--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ ঘটনা৷ স্বামীৰ পৰিৱৰ্তে আন পুৰুষৰ শুক্ৰাণু ব্যৱহাৰ কৰি এগৰাকী মহিলাক ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ) প্ৰক্ৰিয়া সম্পন্ন কৰা ১৫ বছৰীয়া এটা গোচৰত পশ্চিম দিল্লীৰ এখন চিকিৎসালয়ত ১.৫ কোটি টকা জৰিমনা বিহা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষৰ এই গাফিলতিৰ বিষয়ে জানিব পাৰি স্বামীয়ে ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপিছিল।

অভিভাৱকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভাটিয়া গ্ল’বেল হাস্পতাল আৰু এণ্ড’চাৰ্জাৰী ইনষ্টিটিউট, ইয়াৰ অধ্যক্ষ আৰু সঞ্চালক সামূহিকভাৱে পৰিয়ালটোক এক কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে।তদুপৰি এনচিডিআৰচিৰ গ্ৰাহক সাহায্য পুঁজিত অতিৰিক্ত ২০ লাখ টকা জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে।

এই গোচৰৰ সৈতে জড়িত চিকিৎসালয়খনৰ চিকিৎসককে ধৰি তিনিজন লোকক অভিযোগকাৰীক ১০ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে।আদালতে এই ধন পৰিশোধ কৰিবলৈ ছয় সপ্তাহৰ সময় দিছে, আৰু কয় যে যদিহে অভিযোগকাৰীয়ে এই সময়সীমাৰ ভিতৰত ধন লাভ নকৰে তেন্তে জৰিমনা হিচাপে বাৰ্ষিক আঠ শতাংশ সুত আৰোপ কৰা হ’ব।


ইয়াৰ উপৰিও আদালতে নিৰ্দেশ দিয়ে যে যমজ সন্তান দুটাৰ বাবে প্ৰায় ১.৫ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰা হ’ব, প্ৰতিটো শিশুৱে আধা ধনৰ অধিকাৰী হ’ব।২০০৮-২০০৯ চনত আইভিএফ প্ৰক্ৰিয়া কৰা মহিলাগৰাকীৰ ডিএনএ প্ৰফাইল পৰীক্ষা কৰা হয়। প্ৰতিবেদনত প্ৰকাশ পাইছে যে যমজ সন্তানৰ এজনৰ এবি+ ব্লাড গ্ৰুপ, আনহাতে পিতৃ-মাতৃৰ ব্লাড গ্ৰুপ বি পজিটিভ আৰু অ’ নেগেটিভ।প্ৰতিবেদনত প্ৰমাণিত হ’ল যে আইভিএফ ইন্ট্ৰাচাইট’প্লাজমিক শুক্ৰাণুৰ সংৰোপণ গাফিলতিৰে কৰা হৈছিল।

এতিয়া এই ঘটনা পোহৰলৈ অহাৰ পাছত পিতৃয়ে চিকিৎসালয়খনৰ পৰা ২ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ