--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত ভাট কন্যা। এইবাৰ পাছে ৰণবীৰৰে ভাট কন্যাৰ বিবাহৰ প্ৰসংগ নহয়। আন এক সুকীয়া বিষয়েহে জোকাৰি গৈছে বলীউড। আলিয়াৰ সমান্তৰালকৈ প্ৰযোজক এছএছ ৰাজমৌলীৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰখন বলীউডত বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃহত্‍ বাজেটৰ ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ৭ জানুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ ভাৰতত কৰ’নাভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব দাক্ষিণাত্যৰ তাৰকা ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰকে। বলীউড তাৰকা অজয় দেৱগন আৰু আলিয়া ভাটকো দুটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।


জানিবলৈ পোৱা মতে, ছবিখনত ২০ মিনিটৰ বাবেহে আলিয়াক দেখিবলৈ পাব দৰ্শকে। মনকৰিবলগীয়া কথা, মাত্ৰ ২০মিনিটৰ উপস্থিতিৰ বাবে আলিয়াক বৃহৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ‘ বলীউডৰ অইন ছবিত আলিয়াই যিধৰণৰ পাৰিশ্ৰমিক লয় তেনেদৰে এইখন ছবিৰ বাবেও আলিয়াই একেই পাৰিশ্ৰমিক লৈছে। এই ছবিখনত ২০মিনিটতকৈও কম সময়ৰ উপস্থিতি আলিয়াৰ। ইয়াৰ বাবে আলিয়াৰ পাৰিশ্ৰমিকৰ পৰিমাণ ৯কোটি। আনহাতে, এই ছবিখনৰ বাবে ৭দিনৰ শ্বুটিং কৰিছে অজয় দেৱগনে। ইয়াৰ বাবে অজয়ে পাৰিশ্ৰমিক লৈছে ৩৫ কোটি।’ এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ ৰাজামৌলীৰ ছবিখনৰ ওপৰত। বলীউড বক্স অফিছত ৰাজামৌলীৰ ছবিখনে দৰ্শকৰ মাজত কেনেধৰণে প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ