--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে এক শোকাবহ দুৰ্ঘটনাই কপাঁই তুলিছিল সমগ্ৰ দেশ৷২ জুনত ওড়িশাৰ বালাছোৰত তিনিখন ৰে’লৰ সংঘৰ্ষ হৈছিল। চৰকাৰী পৰিসংখ্যা অনুসৰি এই দুৰ্ঘটনাত ২৯১ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত একাংশ লোকে নিজৰ আপোনজনৰ মৃতদেহ চিনাক্ত কৰি লৈ যায়।

আনহাতে, কিছুসংখ্যক মৃতদেহৰ অৱনতি ঘটিবলৈ ধৰে, সেই সময়ত ৩ জুনৰ নিশা ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয়ৰ মৰ্গত ১৯০ টা মৃতদেহ ৰখা হৈছিল। পাছৰ দিনবোৰতো আৰু কিছুমান মৃতদেহ ইয়ালৈ অনা হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনি সপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল। তথ্য অনুসৰি, ২৫ জুনলৈকে এইমছৰ মৰ্গত ৰখা হৈছে ৮১টা মৃতদেহ, যাৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে দুৰ্ঘটনাটোত বহু মৃতদেহৰ বেয়াকৈ অংগচ্ছেদ হৈছিল। তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল। বহু সময়ত এনে পৰিস্থিতিৰো সৃষ্টি হৈছিল যে দুজনকৈ লোকে এটা মৃতদেহ দাবী কৰিছিল। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে সিদ্ধান্ত লয় যে যিয়েই মৃতদেহ দাবী কৰিব, তেওঁলোকৰ ডি এন এৰ নমুনা লৈ পৰীক্ষা কৰা হ’ব। ডিএনএ টেষ্টৰ মিল কৰাৰ পিছতহে মৃতদেহ আৰু দাবীদাৰক গতাই দিয়া হ’ব।


ইয়াৰ পিছত আপোনজনক বিচাৰি ফুৰা ৮৪ জন লোকে ডি এন এৰ নমুনা দিয়ে। ৬ জুনৰ পৰা নমুনা লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যিটো ৮-৯ জুনলৈকে চলিছিল। তাৰ পিছত আত্মীয়ক এইমছে ক’লে যে ৫ৰ পৰা ৬ দিনৰ ভিতৰত ডি এন এ ৰিপ’ৰ্ট আহিব, তাৰ পিছত মৃতকৰ ডি এন এ মিলাই মৃতদেহটো দিয়া হ’ব। কিন্তু এই ছয় দিনৰ অপেক্ষা ২০ দিনতকৈও অধিক সময় ধৰাৰ পাছতো কোনো সুদুত্তৰ অহা নাই৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস