ত কৰাৰ কল্পনা কৰিছোঁ। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমি ৰাছিয়াক আগন্তুক আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক ভাৰত সন্মিলন, ২০২৩ত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।"

বৈঠকত ভাষণ প্ৰদান কৰি ৰাছিয়ান ফেডাৰেচনৰ ফাৰ ইষ্ট আৰু আৰ্কটিক উন্নয়নৰ মন্ত্ৰী এ অ' চেকুনক'ভে কয়, "আমি ভাৰতৰ সৈতে সামুদ্ৰিক যোগাযোগৰ বিকাশৰ লগতে উত্তৰ সাগৰীয় পথ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছোঁ। এই গতিশীলতা হৈছে আমাৰ অংশীদাৰিত্ব আৰু যুগ যুগৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ আধাৰ। ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধি হৈছে আমাৰ মন্ত্ৰালয়ৰ অন্যতম অগ্ৰাধিকাৰ, আমি পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে ভাৰতীয় অংশীদাৰসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব বিচাৰোঁ।"

পূব অৰ্থনৈতিক কৰিড'ৰ (ইএমচি) অৰ্থাৎ চেন্নাই-ভ্লাদিভষ্টক বন্দৰ সামুদ্ৰিক ক'ৰিডৰৰ কাৰ্যকৰীকৰণে ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ এক নতুন যুগৰ সূচনা কৰিব। সম্প্ৰতি ৰাছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰি গুৰুত্বপূৰ্ণ ভ্ৰমণত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাছিয়াৰ ফাৰ ইষ্ট অঞ্চলত অৱস্থিত ভ্লাদিভষ্টক ব্যৱসায়িক বন্দৰটো পৰিদৰ্শন কৰি বিভিন্ন কাৰ্যপ্ৰণালীৰ বুজ লয় আৰু সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা