--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদৰোগৰ সকলো কথা আছিল তেওঁৰ নখ দৰ্পন৷ কিদৰে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব লাগে সেই কথাও ভালদৰেই জানিছিল তেওঁ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ১৬,০০০ ৰো অধিক হৃদৰোগীৰ অস্ত্ৰোপচাৰ সফলতাৰে  সম্পন্ন কৰা  গুজৰাটৰ জামনগৰৰ  বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ গৌৰৱ গান্ধীৰ মৃত্যু ঘটিল হৃদৰোগত আক্ৰান্ত হৈয়েই৷ 

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি  মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে বিশিষ্ট চিকিৎসকগৰাকীৰ৷  একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  ডাঃ গান্ধীয়ে সোমবাৰে আন দিনৰ  দৰে ৰোগী  পৰীক্ষা কৰিছিল৷  নিশা তেওঁ জামনগৰৰ  পেলেচ ৰোডত থকা তেওঁৰ ঘৰলৈ গৈছিল। তেওঁ নিশা  ভোজন কৰিছিল আৰু বিচনালৈ গৈছিল।

 পিছদিনা পুৱা ৬ বজাত পৰিয়ালৰ লোকসকলে তেওঁক জগাবলৈ গৈ   অচেতন হৈ পৰি থকা দেখা পাইছিল৷   তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু ডাঃ গান্ধীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । মৃত্যুৰ সময়ত ডাঃ গান্ধীৰ বয়স আছিল ৪১  বছৰ৷  তেওঁৰ চিকিৎসাসম্পৰ্কীয় কেৰিয়াৰত  ডাঃ গান্ধীয়ে ১৬,০০০  ৰো অধিক লোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি তেওঁলোকক সুস্থ কৰি তুলিছিল৷ 

 ডাঃ গান্ধীয়ে জামনগৰৰ পৰা তেওঁৰ  চিকিৎসা ডিগ্ৰী আৰু আহমেদাবাদৰ পৰা কাৰ্ডিঅ'লজীত  বিশেষ ডিগ্ৰী লাভ কৰিছিল৷  তেওঁ  'হল্ট হাৰ্ট এটেকছ' অভিযানৰ সৈতেও জড়িত আছিল।বহু হৃদৰোগীক জীৱন দান কৰা ডাঃ গান্ধীয়ে হৃদৰোগত আক্ৰান্ত হৈয়েই মৃত্যুবৰণ কৰাৰ কথাই এতিয়া জামনগৰৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে৷ 















FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা