--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি ‘আদিপুৰুষ’ৰ বিতৰ্ক তুংগত আছে। আদিপুৰুষকলৈ সমগ্ৰ দেশতে বিতৰ্কৰ ঢৌ উঠে। ১৬ জুনত মুক্তি লাভ কৰিছিল বলিউডৰ বিতৰ্কিত ছবি 'আদিপুৰুষ'। ছবিখনে মুক্তি লাভ কৰাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰে। দৰ্শকে অসন্তুষ্টি দৰ্শাইছিল ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, অভিনয় আদিৰ ওপৰত। আদিপুৰুষ মুক্তিৰ পাছৰে পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনৰ ভিএফএক্স, সাজপাৰ, গেটআপ লগতে ইয়াৰ সংলাপক লৈও মানুহে তীব্ৰ আপত্তি উত্থাপন কৰিছে। এই ছবিখনে হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।

ইয়াৰ মাজতে এই ছবিখনক লৈ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে আদিপুৰুষৰ নিৰ্মাতাসকলক কঠোৰভাৱে সমালোচনা আৰু ভৰ্ৎসনা কৰি কয় যে ইয়াত ৰামায়ণৰ চৰিত্ৰসমূহক অতি লজ্জাজনক ধৰণে উপস্থাপন কৰা হৈছে যিটো অতি পৰিতাপৰ বিষয়।

আদিপুৰুষ ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদনত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ৰামায়ণ, কোৰান বা বাইবেল আদিৰ ওপৰত বিবাদিত এনে ছবি কিয় নিৰ্মাণ কৰিব লাগে যিয়ে মানুহৰ আধ্যাত্মিক ভাৱনাত আৰু ধৰ্মীয় অনুভূতিত আঘাত হানিব পাৰে।


ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক উদ্দেশ্যি কয় যে, "ধৰি লওক কোৰাণৰ ওপৰত এখন চমু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু সেই তথ্যচিত্ৰক বিকৃত ৰূপত উপস্থাপন কৰা হ'ল, আপুনি কল্পনা কৰিব পাৰিবনে যে ইয়াৰ ফলত আইন-শৃংখলা তথা পৰিস্থিতিয়ে কি ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন? কিন্তু আদিপুৰুষৰ নিৰ্মাতাই ইমান  ভয়ংকৰ ভুল কৰাৰ পাছতো হিন্দুসকলৰ সহনশীলতাৰ বাবেই  পৰিস্থিতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰা নাই।

ন্যায়ালয়ে কয় যে, এখন চলচ্চিত্ৰত ভগৱান শিৱক ত্ৰিশূল লৈ দৌৰি থকা দেখুওৱা হৈছিল। এতিয়া আদিপুৰুষত ৰাম আৰু অন্যান্য চৰিত্ৰসমূহক বিকৃতৰূপত প্ৰদৰ্শন কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতাসকলে ধৰ্মীয় অনুভূতিক আঘাত দিব নালাগে। এই সমূহ বন্ধ হ'ব লাগে বুলি মন্তব্য কৰে ন্যায়ালয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস