--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ নাম ওলালেই ক্ৰিকেটপ্ৰেমীৰ মনলৈ আহে শান্ত-সমাহিত আৰু ধৈৰ্য্যশীল এটা চৰিত্ৰ। ১৭ বছৰীয়া দীঘলীয়া ক্ৰিকেট কেৰিয়াৰত ক্ৰিকেট ফিল্ডৰ ভিতৰত খুব কমেইহে দ্ৰাবিড়ক উত্তেজিত হোৱা দেখিবলৈ পোৱা গৈছিল। ভদ্ৰলোকৰ খেল হিচাপে অভিহিত কৰা ক্ৰিকেট বিশ্বত দ্ৰাবিড় আছিল এই অভিধাৰ এক অনন্য উদাহৰণ।  এই শান্ত আচৰণৰ তাৰকাগৰাকী ক্ৰিকেট ফিল্ডত থকাৰ সময়ত উত্তেজিত হৈ পৰাটো একপ্ৰকাৰে বিৰল ঘটনা হিচাপেই গণ্য কৰিছিল ক্ৰিকেট প্ৰেমীসকলে। 

পিছে এবাৰ এই শান্ত-শিষ্ট দ্ৰাবিড় হঠাতে  ক্ৰীজতে হৈ পৰিছিল অত্যন্ত খঙাল। দ্ৰাবিড়ৰ এই উগ্ৰ ৰূপ দেখি হতবাক হৈ পৰিছিল খোদ সেই সময়ৰ ক্ৰিকেটৰ বেড বয় খ্যাত ছোৱেইব আখটাৰ! স্বাভাৱিকতেই এই কথাষাৰ শুনাত যথেষ্ট আশ্চৰ্যজনক, পিছে সঁচাকৈয়ে ক্ৰিকেট ক্ৰীজতে ঘটিছিল এই বিৰল ঘটনা। খোদ আখটাৰেই শেহতীয়াকৈ এই কথা স্বীকাৰ কৰিছে। 

ক্ৰিকেট বিশ্বত ভাৰত-পাকিস্তানৰ খেল মানেই এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি। একাংশ উগ্ৰ লোকৰ বাবে ভাৰত-পাকিস্তানৰ মেচ মানে যেন ২২ গজৰ যুঁজ নহয়, এক প্ৰত্যক্ষ যুদ্ধহে! ভাৰত বনাম পাকিস্তানৰ মেচ মানেই ক্ৰিকেট ফিল্ডৰ ভিতৰে বাহিৰে উৎকণ্ঠা, এক চেঁপা উত্তেজনা। এই উত্তেজনা হেঁচা অনুভৱ কৰে দুই দলৰ খেলুৱৈ সকলেও। খেলৰ মাজতেই দুয়োপক্ষৰ খেলুৱৈসকল প্ৰায় বাক-বিতণ্ডাতো লিপ্ত হয়। 

ভাৰত-পাক ক্ৰিকেট মেচত শ্লেজিঙৰ কথা ওলাইছে আৰু তাত ছোৱেইব আখটাৰৰ নাম জড়িত নহ’ব, এয়া সম্ভৱ নে! বলিঙৰ তীব্ৰ গতিৰ সমানে শ্লেজিঙেৰেও বিপক্ষক সমস্যাত পেলোৱাত আখটাৰ সদায়ে শীৰ্ষত। ভাৰতৰ বিৰুদ্ধে মেচত আখটাৰৰ এই শ্লেজিঙৰ দৃশ্য সদায়ে চৰ্চিত হৈ আহিছে। ২০০৪ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এখন মেচৰ এক বিশেষ ঘটনাৰ কথা শেহতীয়াকৈ নিজেই প্ৰকাশ কৰিছে আখটাৰে। 

এক ভিডিঅ’ বাৰ্তা যোগে আখটাৰে উল্লেখ কৰা মতে এই মেচখনত আখটাৰৰ শ্লেজিঙত উত্তেজিত হৈ পৰিছিল ৰাহুল দ্ৰাবিড়। আনহে নালাগে, আখটাৰৰ সমুখলৈ আহি তৰ্কযুদ্ধতো লিপ্ত হৈছিল দ্ৰাবিড়। দ্ৰাবিড়ৰ এই অনাকাংক্ষিত আচৰণত হতভম্ব হৈ পৰিছিল পাকি স্পীডষ্টাৰ গৰাকী। আখটাৰে উল্লেখ কৰা মতে সেই মেচখনত পাকিস্তান প্ৰায় জয়ৰ কাষ চপাৰ সময়তে তেওঁ দ্ৰাবিড়ক উদ্দেশ্যি কিছু সকীয়নি দিছিল। ৰান সংগ্ৰহৰ বাবে ক্ৰীজেৰে দৌৰাৰ সময়তে দ্ৰাবিড়ে আখটাৰৰ সৈতে খুন্দা খায়।

লগে লগে আখটাৰে দ্ৰাবিড়ক নিজৰ দিশেৰে দৌৰিবলৈ সকীয়নি দিয়ে। এই মন্তব্যৰ প্ৰতি যে দ্ৰাবিড়ে কোনো সঁহাৰি দিব, আখটাৰে সেয়া কল্পনাও কৰা নাছিল। কিন্তু আখটাৰক আচৰিত কৰি দ্ৰাবিড় হঠাতে উত্তেজিত হৈ পৰে আৰু আখটাৰৰ সমুখলৈ আহি বাকযুদ্ধত লিপ্ত হয়। হতবাক আখটাৰে তেতিয়া দ্ৰাবিড়ক উদ্দেশ্যি কয়, “ৰাহুল, তুমি উত্তেজিত হৈছা? কেনেকৈ? গম পাইছো পৰিস্থিতি কিছু গম্ভীৰ, কিন্তু মই কল্পনাও কৰা নাছিলো তুমিও যে খঙত যুঁজ কৰিব পাৰা?' 

অৱশ্যে এই ঘটনাক সুঁৱৰি নিজৰ আশ্চৰ্য প্ৰকাশ কৰিলেও আখটাৰে দ্ৰাবিড়ক এগৰাকী ভদ্ৰলোক বুলিয়ে প্ৰশংসা কৰে। উক্ত মেচখনত ভাৰতে প্ৰথভে বেটিং কৰি সকলো উইকেট হেৰুৱাই মাত্ৰ ২০০ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ দ্ৰাবিড়েই সংগ্ৰহ কৰিছিল সৰ্বাধিক ৬৭ ৰান। খেলখনত আখটাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে চাৰিটা উইকেট দখল কৰিছিল। আখটাৰে এই স্মৃতি সুঁৱৰি মেচখনত তেওঁ  যথেষ্ট দ্ৰুত গতিত বল কৰিছিল বুলিও ভিডিঅ’টোত উল্লেখ কৰে। 

অৱশ্যে এই সহজ লক্ষ্য অনুসৰণ কৰিও পাকিস্তান প্ৰায় পৰাজয়ৰ গৰাহত পৰিছিল যদিও অৱশেষত তীব্ৰ যুঁজৰ অন্তত জয় সাব্যস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement