--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম টেষ্টত পৰাস্ত হোৱাৰ পিছত বহুতে কল্পনা কৰিব পৰা নাছিল যে দ্বিতীয় টেষ্টত ভাৰতীয় দলটোৱে এনেদৰে ঘূৰিব। ঘৰুৱা ক্ষেত্ৰত প্ৰথম ইনিংছত ৫৫ ৰান সংগ্ৰহ কৰি আউট হয় দক্ষিণ আফ্ৰিকা। সেই ধ্বংসৰ স্থপতি হৈছে মহম্মদ ছিৰাজ। তেওঁ কেপ টাউনত জুই লগাই দিলে। কিন্তু অভিলেখ তেওঁ স্পৰ্শ কৰিব নোৱাৰিলে। আন এটা উইকেট ল’লে তেওঁ দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়ৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বলিং ফিগাৰ হ’লহেঁতেন।

দক্ষিণ আফ্ৰিকাৰ মাটিত ভাৰতীয়ৰ ভিতৰত শাৰদুল ঠাকুৰৰ বলিং ফিগাৰ সৰ্বোত্তম। যোৱা দুবছৰ পূৰ্বে জোহান্সবাৰ্গত শ্বাৰদুলে ৬১ ৰানত ৭ উইকেট দখল কৰিছিল। প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ২২৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল। কিন্তু ভাৰত জয়ী হ’ব নোৱাৰিলে।

আন এজনে দক্ষিণ আফ্ৰিকাৰ মাটিত ৭টা উইকেট দখল কৰিছিল। তেওঁ হৈছে হৰভজন সিং। ২০১১ চনত হৰভজনে এই কেপ টাউনৰ খেলপথাৰত ১২০ ৰানত ৭ জন দক্ষিণ আফ্ৰিকান বেটছমেনক আউট কৰিছিল। সেই মেচখন আছিল ড্ৰ’। কিন্তু হৰভজনৰ বলিং অনুৰাগীৰ মনত ৰৈ গ’ল।

দক্ষিণ আফ্ৰিকাৰ মাটিত ভাৰতীয় বলাৰ হিচাপে অনিল কুম্বলে, জাভাগল শ্ৰীনাথ, ৰবীন্দ্ৰ জাদেজাইও ৬টা উইকেট দখল কৰে। কিন্তু সিৰাজৰ দৰে বিধ্বংসী বল কেতিয়াও কৰা নাই। বুধবাৰে ছিৰাজে দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলৰ বুকুৰ তললৈ শিহৰিত কৰে। তেওঁৰ বল খেলি থকাৰ সময়ত প্ৰটিয়াছৰ বেটছমেনসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। যদিও প্ৰথম পৰীক্ষাত সিৰাজে সফলতা লাভ নকৰিলেও দ্বিতীয় টেষ্টত সিৰাজে মহৎ ৰূপত ঘূৰি আহিছিল।

দক্ষিণ আফ্ৰিকাৰ ভূমিত সকলো দেশৰ বলাৰৰ মাজত এটা ইনিংছত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ আছে ইংলেণ্ডৰ জৰ্জ আলফ্ৰেড লোমান। ১৮৯৬ চনত জোহান্সবাৰ্গ টেষ্টত ২৮ ৰানত ৯ উইকেট সংগ্ৰহ কৰিছিল। কেৱল সেয়াই নহয়, পূৰ্বৰ টেষ্টত তেওঁ মাত্ৰ ৭ ৰানত ৮টা উইকেট দখল কৰিছিল। লগতে ইংলেণ্ডৰ ছিডনী বাৰ্নছে দক্ষিণ আফ্ৰিকাৰ মাটিত তেওঁলোকৰ বিৰুদ্ধে এটা ইনিংছত ৯টা উইকেট দখল কৰাৰ অভিলেখ গঢ়ি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু