--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি ‘আদিপুৰুষ’ৰ বিতৰ্ক তুংগত আছে। আদিপুৰুষকলৈ সমগ্ৰ দেশতে বিতৰ্কৰ ঢৌ উঠে। ১৬ জুনত মুক্তি লাভ কৰিছিল বলিউডৰ বিতৰ্কিত ছবি 'আদিপুৰুষ'। ছবিখনে মুক্তি লাভ কৰাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰে। দৰ্শকে অসন্তুষ্টি দৰ্শাইছিল ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, অভিনয় আদিৰ ওপৰত। আদিপুৰুষ মুক্তিৰ পাছৰে পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনৰ ভিএফএক্স, সাজপাৰ, গেটআপ লগতে ইয়াৰ সংলাপক লৈও মানুহে তীব্ৰ আপত্তি উত্থাপন কৰিছে। এই ছবিখনে হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।

ইয়াৰ মাজতে এই ছবিখনক লৈ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে আদিপুৰুষৰ নিৰ্মাতাসকলক কঠোৰভাৱে সমালোচনা আৰু ভৰ্ৎসনা কৰি কয় যে ইয়াত ৰামায়ণৰ চৰিত্ৰসমূহক অতি লজ্জাজনক ধৰণে উপস্থাপন কৰা হৈছে যিটো অতি পৰিতাপৰ বিষয়।

আদিপুৰুষ ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদনত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ৰামায়ণ, কোৰান বা বাইবেল আদিৰ ওপৰত বিবাদিত এনে ছবি কিয় নিৰ্মাণ কৰিব লাগে যিয়ে মানুহৰ আধ্যাত্মিক ভাৱনাত আৰু ধৰ্মীয় অনুভূতিত আঘাত হানিব পাৰে।


ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক উদ্দেশ্যি কয় যে, "ধৰি লওক কোৰাণৰ ওপৰত এখন চমু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু সেই তথ্যচিত্ৰক বিকৃত ৰূপত উপস্থাপন কৰা হ'ল, আপুনি কল্পনা কৰিব পাৰিবনে যে ইয়াৰ ফলত আইন-শৃংখলা তথা পৰিস্থিতিয়ে কি ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন? কিন্তু আদিপুৰুষৰ নিৰ্মাতাই ইমান  ভয়ংকৰ ভুল কৰাৰ পাছতো হিন্দুসকলৰ সহনশীলতাৰ বাবেই  পৰিস্থিতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰা নাই।

ন্যায়ালয়ে কয় যে, এখন চলচ্চিত্ৰত ভগৱান শিৱক ত্ৰিশূল লৈ দৌৰি থকা দেখুওৱা হৈছিল। এতিয়া আদিপুৰুষত ৰাম আৰু অন্যান্য চৰিত্ৰসমূহক বিকৃতৰূপত প্ৰদৰ্শন কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতাসকলে ধৰ্মীয় অনুভূতিক আঘাত দিব নালাগে। এই সমূহ বন্ধ হ'ব লাগে বুলি মন্তব্য কৰে ন্যায়ালয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি