--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ সুস্মিতা সেন বিগত কিছুদিন ধৰি চৰ্চাত আছিল। সুন্দৰী সুস্মিতা চৰ্চাত আছিল অভিনয়ৰ বাবে নহয় প্ৰেমৰ বাবেহে। তেওঁতকৈ ১৫ বছৰ সৰু যুৱক ৰহমান শ্বলৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল সুস্মিতাই। বয়সৰ বৃহৎ ব্যৱধান থাকিলেও দুয়োৰে প্ৰেম আছিল বৰ মধুৰ আৰু ৰোমাণ্টিক। দুয়োকে ভিন্ন ডেটিং স্পটত প্ৰায়ে দেখা যায়। ইনষ্টাগ্ৰামতো সুস্মিতা-ৰহমানে অন্তৰংগ মূহুৰ্তৰ ছবি পোষ্ট কৰি থাকে। ৰহমান শ্বল আনকি সুস্মিতাৰ সৈতে তেওঁৰ ঘৰতে আছিল।ৰহমান শ্বল নয়দাৰ বাসিন্দা আৰু পেছাত এগৰাকী ফ্ৰিলান্স মডেল। নয়দাৰ পৰা মুম্বাইলৈকে তেওঁ মডেলিং জগতত কেৰিয়াৰ গঢ়িবলৈ আহিছিল। সুস্মিতাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাত ৰহমানো লাইমলাইটলৈ আহে। দুয়ো অতি সোনকালে বিবাহপাশত আবদ্ধ হ'ব বুলিও খবৰ প্ৰকাশ পাইছিল। কিন্তু এতিয়া জানিব পৰা মতে, দুয়োৱে এই সম্পৰ্ক সমাপ্ত কৰিছে। ৰহমান শ্বলে এতিয়া সুস্মিতা সেনৰ ঘৰ এৰি আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বৃহস্পতিবাৰে, সুস্মিতা সেনে ৰহমান শ্বলৰ সৈতে উঠা এখন ছেলফী শ্বেয়াৰ কৰি লিখিছিল- ''আমি বন্ধু হিচাপে আৰম্ভ কৰিছিলো, আমি বন্ধু হৈ আছিলোঁ!! সম্পৰ্কটো বহুত পুৰণি আছিল।জীয়াই থাকা আৰু জীয়াই থাকিবলৈ দিয়া, সোণালী স্মৃতিবোৰ ৰৈ যাব।'' উল্লেখ্য যে সুস্মিতা সেন আৰু ৰহমান শ্বলৰ মাজৰ সম্পৰ্ক ঠিকেই চলি নথকাৰ খবৰ মাজতে পোৱা গৈছিল। এতিয়া এয়া নিজেই সেই কথা সুস্মিতা সেনে নিশ্চিত কৰে। ইয়াৰ পূৰ্বে সুস্মিতাই ২০২১ চনৰ আৰম্ভণিতে এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য'ত তেওঁ লিখিছিল যে অপ্ৰয়োজনীয় সম্পৰ্কৰ পৰা ওলাই অহা উচিত। তেতিয়াৰ পৰা মানুহে অনুমান কৰি আহিছে যে সম্পৰ্কটোত সকলো ঠিকেই চলি থকা নাই। অৱশ্যে, ইয়াৰ পিছতো দুয়োকে একেলগে দেখা গৈছিল। কিন্তু এইবাৰ দুয়োৰে মাজত ব্ৰেক-আপ হোৱাটো নিশ্চিত কৰে খোদ সুস্মিতাই।

সুস্মিতা সেনে ২০১৮ চনত ফেশ্বন গালাৰ সময়ত ৰহমান শ্বলক প্ৰথম লগ হৈছিল। সেইসময়ত সুস্মিতাৰ বয়স আছিল ৪৩ আৰু ৰহমানৰ বয়স আছিল ২৮। সুস্মিতা ১৫ বছৰে ডাঙৰ ৰহমানতকৈ। খুব সোনকালেই দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু সম্পৰ্কটো লুকুৱাই নাৰাখি এয়া ৰাজহুৱা কৰি দিয়া হয়। বৰ্তমান সুস্মিতা ৪৬ বছৰীয়া আৰু ৰহমান ৩১ বছৰীয়া। অতি সোনকালে দুয়ো চিৰজীৱনৰ বাবে এক হোৱাৰ সিদ্ধান্ত লৈ হঠাতে কিয় বিচ্ছেদ ঘটিল তাৰ উত্তৰ পাবলৈ ব্যাকুল হৈ পৰিছে অনুৰাগীসকল। উল্লেখ্য যে ৰহমান শ্বলৰ পূৰ্বে সুস্মিতাৰ জীৱনলৈ প্ৰেমিক হিচাপে আহিছিল বিক্ৰম ভট্ট, সঞ্জয় নাৰাং, চাবিৰ ভাটিয়া, ৰণদীপ হুডা, ইমতিয়াজ খাত্ৰী, মানৱ মেনন, বাণ্টি সচদেৱ, মুদাছৰ আজিজ, ৱাছিম আক্ৰাম আৰু ঋত্বিক ভাছিন।

আৰু পঢ়কঃ অ’মিক্ৰনৰ আতংক! উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুমাহ পিছুৱাই দিবলৈ অনুৰোধ উচ্চ ন্যায়ালয়ৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ