--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত ভাট কন্যা। এইবাৰ পাছে ৰণবীৰৰে ভাট কন্যাৰ বিবাহৰ প্ৰসংগ নহয়। আন এক সুকীয়া বিষয়েহে জোকাৰি গৈছে বলীউড। আলিয়াৰ সমান্তৰালকৈ প্ৰযোজক এছএছ ৰাজমৌলীৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰখন বলীউডত বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃহত্‍ বাজেটৰ ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ৭ জানুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ ভাৰতত কৰ’নাভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব দাক্ষিণাত্যৰ তাৰকা ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰকে। বলীউড তাৰকা অজয় দেৱগন আৰু আলিয়া ভাটকো দুটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।


জানিবলৈ পোৱা মতে, ছবিখনত ২০ মিনিটৰ বাবেহে আলিয়াক দেখিবলৈ পাব দৰ্শকে। মনকৰিবলগীয়া কথা, মাত্ৰ ২০মিনিটৰ উপস্থিতিৰ বাবে আলিয়াক বৃহৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ‘ বলীউডৰ অইন ছবিত আলিয়াই যিধৰণৰ পাৰিশ্ৰমিক লয় তেনেদৰে এইখন ছবিৰ বাবেও আলিয়াই একেই পাৰিশ্ৰমিক লৈছে। এই ছবিখনত ২০মিনিটতকৈও কম সময়ৰ উপস্থিতি আলিয়াৰ। ইয়াৰ বাবে আলিয়াৰ পাৰিশ্ৰমিকৰ পৰিমাণ ৯কোটি। আনহাতে, এই ছবিখনৰ বাবে ৭দিনৰ শ্বুটিং কৰিছে অজয় দেৱগনে। ইয়াৰ বাবে অজয়ে পাৰিশ্ৰমিক লৈছে ৩৫ কোটি।’ এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ ৰাজামৌলীৰ ছবিখনৰ ওপৰত। বলীউড বক্স অফিছত ৰাজামৌলীৰ ছবিখনে দৰ্শকৰ মাজত কেনেধৰণে প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু