--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদৰোগৰ সকলো কথা আছিল তেওঁৰ নখ দৰ্পন৷ কিদৰে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব লাগে সেই কথাও ভালদৰেই জানিছিল তেওঁ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ১৬,০০০ ৰো অধিক হৃদৰোগীৰ অস্ত্ৰোপচাৰ সফলতাৰে  সম্পন্ন কৰা  গুজৰাটৰ জামনগৰৰ  বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ গৌৰৱ গান্ধীৰ মৃত্যু ঘটিল হৃদৰোগত আক্ৰান্ত হৈয়েই৷ 

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি  মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে বিশিষ্ট চিকিৎসকগৰাকীৰ৷  একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  ডাঃ গান্ধীয়ে সোমবাৰে আন দিনৰ  দৰে ৰোগী  পৰীক্ষা কৰিছিল৷  নিশা তেওঁ জামনগৰৰ  পেলেচ ৰোডত থকা তেওঁৰ ঘৰলৈ গৈছিল। তেওঁ নিশা  ভোজন কৰিছিল আৰু বিচনালৈ গৈছিল।

 পিছদিনা পুৱা ৬ বজাত পৰিয়ালৰ লোকসকলে তেওঁক জগাবলৈ গৈ   অচেতন হৈ পৰি থকা দেখা পাইছিল৷   তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু ডাঃ গান্ধীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । মৃত্যুৰ সময়ত ডাঃ গান্ধীৰ বয়স আছিল ৪১  বছৰ৷  তেওঁৰ চিকিৎসাসম্পৰ্কীয় কেৰিয়াৰত  ডাঃ গান্ধীয়ে ১৬,০০০  ৰো অধিক লোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি তেওঁলোকক সুস্থ কৰি তুলিছিল৷ 

 ডাঃ গান্ধীয়ে জামনগৰৰ পৰা তেওঁৰ  চিকিৎসা ডিগ্ৰী আৰু আহমেদাবাদৰ পৰা কাৰ্ডিঅ'লজীত  বিশেষ ডিগ্ৰী লাভ কৰিছিল৷  তেওঁ  'হল্ট হাৰ্ট এটেকছ' অভিযানৰ সৈতেও জড়িত আছিল।বহু হৃদৰোগীক জীৱন দান কৰা ডাঃ গান্ধীয়ে হৃদৰোগত আক্ৰান্ত হৈয়েই মৃত্যুবৰণ কৰাৰ কথাই এতিয়া জামনগৰৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে৷ 















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস