--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘ দিন ধৰি প্ৰ’ বক্সিং ৰিঙৰ পৰা আঁতৰি থকাৰ পিছত প্ৰত্যাৱৰ্তন যুঁজত শক্তিশালী প্ৰদৰ্শনেৰে উজলি উঠিছে ভাৰতীয় বক্সাৰ বীজেন্দ্ৰ সিং। এবছৰ পূৰ্বে অন্তিমবাৰৰ বাবে ৰিঙত নমা অলিম্পিক ব্ৰঞ্জ বিজয়ী বীজেন্দ্ৰই আজি ৰায়পুৰৰ বলবীৰ সিং জুনেজা ষ্টেডিয়ামত 'দ্য জাংগল ৰাম্বল' নামৰ এক পেছাদাৰী বক্সিং ইভেণ্টত ঘানাৰ ইলিয়াচু চুলিক পৰাস্ত কৰি পুনৰ প্ৰ’ বক্সিং ৰিঙত জয়ৰ ট্ৰেকলৈ  উভতি আহে।

উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথম বাৰখন প্ৰ’ বক্সিং যুঁজত ধাৰাবাহিক জয়ৰ পিছত যোৱা বৰ্ষত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হৈছিল বীজেন্দ্ৰ। ৰাছিয়ান বক্সাৰ আৰ্টিশ লোপচানে বিগত বৰ্ষৰ ১৯ মাৰ্চত গোৱাত ভাৰতীয় তাৰকা বক্সাৰগৰাকীক পৰাস্ত কৰিছিল। তাৰ পিছৰে পৰা প্ৰ’ বক্সিং ৰিঙত আনুষ্ঠানিকভাৱে অৱতীৰ্ণ হোৱা নাছিল বীজেন্দ্ৰ।

বীজেন্দ্ৰ সিঙে আজি দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতেই পশ্চিম আফ্ৰিকা বক্সিং ইউনিয়ন চেম্পিয়ন এলিয়াচু চুলিক নক আউট কৰে। ইলিয়াচু চুলিৰ ক্ৰমাগত ৮ খন মেচৰ জয়ৰ ধাৰা ভংগ কৰি বীজেন্দ্ৰই প্ৰ’ বক্সিং কেৰিয়াৰ ৰেকৰ্ড ১৩-১ লৈ বৃদ্ধি কৰে। 

জয়ৰ পিছতে সুখ প্ৰকাশ কৰি বীজেন্দ্ৰই কয় যে দুবছৰৰ পিছত জয়ৰ ট্ৰকলৈ ঘূৰি তেওঁ আনন্দিত। বিজয়েৰে এক নতুন ছিজন আৰম্ভ কৰাটো সদায়ে সুখকৰ বুলি মন্তব্য কৰি তেওঁৰ প্ৰশিক্ষকৰ দলটোৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।

লোপচানৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পিছৰে পৰা বীজেন্দ্ৰ মানচেষ্টাৰত প্ৰশিক্ষণত ব্যস্ত আছিল। আজিৰ জয়ৰ পিছতে বক্সিং তাৰকাগৰাকীয়ে চলিত বৰ্ষৰ ডিচেম্বৰ বা অহা বৰ্ষৰ জানুৱাৰী মাহত পুনৰ বক্সিং ৰিঙত  অৱতীৰ্ণ হোৱাৰ ইঙ্গিত দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক