--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ২০০৭ চনৰ ২১ ডিচেম্বৰত আমিৰ খান অভিনীত ‘তাৰে জমিন পৰ’ ছবিখনে মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰখনে মুক্তিলাভৰ পাছতে বিপুল জনপ্ৰিয়তা লাভ কৰা দেখা গৈছিল। কাহিনীৰ চৰিত্ৰয়ো বিশেষভাৱে ৰেখাপাত কৰিছিল অনুৰাগীৰ হৃদয়ত। আমাৰ সমাজে সাধাৰণতে উপেক্ষা কৰা কেতবোৰ কথাক কেন্দ্ৰ কৰিয়েই সাধাৰণ জনতাক মানুহৰ শিশু এটাৰ সজাগতাৰ বিভিন্ন দিশৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰিছিল ছবিখনে। আমিৰৰ লগতে শিশু অভিনেতা দৰ্শীল ছাফাৰীৰ অভিনয়েও মন্ত্ৰ-মুগ্ধ কৰিছিল চলচ্চিত্ৰ প্ৰেমীক। উল্লেখ্য যে, দৰ্শীলে ডিছলেক্সিয়া ৰোগত আক্ৰান্ত এটি শিশুৰ ভূমিকা পালন কৰিছিল ছবিখনত। ডিছলেক্সিয়া ৰোগত আক্ৰান্ত শিশু এটাৰ পঢ়া আৰু লিখাত অসুবিধা হয়। তেওঁলোকৰ শব্দবোৰ বুজি পোৱাত অসুবিধা হয়।

অমল গুপ্টে ৰচিত এই ছবিখন আমিৰ আৰু অমল দুয়ো একেলগে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনে অলপতে গৌৰৱোজ্জল ১৪টা বছৰ সম্পূৰ্ণ কৰে। 'তাৰে জমিন পৰ'ৰ চমৎকাৰ সফলতাই আমিৰ খানৰ লগতে দৰ্শীল ছাফাৰীকো দিছিল প্ৰশংসা। ছবিখনৰ কাহিনীটো ইমানেই মৰ্মান্তিক আছিল যে, ছবিগৃহত বহি থকা দৰ্শকৰ চকু সেমেকি উঠিছিল।

বক্স অ’ফিছৰ ছুপাৰহিট এই ছবিখনে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। অৱশ্যে, আমিৰ খানৰ নামটো পৰিচালক হিচাপে পোহৰলৈ অহা আৰু অমল গুপ্টেক কেৱল লেখক আৰু সৃজনশীল পৰিচালকৰ কৃতিত্ব দিয়া বাবে হৈছিল এলানী বিতৰ্ক। বহু বাত-বিতণ্ডাক একাশৰীয়া কৰি আজিও চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্পন্দিত হৈ আছে ‘তাৰে জমিন পৰ’ৰ প্ৰতিধ্বনি। ১০বছৰীয়া শিশু দৰ্শীল ছাফাৰীও এতিয়া ২৪ বছৰীয়া যুৱক হ’ল। ‘তাৰে জমিন পৰ’ ছবিত অভিনয়েৰে আটাইতকৈ কম বয়সীয়া শিশু অভিনতাৰো কৃতিত্ব অৰ্জন কৰিছিল দৰ্শীলে। ‘বুম বুম বোলে’;‘জ’ক’মন’; ‘মিডনাইট চিলড্ৰেন’ৰ দৰে ছবিটো অভিনয় কৰিছে দৰ্শীলে। জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ ‘লাগে ৰহো চাচু’তো উচ্চমানৰ অভিনয় কৰা বুলি চৰ্চিত হৈছে। সাৱলীল অভিনয়ৰ বাবে দৰ্শীলে ২০০৮ চনতে লাভ কৰিছে ফিল্মফেয়াৰ ক্ৰিটিকছ এৱাৰ্ড, ষ্টাৰ স্ক্ৰীন এৱাৰ্ড, জি চিনে এৱাৰ্ডকে ধৰি কেইবাটাও পুৰস্কাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু