--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে এক শোকাবহ দুৰ্ঘটনাই কপাঁই তুলিছিল সমগ্ৰ দেশ৷২ জুনত ওড়িশাৰ বালাছোৰত তিনিখন ৰে’লৰ সংঘৰ্ষ হৈছিল। চৰকাৰী পৰিসংখ্যা অনুসৰি এই দুৰ্ঘটনাত ২৯১ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত একাংশ লোকে নিজৰ আপোনজনৰ মৃতদেহ চিনাক্ত কৰি লৈ যায়।

আনহাতে, কিছুসংখ্যক মৃতদেহৰ অৱনতি ঘটিবলৈ ধৰে, সেই সময়ত ৩ জুনৰ নিশা ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয়ৰ মৰ্গত ১৯০ টা মৃতদেহ ৰখা হৈছিল। পাছৰ দিনবোৰতো আৰু কিছুমান মৃতদেহ ইয়ালৈ অনা হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনি সপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল। তথ্য অনুসৰি, ২৫ জুনলৈকে এইমছৰ মৰ্গত ৰখা হৈছে ৮১টা মৃতদেহ, যাৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে দুৰ্ঘটনাটোত বহু মৃতদেহৰ বেয়াকৈ অংগচ্ছেদ হৈছিল। তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল। বহু সময়ত এনে পৰিস্থিতিৰো সৃষ্টি হৈছিল যে দুজনকৈ লোকে এটা মৃতদেহ দাবী কৰিছিল। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে সিদ্ধান্ত লয় যে যিয়েই মৃতদেহ দাবী কৰিব, তেওঁলোকৰ ডি এন এৰ নমুনা লৈ পৰীক্ষা কৰা হ’ব। ডিএনএ টেষ্টৰ মিল কৰাৰ পিছতহে মৃতদেহ আৰু দাবীদাৰক গতাই দিয়া হ’ব।


ইয়াৰ পিছত আপোনজনক বিচাৰি ফুৰা ৮৪ জন লোকে ডি এন এৰ নমুনা দিয়ে। ৬ জুনৰ পৰা নমুনা লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যিটো ৮-৯ জুনলৈকে চলিছিল। তাৰ পিছত আত্মীয়ক এইমছে ক’লে যে ৫ৰ পৰা ৬ দিনৰ ভিতৰত ডি এন এ ৰিপ’ৰ্ট আহিব, তাৰ পিছত মৃতকৰ ডি এন এ মিলাই মৃতদেহটো দিয়া হ’ব। কিন্তু এই ছয় দিনৰ অপেক্ষা ২০ দিনতকৈও অধিক সময় ধৰাৰ পাছতো কোনো সুদুত্তৰ অহা নাই৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি