--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ বুন্দী জিলাৰ নৈনৱান চৰকাৰী চিকিৎসালয়ত চৰ্চালৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। ইয়াত চিকিৎসাৰ সময়ত এগৰাকী মহিলাৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ ৬ ঘন্টা ৱাৰ্ডত ৰখা হৈছিল। এই সময়ত মহিলাগৰাকীৰ দুটা সন্তান তেওঁৰ কাষতে বহি আছিল। শিশুকেইটাই মাতৃৰ মৃতদেহটোৰ ওপৰত ঢাকি থোৱা চাদৰখন বাৰে বাৰে টানি থকা এই দৃশ্য দেখি তাত উপস্থিত সকলোৰে চকু সেমেকি উঠিল। ইফালে আৰক্ষীৰ ব্যৱস্থা অবিহনে তাৰ পৰা মৃতদেহটো অনাৰ লোৱা নহ’ল ৷ 

তথ্য অনুসৰি অসুস্থতাৰ বাবে মৃত্যু হোৱা শ্বাবানাক টংক জিলাৰ নগৰফৰ্টৰ মাতৃ গৃহত আছিল। তেওৰ স্বামী গৃহ হাৰিয়ানাৰ ৰেৱাৰীত। শ্বাবানাৰ ভাতৃ কালুৱে জনোৱা মতে, দেওবাৰে তেওঁৰ ভনীয়েকৰ স্বাস্থ্য অসুস্থতাৰ বাবে তেওঁক দেখুৱাবলৈ  কোটালৈ লৈ গৈছিল।তেওঁৰ লগত আছিল মাক আৰু পৰিয়ালৰ আন আন সদস্যসকল। কিন্তু বাছখন যোৱাৰ লগে লগে শ্বাবানাৰ স্বাস্থ্যৰ অৱনতি ঘটিল, সেয়ে বাছখন ৰখাই নামি আহিল।

পাছত শ্ববানাক লৈ যোৱা হয় নৈনৱান হাস্পতাললৈ। তাতে চিকিৎসকে চিকিৎসা আৰম্ভ কৰে যদিও কিছু সময়ৰ পিছতে শ্বাবানাৰ মৃত্যু হয়। দুপৰীয়া ২ বজাত নৈনৱান থানাৰ পৰা আহিছিল আৰক্ষী। আৰক্ষী বিষয়াগৰাকীক অৱনতি ঘটা স্বাস্থ্য আৰু ভগ্নীগৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছত তাত এজন আৰক্ষী কনিষ্টবলক নিযুক্তি দিয়া হয়। মৃত্যুৰ পাছত মৃতদেহটো ৱাৰ্ডত ৰোগীৰ মাজত ৰখা হৈছিল।

নৈনৱান থানাৰ এ এছ আই শংকৰলাল যাদৱে বিয়লি ২.৩০ বজাত নগৰফৰ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহটো চিকিৎসালয়ত ৰখা হৈছে। থানাৰ পৰা কাৰোবাক ব্যৱস্থাৰ বাবে পঠাবলৈও অনুৰোধ কৰিছিল। কিন্তু পাঁচ বজালৈকে কোনো নাহিল। এই সন্দৰ্ভত বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰা হয়। উনিয়াৰাৰ উপ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতে নাইনৱানৰ উপ আৰক্ষী অধীক্ষকে। তাৰ পাছতহে গভীৰ সন্ধিয়া নগৰফোৰ্ট আৰক্ষী বিষয়া প্ৰভু সিং পালেগৈ। ইয়াৰ পিছতে মৃতদেহটো ৱাৰ্ডৰ পৰা অনাৰ ব্যবস্থা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক