--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহলত ((Taj Mahal) স্থাপন কৰা হ’ব শিৱলিংগ! ৫ মে’ত তাজমহলত শিৱলিংগ স্থাপন কৰা হ’ব বুলি হুংকাৰ দিছে উত্তৰ প্ৰদেশৰ হিন্দু ধৰ্মগুৰু জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে। এই সন্দৰ্ভত পৰমহংসচাৰ্য মহাৰাজে তেওঁৰ শিষ্যসকল আৰু হিন্দু সংগঠনসমূহৰ লগতে হিন্দু ধৰ্মৰ উপাসনা কৰা সকলো মানুহকে ৫ মে’ৰ পুৱা ১০ বজাত তাজমহলৰ পশ্চিম দুৱাৰত একত্ৰিত হ’বলৈ আহ্বান জনাইছে। 

জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰক লৈ এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশৰ লগতে আগ্ৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছে কি কাৰণত এই ঐতিহ্যমণ্ডিত ৰাজকীয় সমাধিক্ষেত্ৰত হঠাতে শিংৱলিগ স্থাপন কৰাৰ হুংকাৰ দিলে ধৰ্মগুৰুগৰাকীয়ে? জানিব পৰা মতে ২৭ এপ্ৰিলত তিনিজন অনুগামী শিষ্যৰ সৈতে জগতগুৰু পৰমহংসচাৰ্য মহাৰাজ তাজমহল দৰ্শনৰ উদ্দেশ্যৰে গৈছিল কিন্তু তেওঁ তাজমহলত উপস্থিত হোৱাৰ সময়ত নিৰাপত্তাৰক্ষীসকলে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। 

পৰমহংসচাৰ্য মহাৰাজে কৰা অভিযোগ অনুসৰি তাজমহলৰ সুৰক্ষাকৰ্মীসকলে তেওঁক গেৰুৱা বসন পৰিধান কৰাৰ বাবেই তাজমহলত প্ৰৱেশ কৰাত বাধা দিয়ে। তেওঁলোকৰ সন্মুখতে অন্যান্য লোকসকলক টিকট সংগ্ৰহ কৰি তাজমহল দৰ্শন কৰাৰ সুবিধা দিয়া হৈছিল। তেওঁৰ মতে তেওঁলোকক তাজমহলৰ সন্মুখৰ পৰা এক প্ৰকাৰে খেদি দিয়া হৈছিল। এই কথাতেই ক্ষোভত ফাটি পৰে হিন্দু ধৰ্মগুৰুগৰাকী। 

এই কাণ্ডৰ পাছতেই জগতগুৰু পৰমহংসচাৰ্যই খঙত অগ্নিশৰ্মা হৈ তাজমহলত শিৱলিংগ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জগতগুৰু পৰমহংসচাৰ্য কয় যে ’’তাজমহল পূৰ্বতে এটা শিৱ মন্দিৰহে আছিল। যাৰ নাম আছিল ‘তেজো মহল’। মোগলসকলে সত্যক বিকৃত কৰি শিৱ মন্দিৰটোক তাজমহল বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। এয়া সম্পূৰ্ণ ইতিহাস বিৰোধী কথা।’’ 

এতিয়া মাঁথো ৫ মে’লৈ অপেক্ষা। জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰে কি ৰূপ ধাৰণ কৰে সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত