--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘ দিন ধৰি প্ৰ’ বক্সিং ৰিঙৰ পৰা আঁতৰি থকাৰ পিছত প্ৰত্যাৱৰ্তন যুঁজত শক্তিশালী প্ৰদৰ্শনেৰে উজলি উঠিছে ভাৰতীয় বক্সাৰ বীজেন্দ্ৰ সিং। এবছৰ পূৰ্বে অন্তিমবাৰৰ বাবে ৰিঙত নমা অলিম্পিক ব্ৰঞ্জ বিজয়ী বীজেন্দ্ৰই আজি ৰায়পুৰৰ বলবীৰ সিং জুনেজা ষ্টেডিয়ামত 'দ্য জাংগল ৰাম্বল' নামৰ এক পেছাদাৰী বক্সিং ইভেণ্টত ঘানাৰ ইলিয়াচু চুলিক পৰাস্ত কৰি পুনৰ প্ৰ’ বক্সিং ৰিঙত জয়ৰ ট্ৰেকলৈ  উভতি আহে।

উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথম বাৰখন প্ৰ’ বক্সিং যুঁজত ধাৰাবাহিক জয়ৰ পিছত যোৱা বৰ্ষত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হৈছিল বীজেন্দ্ৰ। ৰাছিয়ান বক্সাৰ আৰ্টিশ লোপচানে বিগত বৰ্ষৰ ১৯ মাৰ্চত গোৱাত ভাৰতীয় তাৰকা বক্সাৰগৰাকীক পৰাস্ত কৰিছিল। তাৰ পিছৰে পৰা প্ৰ’ বক্সিং ৰিঙত আনুষ্ঠানিকভাৱে অৱতীৰ্ণ হোৱা নাছিল বীজেন্দ্ৰ।

বীজেন্দ্ৰ সিঙে আজি দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতেই পশ্চিম আফ্ৰিকা বক্সিং ইউনিয়ন চেম্পিয়ন এলিয়াচু চুলিক নক আউট কৰে। ইলিয়াচু চুলিৰ ক্ৰমাগত ৮ খন মেচৰ জয়ৰ ধাৰা ভংগ কৰি বীজেন্দ্ৰই প্ৰ’ বক্সিং কেৰিয়াৰ ৰেকৰ্ড ১৩-১ লৈ বৃদ্ধি কৰে। 

জয়ৰ পিছতে সুখ প্ৰকাশ কৰি বীজেন্দ্ৰই কয় যে দুবছৰৰ পিছত জয়ৰ ট্ৰকলৈ ঘূৰি তেওঁ আনন্দিত। বিজয়েৰে এক নতুন ছিজন আৰম্ভ কৰাটো সদায়ে সুখকৰ বুলি মন্তব্য কৰি তেওঁৰ প্ৰশিক্ষকৰ দলটোৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।

লোপচানৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পিছৰে পৰা বীজেন্দ্ৰ মানচেষ্টাৰত প্ৰশিক্ষণত ব্যস্ত আছিল। আজিৰ জয়ৰ পিছতে বক্সিং তাৰকাগৰাকীয়ে চলিত বৰ্ষৰ ডিচেম্বৰ বা অহা বৰ্ষৰ জানুৱাৰী মাহত পুনৰ বক্সিং ৰিঙত  অৱতীৰ্ণ হোৱাৰ ইঙ্গিত দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক