--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ সুস্মিতা সেন বিগত কিছুদিন ধৰি চৰ্চাত আছিল। সুন্দৰী সুস্মিতা চৰ্চাত আছিল অভিনয়ৰ বাবে নহয় প্ৰেমৰ বাবেহে। তেওঁতকৈ ১৫ বছৰ সৰু যুৱক ৰহমান শ্বলৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল সুস্মিতাই। বয়সৰ বৃহৎ ব্যৱধান থাকিলেও দুয়োৰে প্ৰেম আছিল বৰ মধুৰ আৰু ৰোমাণ্টিক। দুয়োকে ভিন্ন ডেটিং স্পটত প্ৰায়ে দেখা যায়। ইনষ্টাগ্ৰামতো সুস্মিতা-ৰহমানে অন্তৰংগ মূহুৰ্তৰ ছবি পোষ্ট কৰি থাকে। ৰহমান শ্বল আনকি সুস্মিতাৰ সৈতে তেওঁৰ ঘৰতে আছিল।ৰহমান শ্বল নয়দাৰ বাসিন্দা আৰু পেছাত এগৰাকী ফ্ৰিলান্স মডেল। নয়দাৰ পৰা মুম্বাইলৈকে তেওঁ মডেলিং জগতত কেৰিয়াৰ গঢ়িবলৈ আহিছিল। সুস্মিতাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাত ৰহমানো লাইমলাইটলৈ আহে। দুয়ো অতি সোনকালে বিবাহপাশত আবদ্ধ হ'ব বুলিও খবৰ প্ৰকাশ পাইছিল। কিন্তু এতিয়া জানিব পৰা মতে, দুয়োৱে এই সম্পৰ্ক সমাপ্ত কৰিছে। ৰহমান শ্বলে এতিয়া সুস্মিতা সেনৰ ঘৰ এৰি আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বৃহস্পতিবাৰে, সুস্মিতা সেনে ৰহমান শ্বলৰ সৈতে উঠা এখন ছেলফী শ্বেয়াৰ কৰি লিখিছিল- ''আমি বন্ধু হিচাপে আৰম্ভ কৰিছিলো, আমি বন্ধু হৈ আছিলোঁ!! সম্পৰ্কটো বহুত পুৰণি আছিল।জীয়াই থাকা আৰু জীয়াই থাকিবলৈ দিয়া, সোণালী স্মৃতিবোৰ ৰৈ যাব।'' উল্লেখ্য যে সুস্মিতা সেন আৰু ৰহমান শ্বলৰ মাজৰ সম্পৰ্ক ঠিকেই চলি নথকাৰ খবৰ মাজতে পোৱা গৈছিল। এতিয়া এয়া নিজেই সেই কথা সুস্মিতা সেনে নিশ্চিত কৰে। ইয়াৰ পূৰ্বে সুস্মিতাই ২০২১ চনৰ আৰম্ভণিতে এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য'ত তেওঁ লিখিছিল যে অপ্ৰয়োজনীয় সম্পৰ্কৰ পৰা ওলাই অহা উচিত। তেতিয়াৰ পৰা মানুহে অনুমান কৰি আহিছে যে সম্পৰ্কটোত সকলো ঠিকেই চলি থকা নাই। অৱশ্যে, ইয়াৰ পিছতো দুয়োকে একেলগে দেখা গৈছিল। কিন্তু এইবাৰ দুয়োৰে মাজত ব্ৰেক-আপ হোৱাটো নিশ্চিত কৰে খোদ সুস্মিতাই।

সুস্মিতা সেনে ২০১৮ চনত ফেশ্বন গালাৰ সময়ত ৰহমান শ্বলক প্ৰথম লগ হৈছিল। সেইসময়ত সুস্মিতাৰ বয়স আছিল ৪৩ আৰু ৰহমানৰ বয়স আছিল ২৮। সুস্মিতা ১৫ বছৰে ডাঙৰ ৰহমানতকৈ। খুব সোনকালেই দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু সম্পৰ্কটো লুকুৱাই নাৰাখি এয়া ৰাজহুৱা কৰি দিয়া হয়। বৰ্তমান সুস্মিতা ৪৬ বছৰীয়া আৰু ৰহমান ৩১ বছৰীয়া। অতি সোনকালে দুয়ো চিৰজীৱনৰ বাবে এক হোৱাৰ সিদ্ধান্ত লৈ হঠাতে কিয় বিচ্ছেদ ঘটিল তাৰ উত্তৰ পাবলৈ ব্যাকুল হৈ পৰিছে অনুৰাগীসকল। উল্লেখ্য যে ৰহমান শ্বলৰ পূৰ্বে সুস্মিতাৰ জীৱনলৈ প্ৰেমিক হিচাপে আহিছিল বিক্ৰম ভট্ট, সঞ্জয় নাৰাং, চাবিৰ ভাটিয়া, ৰণদীপ হুডা, ইমতিয়াজ খাত্ৰী, মানৱ মেনন, বাণ্টি সচদেৱ, মুদাছৰ আজিজ, ৱাছিম আক্ৰাম আৰু ঋত্বিক ভাছিন।

আৰু পঢ়কঃ অ’মিক্ৰনৰ আতংক! উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুমাহ পিছুৱাই দিবলৈ অনুৰোধ উচ্চ ন্যায়ালয়ৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু