--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় বহুতো প্ৰেমকাহিনী শুনিছে! কিন্তু আজি মধ্য প্ৰদেশৰ এটা প্ৰেমৰ ঘটনা ক'ম যাৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। এজন ব্যক্তিয়ে তেওঁৰ তিনিগৰাকী প্ৰেমিকাক একেলগে একেদিনাই বিয়া কৰাই সকলোৰে চকু কপালত তুলিছে।

প্ৰেমিকগৰাকীয়ে যোৱা ১৫ বছৰ ধৰি তিনিগৰাকী প্ৰেমিকাৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰি আছিল। তেওঁলোকৰ ৬টা সন্তানো আছে। প্ৰেমিক দৰাজনে কৈছিল যে ১৫ বছৰ আগতে তেওঁ দৰিদ্ৰ আছিল, ধনৰ অভাৱত তেওঁ বিয়া কৰোৱা নাছিল।এই প্ৰেমিকজনৰ নাম সমৰথ মৌৰ্য। সমৰথ তিনিগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল, যাৰবাবে তেওঁ তিনিওকে ঘৰলৈ লৈ আহিছিল আৰু স্বামী আৰু পত্নীৰ দৰে একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। 

তিনিওগৰাকী মহিলাৰ ফালৰ পৰা সমৰথ মৌৰ্যৰ ছয়টা সন্তান আছে। প্ৰায় ১৫ বছৰ লিভ-ইনত থকাৰ পাছত সমৰথে তিনিওগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এই বিয়াখনক লৈ তেওঁৰ পৰিয়াল আৰু সন্তান যথেষ্ট সুখী হৈ পৰে। বিয়াৰ কাৰ্ডখনত এফালে দৰাৰ নাম ছপা কৰা হৈছিল, আনফালে তেওঁৰ তিনিগৰাকী প্ৰেমিকাৰ নাম ছপা কৰা হৈছিল। উল্লেখ্য যে সমৰথ নানপুৰ অঞ্চলৰ গাঁওবুঢ়াও হয়।এই অঞ্চলটো জনজাতীয় অধ্যুষিত অঞ্চল। জনজাতীয় ভিলালা সমাজত যুৱক-যুৱতীসকলক বিয়া নোহোৱাকৈ থাকিবলৈ আৰু বিয়া নোহোৱাকৈও সন্তান জন্ম দিবলৈ অনুমতি দিয়া হয়। কিন্তু  এটা পৰম্পৰাও আছে যে বিবাহ নোহোৱা দম্পতীসকলক সমাজৰ কোনো শুভ কামৰ অংশ হ'বলৈ দিয়া নহয়। 

বৰ্তমান সময়ত সমৰথ মৌৰ্য আৰু তেওঁৰ তিনি পত্নীয়ে সমাজৰ যিকোনো শুভ কাৰ্যত অংশ লোৱাৰ অনুমতি লাভ কৰিলে। ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদে জনজাতীয় ৰীতি-নীতি আৰু নিৰ্দিষ্ট সামাজিক পৰম্পৰাক সুৰক্ষিত কৰি ৰাখিছে। সংবিধান অনুসৰি সমৰথ মৌৰ্যৰ একে সময়তে তিনিগৰাকী কইনাৰ সৈতে বিবাহ আইনীভাৱে বৈধ বুলি গণ্য কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত