--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ ঘটনা৷ স্বামীৰ পৰিৱৰ্তে আন পুৰুষৰ শুক্ৰাণু ব্যৱহাৰ কৰি এগৰাকী মহিলাক ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ) প্ৰক্ৰিয়া সম্পন্ন কৰা ১৫ বছৰীয়া এটা গোচৰত পশ্চিম দিল্লীৰ এখন চিকিৎসালয়ত ১.৫ কোটি টকা জৰিমনা বিহা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষৰ এই গাফিলতিৰ বিষয়ে জানিব পাৰি স্বামীয়ে ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপিছিল।

অভিভাৱকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভাটিয়া গ্ল’বেল হাস্পতাল আৰু এণ্ড’চাৰ্জাৰী ইনষ্টিটিউট, ইয়াৰ অধ্যক্ষ আৰু সঞ্চালক সামূহিকভাৱে পৰিয়ালটোক এক কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে।তদুপৰি এনচিডিআৰচিৰ গ্ৰাহক সাহায্য পুঁজিত অতিৰিক্ত ২০ লাখ টকা জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে।

এই গোচৰৰ সৈতে জড়িত চিকিৎসালয়খনৰ চিকিৎসককে ধৰি তিনিজন লোকক অভিযোগকাৰীক ১০ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে।আদালতে এই ধন পৰিশোধ কৰিবলৈ ছয় সপ্তাহৰ সময় দিছে, আৰু কয় যে যদিহে অভিযোগকাৰীয়ে এই সময়সীমাৰ ভিতৰত ধন লাভ নকৰে তেন্তে জৰিমনা হিচাপে বাৰ্ষিক আঠ শতাংশ সুত আৰোপ কৰা হ’ব।


ইয়াৰ উপৰিও আদালতে নিৰ্দেশ দিয়ে যে যমজ সন্তান দুটাৰ বাবে প্ৰায় ১.৫ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰা হ’ব, প্ৰতিটো শিশুৱে আধা ধনৰ অধিকাৰী হ’ব।২০০৮-২০০৯ চনত আইভিএফ প্ৰক্ৰিয়া কৰা মহিলাগৰাকীৰ ডিএনএ প্ৰফাইল পৰীক্ষা কৰা হয়। প্ৰতিবেদনত প্ৰকাশ পাইছে যে যমজ সন্তানৰ এজনৰ এবি+ ব্লাড গ্ৰুপ, আনহাতে পিতৃ-মাতৃৰ ব্লাড গ্ৰুপ বি পজিটিভ আৰু অ’ নেগেটিভ।প্ৰতিবেদনত প্ৰমাণিত হ’ল যে আইভিএফ ইন্ট্ৰাচাইট’প্লাজমিক শুক্ৰাণুৰ সংৰোপণ গাফিলতিৰে কৰা হৈছিল।

এতিয়া এই ঘটনা পোহৰলৈ অহাৰ পাছত পিতৃয়ে চিকিৎসালয়খনৰ পৰা ২ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস