--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ বুন্দী জিলাৰ নৈনৱান চৰকাৰী চিকিৎসালয়ত চৰ্চালৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। ইয়াত চিকিৎসাৰ সময়ত এগৰাকী মহিলাৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ ৬ ঘন্টা ৱাৰ্ডত ৰখা হৈছিল। এই সময়ত মহিলাগৰাকীৰ দুটা সন্তান তেওঁৰ কাষতে বহি আছিল। শিশুকেইটাই মাতৃৰ মৃতদেহটোৰ ওপৰত ঢাকি থোৱা চাদৰখন বাৰে বাৰে টানি থকা এই দৃশ্য দেখি তাত উপস্থিত সকলোৰে চকু সেমেকি উঠিল। ইফালে আৰক্ষীৰ ব্যৱস্থা অবিহনে তাৰ পৰা মৃতদেহটো অনাৰ লোৱা নহ’ল ৷ 

তথ্য অনুসৰি অসুস্থতাৰ বাবে মৃত্যু হোৱা শ্বাবানাক টংক জিলাৰ নগৰফৰ্টৰ মাতৃ গৃহত আছিল। তেওৰ স্বামী গৃহ হাৰিয়ানাৰ ৰেৱাৰীত। শ্বাবানাৰ ভাতৃ কালুৱে জনোৱা মতে, দেওবাৰে তেওঁৰ ভনীয়েকৰ স্বাস্থ্য অসুস্থতাৰ বাবে তেওঁক দেখুৱাবলৈ  কোটালৈ লৈ গৈছিল।তেওঁৰ লগত আছিল মাক আৰু পৰিয়ালৰ আন আন সদস্যসকল। কিন্তু বাছখন যোৱাৰ লগে লগে শ্বাবানাৰ স্বাস্থ্যৰ অৱনতি ঘটিল, সেয়ে বাছখন ৰখাই নামি আহিল।

পাছত শ্ববানাক লৈ যোৱা হয় নৈনৱান হাস্পতাললৈ। তাতে চিকিৎসকে চিকিৎসা আৰম্ভ কৰে যদিও কিছু সময়ৰ পিছতে শ্বাবানাৰ মৃত্যু হয়। দুপৰীয়া ২ বজাত নৈনৱান থানাৰ পৰা আহিছিল আৰক্ষী। আৰক্ষী বিষয়াগৰাকীক অৱনতি ঘটা স্বাস্থ্য আৰু ভগ্নীগৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছত তাত এজন আৰক্ষী কনিষ্টবলক নিযুক্তি দিয়া হয়। মৃত্যুৰ পাছত মৃতদেহটো ৱাৰ্ডত ৰোগীৰ মাজত ৰখা হৈছিল।

নৈনৱান থানাৰ এ এছ আই শংকৰলাল যাদৱে বিয়লি ২.৩০ বজাত নগৰফৰ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহটো চিকিৎসালয়ত ৰখা হৈছে। থানাৰ পৰা কাৰোবাক ব্যৱস্থাৰ বাবে পঠাবলৈও অনুৰোধ কৰিছিল। কিন্তু পাঁচ বজালৈকে কোনো নাহিল। এই সন্দৰ্ভত বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰা হয়। উনিয়াৰাৰ উপ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতে নাইনৱানৰ উপ আৰক্ষী অধীক্ষকে। তাৰ পাছতহে গভীৰ সন্ধিয়া নগৰফোৰ্ট আৰক্ষী বিষয়া প্ৰভু সিং পালেগৈ। ইয়াৰ পিছতে মৃতদেহটো ৱাৰ্ডৰ পৰা অনাৰ ব্যবস্থা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু