--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল  কুকুৰৰ মাংসৰ বিক্ৰীত থকা নিষেধাজ্ঞা৷ যোৱা তিনি বছৰ ধৰি নাগালেণ্ডত কুকুৰৰ মাংসৰ বিক্ৰী আৰু ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ বুধবাৰে গৌহাটি উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠে এই নিষেধাজ্ঞা  প্ৰত্যাহাৰ কৰে৷  

ন্যায়াধীশ মাৰ্লি ভানকুঙে কয়  যে ৰাজ্য চৰকাৰে কুকুৰৰ মাংসৰ বিক্ৰী এনেদৰে বন্ধ কৰিব নোৱাৰে৷  কিয়নো এই সন্দৰ্ভত কোনো আইন নাই। ইয়াৰ ঠিক পিছতে  চৰকাৰৰ আদেশটো  প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে৷ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে চৰকাৰে এই সন্দৰ্ভত কোনো আইন গৃহীত নকৰাকৈ কুকুৰৰ মাংস বিক্ৰী আৰু ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। 

উচ্চ ন্যায়ালয়ে লগতে কয় যে নাগালেণ্ড চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত নিষেধাজ্ঞাৰ নিৰ্দেশ দিছিল, কিন্তু এই আইনত তেনে কোনো ক্ষমতা নাই।ফেডাৰেচন অৱ ইণ্ডিয়ান এনিমেল প্ৰটেকশন অৰ্গেনাইজেচনৰ সদস্যসকলে কুকুৰৰ মাংস বিক্ৰী নিষিদ্ধ কৰাৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। কেইবাটাও পশু প্ৰেমী সংগঠনেও একেটা দাবীয়েই কৰি আহিছে ৷এনে দাবীৰ মাজতে  উত্তৰ-পূবৰ ৰাজ্যখনত কুকুৰৰ মাংসৰ বিক্ৰী আৰু ৰপ্তানি নিষিদ্ধ কৰা হৈছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস