--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ২০০৭ চনৰ ২১ ডিচেম্বৰত আমিৰ খান অভিনীত ‘তাৰে জমিন পৰ’ ছবিখনে মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰখনে মুক্তিলাভৰ পাছতে বিপুল জনপ্ৰিয়তা লাভ কৰা দেখা গৈছিল। কাহিনীৰ চৰিত্ৰয়ো বিশেষভাৱে ৰেখাপাত কৰিছিল অনুৰাগীৰ হৃদয়ত। আমাৰ সমাজে সাধাৰণতে উপেক্ষা কৰা কেতবোৰ কথাক কেন্দ্ৰ কৰিয়েই সাধাৰণ জনতাক মানুহৰ শিশু এটাৰ সজাগতাৰ বিভিন্ন দিশৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰিছিল ছবিখনে। আমিৰৰ লগতে শিশু অভিনেতা দৰ্শীল ছাফাৰীৰ অভিনয়েও মন্ত্ৰ-মুগ্ধ কৰিছিল চলচ্চিত্ৰ প্ৰেমীক। উল্লেখ্য যে, দৰ্শীলে ডিছলেক্সিয়া ৰোগত আক্ৰান্ত এটি শিশুৰ ভূমিকা পালন কৰিছিল ছবিখনত। ডিছলেক্সিয়া ৰোগত আক্ৰান্ত শিশু এটাৰ পঢ়া আৰু লিখাত অসুবিধা হয়। তেওঁলোকৰ শব্দবোৰ বুজি পোৱাত অসুবিধা হয়।

অমল গুপ্টে ৰচিত এই ছবিখন আমিৰ আৰু অমল দুয়ো একেলগে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনে অলপতে গৌৰৱোজ্জল ১৪টা বছৰ সম্পূৰ্ণ কৰে। 'তাৰে জমিন পৰ'ৰ চমৎকাৰ সফলতাই আমিৰ খানৰ লগতে দৰ্শীল ছাফাৰীকো দিছিল প্ৰশংসা। ছবিখনৰ কাহিনীটো ইমানেই মৰ্মান্তিক আছিল যে, ছবিগৃহত বহি থকা দৰ্শকৰ চকু সেমেকি উঠিছিল।

বক্স অ’ফিছৰ ছুপাৰহিট এই ছবিখনে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। অৱশ্যে, আমিৰ খানৰ নামটো পৰিচালক হিচাপে পোহৰলৈ অহা আৰু অমল গুপ্টেক কেৱল লেখক আৰু সৃজনশীল পৰিচালকৰ কৃতিত্ব দিয়া বাবে হৈছিল এলানী বিতৰ্ক। বহু বাত-বিতণ্ডাক একাশৰীয়া কৰি আজিও চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্পন্দিত হৈ আছে ‘তাৰে জমিন পৰ’ৰ প্ৰতিধ্বনি। ১০বছৰীয়া শিশু দৰ্শীল ছাফাৰীও এতিয়া ২৪ বছৰীয়া যুৱক হ’ল। ‘তাৰে জমিন পৰ’ ছবিত অভিনয়েৰে আটাইতকৈ কম বয়সীয়া শিশু অভিনতাৰো কৃতিত্ব অৰ্জন কৰিছিল দৰ্শীলে। ‘বুম বুম বোলে’;‘জ’ক’মন’; ‘মিডনাইট চিলড্ৰেন’ৰ দৰে ছবিটো অভিনয় কৰিছে দৰ্শীলে। জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ ‘লাগে ৰহো চাচু’তো উচ্চমানৰ অভিনয় কৰা বুলি চৰ্চিত হৈছে। সাৱলীল অভিনয়ৰ বাবে দৰ্শীলে ২০০৮ চনতে লাভ কৰিছে ফিল্মফেয়াৰ ক্ৰিটিকছ এৱাৰ্ড, ষ্টাৰ স্ক্ৰীন এৱাৰ্ড, জি চিনে এৱাৰ্ডকে ধৰি কেইবাটাও পুৰস্কাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ