--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় বহুতো প্ৰেমকাহিনী শুনিছে! কিন্তু আজি মধ্য প্ৰদেশৰ এটা প্ৰেমৰ ঘটনা ক'ম যাৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। এজন ব্যক্তিয়ে তেওঁৰ তিনিগৰাকী প্ৰেমিকাক একেলগে একেদিনাই বিয়া কৰাই সকলোৰে চকু কপালত তুলিছে।

প্ৰেমিকগৰাকীয়ে যোৱা ১৫ বছৰ ধৰি তিনিগৰাকী প্ৰেমিকাৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰি আছিল। তেওঁলোকৰ ৬টা সন্তানো আছে। প্ৰেমিক দৰাজনে কৈছিল যে ১৫ বছৰ আগতে তেওঁ দৰিদ্ৰ আছিল, ধনৰ অভাৱত তেওঁ বিয়া কৰোৱা নাছিল।এই প্ৰেমিকজনৰ নাম সমৰথ মৌৰ্য। সমৰথ তিনিগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল, যাৰবাবে তেওঁ তিনিওকে ঘৰলৈ লৈ আহিছিল আৰু স্বামী আৰু পত্নীৰ দৰে একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। 

তিনিওগৰাকী মহিলাৰ ফালৰ পৰা সমৰথ মৌৰ্যৰ ছয়টা সন্তান আছে। প্ৰায় ১৫ বছৰ লিভ-ইনত থকাৰ পাছত সমৰথে তিনিওগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এই বিয়াখনক লৈ তেওঁৰ পৰিয়াল আৰু সন্তান যথেষ্ট সুখী হৈ পৰে। বিয়াৰ কাৰ্ডখনত এফালে দৰাৰ নাম ছপা কৰা হৈছিল, আনফালে তেওঁৰ তিনিগৰাকী প্ৰেমিকাৰ নাম ছপা কৰা হৈছিল। উল্লেখ্য যে সমৰথ নানপুৰ অঞ্চলৰ গাঁওবুঢ়াও হয়।এই অঞ্চলটো জনজাতীয় অধ্যুষিত অঞ্চল। জনজাতীয় ভিলালা সমাজত যুৱক-যুৱতীসকলক বিয়া নোহোৱাকৈ থাকিবলৈ আৰু বিয়া নোহোৱাকৈও সন্তান জন্ম দিবলৈ অনুমতি দিয়া হয়। কিন্তু  এটা পৰম্পৰাও আছে যে বিবাহ নোহোৱা দম্পতীসকলক সমাজৰ কোনো শুভ কামৰ অংশ হ'বলৈ দিয়া নহয়। 

বৰ্তমান সময়ত সমৰথ মৌৰ্য আৰু তেওঁৰ তিনি পত্নীয়ে সমাজৰ যিকোনো শুভ কাৰ্যত অংশ লোৱাৰ অনুমতি লাভ কৰিলে। ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদে জনজাতীয় ৰীতি-নীতি আৰু নিৰ্দিষ্ট সামাজিক পৰম্পৰাক সুৰক্ষিত কৰি ৰাখিছে। সংবিধান অনুসৰি সমৰথ মৌৰ্যৰ একে সময়তে তিনিগৰাকী কইনাৰ সৈতে বিবাহ আইনীভাৱে বৈধ বুলি গণ্য কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল