--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহলত ((Taj Mahal) স্থাপন কৰা হ’ব শিৱলিংগ! ৫ মে’ত তাজমহলত শিৱলিংগ স্থাপন কৰা হ’ব বুলি হুংকাৰ দিছে উত্তৰ প্ৰদেশৰ হিন্দু ধৰ্মগুৰু জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে। এই সন্দৰ্ভত পৰমহংসচাৰ্য মহাৰাজে তেওঁৰ শিষ্যসকল আৰু হিন্দু সংগঠনসমূহৰ লগতে হিন্দু ধৰ্মৰ উপাসনা কৰা সকলো মানুহকে ৫ মে’ৰ পুৱা ১০ বজাত তাজমহলৰ পশ্চিম দুৱাৰত একত্ৰিত হ’বলৈ আহ্বান জনাইছে। 

জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰক লৈ এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশৰ লগতে আগ্ৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছে কি কাৰণত এই ঐতিহ্যমণ্ডিত ৰাজকীয় সমাধিক্ষেত্ৰত হঠাতে শিংৱলিগ স্থাপন কৰাৰ হুংকাৰ দিলে ধৰ্মগুৰুগৰাকীয়ে? জানিব পৰা মতে ২৭ এপ্ৰিলত তিনিজন অনুগামী শিষ্যৰ সৈতে জগতগুৰু পৰমহংসচাৰ্য মহাৰাজ তাজমহল দৰ্শনৰ উদ্দেশ্যৰে গৈছিল কিন্তু তেওঁ তাজমহলত উপস্থিত হোৱাৰ সময়ত নিৰাপত্তাৰক্ষীসকলে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। 

পৰমহংসচাৰ্য মহাৰাজে কৰা অভিযোগ অনুসৰি তাজমহলৰ সুৰক্ষাকৰ্মীসকলে তেওঁক গেৰুৱা বসন পৰিধান কৰাৰ বাবেই তাজমহলত প্ৰৱেশ কৰাত বাধা দিয়ে। তেওঁলোকৰ সন্মুখতে অন্যান্য লোকসকলক টিকট সংগ্ৰহ কৰি তাজমহল দৰ্শন কৰাৰ সুবিধা দিয়া হৈছিল। তেওঁৰ মতে তেওঁলোকক তাজমহলৰ সন্মুখৰ পৰা এক প্ৰকাৰে খেদি দিয়া হৈছিল। এই কথাতেই ক্ষোভত ফাটি পৰে হিন্দু ধৰ্মগুৰুগৰাকী। 

এই কাণ্ডৰ পাছতেই জগতগুৰু পৰমহংসচাৰ্যই খঙত অগ্নিশৰ্মা হৈ তাজমহলত শিৱলিংগ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জগতগুৰু পৰমহংসচাৰ্য কয় যে ’’তাজমহল পূৰ্বতে এটা শিৱ মন্দিৰহে আছিল। যাৰ নাম আছিল ‘তেজো মহল’। মোগলসকলে সত্যক বিকৃত কৰি শিৱ মন্দিৰটোক তাজমহল বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। এয়া সম্পূৰ্ণ ইতিহাস বিৰোধী কথা।’’ 

এতিয়া মাঁথো ৫ মে’লৈ অপেক্ষা। জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰে কি ৰূপ ধাৰণ কৰে সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত