--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিকাৰ শেষ নাই, যদিহে ভবা হয় পৃথিৱীখনেই পঢ়াশালি৷ মনৰ দৃঢ়তা আৰু অংগীকাৰৰ ওচৰত হাৰ মানে বয়সে৷ এইখন দেশতে এগৰাকী ৫৫বছৰীয়া লোকে দেখুৱালে দৃষ্টান্ত৷ ৫৫বছৰ বয়সত তেওঁ অৰ্জন কৰিলে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী৷ 

সাধাৰণতে অৱসৰ লোৱাৰ পৰিকল্পনা কৰা বয়সত উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাৰ শিৱগড় চহৰৰ চৌৰাহাৰ বাসিন্দা ৰাম স্বৰূপে আৰম্ভণি কৰিছে নৱজীৱনৰ৷ ৫৫ বছৰ বয়সতো এই ব্যক্তিগৰাকীৰ উৎসাহ এজন ২২বছৰীয়া তৰুণতকৈ কম নহয়।
ৰামস্বৰূপে যুৱ প্ৰজন্ম আৰু তেওঁৰ সমবয়সৰ লোকসকলৰ বাবে এক উদাহৰণ প্ৰতিষ্ঠা কৰিছে, যিসকলে এসময়ত সপোন দেখিছিল কিন্তু সামাজিক চাপ, পাৰিবাৰিক দায়িত্ব আৰু অন্যান্য পৰিস্থিতিৰ বাবে সেই ত্যাগ কৰিবলৈ বাধ্য লৈছিল। সৰুৰে পৰা এই লোকজনে চিকিৎসক হ’বলৈ বিচাৰিছিল। অৱশ্যে, বিত্তীয় স্থিৰতাৰ অভাৱ আৰু আনুষংগিক কিছু কাৰণত তেওঁক দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পাছত শিক্ষা সমাপ্ত কৰিবলৈ বাধ্য হৈছিল।

অৱশ্যে, তেওঁ হাৰ মনা নাছিল। তেওঁ ধৈৰ্যসহকাৰে সুযোগ আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিল। ইয়াৰ মাজতে তেওঁ নিজৰ বাবে যি বিচাৰে তাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ লগতে পৰিয়ালৰ সেৱা অব্যাহত ৰাখিছিল। ২০২১-২২ বৰ্ষত আগবাঢ়ি গৈ তেওঁ ডি ফাৰ্মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷ যদিও তেওঁ এম.বি.বি.এছ. সম্পূৰ্ণ কৰিব নোৱাৰিলে তথাপি তেওঁ ফাৰ্মাচিষ্ট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল, যিটো তেওঁৰ সপোনৰ সমকক্ষ৷

এই সন্দৰ্ভত বক্তব্য ৰাখি ৰামস্বৰূপে এক সাক্ষাৎকাৰত কয়, মই চিকিৎসক হ'ব নোৱাৰিলোঁ কিন্তু ফাৰ্মাচিষ্টৰ ডিগ্ৰীত মই সন্তুষ্ট। ইয়াৰ কাৰণ হৈছে কমেও, মই স্বাস্থ্য বিভাগৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছোঁ। মই গৌৰৱান্বিত।
৫৫ বছৰ বয়সত ডিগ্ৰী লাভ কৰাৰ বিষয়ে সোধাত ৰামস্বৰূপে লগতে কয়, অধ্যয়নৰ কোনো বয়স নাই। যদি আপোনাৰ কিবা কৰাৰ আগ্ৰহ আছে তেন্তে আপুনি নিশ্চিতভাৱে ইয়াক সম্পূৰ্ণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ