--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ গজৰ যুঁজত হাতত বেট লৈ থিয় হৈ আছে কোহলী। হেলাৰঙে বিপক্ষৰ বলিং আক্ৰমণক তচনচ কৰি বাউণ্ডেৰীৰ বাহিৰলৈ ঠেলি পঠিয়াইছে বল। কমেন্ট বক্সত খেলৰ বিৱৰণী দাঙি ধৰা ধাৰাভাষ্যকাৰৰ উচ্ছাস ভৰা কণ্ঠ, “বিৰাট, দ্য আনষ্টপেব'ল ৰান মেচিন….!” যোৱাটো দশকত বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এয়া এক চিনাকি দৃশ্য। শচীন তেণ্ডুলকাৰৰ পিছত ভাৰতীয় বেটিং লাইন আপৰ মূল কাণ্ডাৰী বিৰাট কোহলী! মহেন্দ্ৰ সিং ধোনীৰ যোগ্য উত্তৰসূৰী অধিনায়ক বিৰাট কোহলী! তাতোকৈ অধিক, সাম্প্রতিক বিশ্ব ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটাৰ হিচাপে আখ্যা পোৱা বিৰাট কোহলী! 

ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ব্লু জাৰ্চিৰে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত আজি ১৪ টা বছৰ সম্পূৰ্ণ কৰিলে। কেৰিয়াৰৰ আৰম্ভণিৰে পৰা ধাৰবাহিতকা অক্ষুণ্ণ ৰখা কোহলীয়ে ২০০৮ চনৰ আজিৰ দিনটোতেই আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল। শ্ৰীলংকাৰ বিৰুদ্ধে ডাম্বুলাত ২০০৮ চনৰ ১৮ আগষ্টত এখন এদিনীয়া মেচৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাষ্ট্ৰীয় দলৰ হৈ পদাৰ্পণ কৰে। অৱশ্যে কেৰিয়াৰৰ প্ৰথমটো ইনিংছত আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল সেইসময়ৰ ১৯ বছৰীয়া ক্ৰিকেটাৰগৰাকী। 

কিন্তু তাৰ পিছতেই আৰম্ভ হৈছিল কোহলীৰ উত্থান অভিযান। তেতিয়াৰ পৰা এই ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত কোহলীয়ে নিজকে প্ৰতিষ্ঠা কৰিলে ক্ৰিকেট ইতিহাসৰে এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে। ক্ৰিকেট জগতৰ মহা মহা তাৰকাৰ লগতে ক্ৰিকেট বিশেষজ্ঞ সকলৰ পৰাও বুটলিলে ভূয়সী প্ৰশংসা। ২০০৮ চনৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ খিতাপ দখলত ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ পাছতে কোহলীৰ বাবে মুকলি হৈছিল জাতীয় দলৰ দ্বাৰ। তাৰ পিছতে আৰু থমকিব লগীয়া হোৱা নাই তাৰকাগৰাকীয়ে।

আজি আন্তৰ্জাতিক কেৰিয়াৰৰ ১৪ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সামাজিক মাধ্যম যোগে কোহলীয়ে শ্বেয়াৰ কৰিছে কেৰিয়াৰৰ কিছু বিশেষ মুহূৰ্তৰ ছবি সন্নিৱিষ্ট এক বিশেষ ভিডিঅ’। এই ভিডিঅ’টোৰ সৈতে কোহলীয়ে লিখিছে, “"১৪ বছৰ পূৰ্বে এই যাত্ৰা আৰম্ভ হৈছিল আৰু এয়া সদায়ে এক সন্মানৰ বিষয়।" 

মূল আন্ত:ৰাষ্টীয় ক্ৰিকেট খিতাপৰ বাদে কোহলীয়ে ভাৰতীয় দলক কি দিয়া নাই! টি-২০, এদিনীয়া তথা টেষ্ট, এই তিনিওটা ফৰ্মেটতে ভাৰতীয় দলক গঢ়ি তুলিলে বিশ্ব শ্ৰেষ্ঠ দল হিচাপে। বিদেশৰ মাটিত দাঙি ধৰিলে ভাৰতৰ জয়ৰ ধ্বজা। ২০০৮ চনত এদিনীয়াত আত্মপ্ৰকাশৰ পিছত ২০১০ চনৰ জুনত টি-২০ আৰু ২০১১ চনৰ জুনত টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অভিষেক ঘটায় কোহলীয়ে। 

এই ১৪ বছৰীয়া কেৰিয়াৰত কোহলীয়ে ভাৰতীয় দলৰ অংশ হিচাপে দখল কৰিছে ২০১১ চনত ক্ৰিকেট বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নচ্ ট্ৰফী। সামগ্ৰিকভাৱে কোহলীয়ে এতিয়ালৈকে ১০২ খন টেষ্ট, ২৬২ খন এদিনীয়া আৰু ৯৯ খন টি-২০ খেলিছে। টেষ্টত ২৭ টা শতকসহ কোহলীৰ নামত আছে ৮০৭৪ ৰান। সেইদৰে এদিনীয়াত ৪৩ টা শতকেৰে  ১২,৩৪৪ আৰু টি-২০ত ৩০ টা অৰ্ধ-শতকৰ সৈতে ৩৩০৮ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।

অৱশ্যে যোৱা দুটা বছৰত নিজৰ স্বভাৱসিদ্ধ ফৰ্মত নাই তাৰকাগৰাকী। ৭০ টা শতক অৰ্জনেৰে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত তৃতীয় সৰ্বাধিক শতক সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱা কোহলীয়ে অন্তিমটো শতক অৰ্জন কৰিছিল ২০১৯ চনতে। দুবছৰ ধৰি এই  ধাৰাবাহিক ব্যৰ্থতাৰ বাবে সম্প্ৰতি কিছু সমালোচনাৰো সন্মুখীন হৈছে কোহলী। তথাপিও অৱশ্যে বিশ্ব ক্ৰিকেটৰ কেইবাগৰাকীও মহান তাৰকাই সমৰ্থন আগবঢ়াই আহিছে কোহলীলৈ। 

অহা ২৮ আগষ্টৰ পৰা ডুবাইত আৰম্ভ হ’ব এছিয়া কাপ প্ৰতিযোগিতা। ইতিমধ্যে এছিয়া কাপৰ বাবে ঘোষিত দলত স্থান লাভ কৰিছে কোহলীয়ে। সকলোৰে আশা, এছিয়া কাপতে ৰান মেচিন কোহলীৰ বেটলৈ ঘূৰি আহিব ৰানৰ জোৱাৰ আৰু এই জোৱাৰকে অক্ষুণ্ণ ৰাখি বছৰৰ শেষৰফালে হ’বলগীয়া টি-২০ বিশ্বকাপটো উজলি উঠি ভাৰতীয় দলক দিব দ্বিতীয়টো টি-২০ বিশ্বকাপ খিতাপৰ সোৱাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement