--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদী  মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকে বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাঞ কৰে৷  মল্লযোদ্ধাসকলৰ  মাহজোৰা প্ৰতিবাদৰ সময়তে বিষয়সমূহকলৈ  আলোচনাৰ বাবে খেল মন্ত্ৰীগৰাকীক তেওঁলোকে  সাক্ষাৎ কৰে।

 মন্ত্ৰী ঠাকুৰে যোৱা নিশাই মল্লযোদ্ধাসকলক আলোচনাৰ বাবে আমন্ত্ৰণৰ জনাইছিল৷  ইয়াৰ পিছতে মল্লযোদ্ধাসকলে সকলে ঠাকুৰক দিল্লীত থকা  তেওঁৰ বাসগৃহত সাক্ষাঞ কৰে। মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ সিং  ভাৰতীয় জনতা পাৰ্টিৰ  সাংসদো৷ মল্লযোদ্ধাসকলে সিঙক  যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ৰখাৰ দাবী জনাই আহিছে। যোৱা পুৱতি নিশা পোষ্ট কৰা এটা টুইটত অনুৰাগ ঠাকুৰে কৈছিল " মই আকৌ এবাৰ মল্লযোদ্ধাসকলক আলোচনাৰ  বাবে আমন্ত্ৰণ জনাইছো," উল্লেখ্য  চলিত  বছৰৰ জানুৱাৰী মাহত মল্লযোদ্ধাসকলে অনুৰাগ ঠাকুৰক তেওঁৰ বাসগৃহত লগ কৰিছিল আৰু এখন সমিতি গঠন হোৱাৰ পিছত তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল। মল্লযোদ্ধাসকলে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল৷ 

প্ৰতিবাদকাৰী মল্লযোদ্ধাই অমিত শ্বাহৰে আলোচনাৰ পিছতে  প্ৰতিবাদ ত্যাগ কৰা বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে মল্লযোদ্ধা সাক্ষী মালিকে লগে লগে টুইট কৰি সেয়া ভুৱা খবৰ বুলি কৈছিল আৰু কোনো পৰিস্থিতিতে প্ৰতিবাদৰ পথৰ পৰা বিচসিত নহয় বুলি স্পষ্ট কৰি দিছিল। । 

এনে সময়তে হজৰং পুনিয়ায়ো  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত কয় যে তেওঁৰ সৈতে শ্বাহৰ  কোনো চুক্তি হোৱা নাই। গৃহমন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এটা তদন্ত চলি আছে।মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে সভাত তেওঁলোকক সভাৰ বিষয়ে বাহিৰত কথা নক'বলৈ মানা কৰা হৈছিল।পুনিয়াই কয় - ''গৃহ মন্ত্ৰীৰ সৈতে আমাৰ কোনো ছেটিং হোৱা নাই। আমি অমিত শ্বাহক  সুধিছিলো ব্ৰিজ ভূষণক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ''এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰ পুনিয়াই কয়  ''প্ৰতিবাদী আন্দোলন শেষ হোৱা নাই, ই অব্যাহত থাকিব। আমি ইয়াক আগুৱাই নিয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰি আছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা