--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদী  মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকে বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাঞ কৰে৷  মল্লযোদ্ধাসকলৰ  মাহজোৰা প্ৰতিবাদৰ সময়তে বিষয়সমূহকলৈ  আলোচনাৰ বাবে খেল মন্ত্ৰীগৰাকীক তেওঁলোকে  সাক্ষাৎ কৰে।

 মন্ত্ৰী ঠাকুৰে যোৱা নিশাই মল্লযোদ্ধাসকলক আলোচনাৰ বাবে আমন্ত্ৰণৰ জনাইছিল৷  ইয়াৰ পিছতে মল্লযোদ্ধাসকলে সকলে ঠাকুৰক দিল্লীত থকা  তেওঁৰ বাসগৃহত সাক্ষাঞ কৰে। মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ সিং  ভাৰতীয় জনতা পাৰ্টিৰ  সাংসদো৷ মল্লযোদ্ধাসকলে সিঙক  যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ৰখাৰ দাবী জনাই আহিছে। যোৱা পুৱতি নিশা পোষ্ট কৰা এটা টুইটত অনুৰাগ ঠাকুৰে কৈছিল " মই আকৌ এবাৰ মল্লযোদ্ধাসকলক আলোচনাৰ  বাবে আমন্ত্ৰণ জনাইছো," উল্লেখ্য  চলিত  বছৰৰ জানুৱাৰী মাহত মল্লযোদ্ধাসকলে অনুৰাগ ঠাকুৰক তেওঁৰ বাসগৃহত লগ কৰিছিল আৰু এখন সমিতি গঠন হোৱাৰ পিছত তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল। মল্লযোদ্ধাসকলে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল৷ 

প্ৰতিবাদকাৰী মল্লযোদ্ধাই অমিত শ্বাহৰে আলোচনাৰ পিছতে  প্ৰতিবাদ ত্যাগ কৰা বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে মল্লযোদ্ধা সাক্ষী মালিকে লগে লগে টুইট কৰি সেয়া ভুৱা খবৰ বুলি কৈছিল আৰু কোনো পৰিস্থিতিতে প্ৰতিবাদৰ পথৰ পৰা বিচসিত নহয় বুলি স্পষ্ট কৰি দিছিল। । 

এনে সময়তে হজৰং পুনিয়ায়ো  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত কয় যে তেওঁৰ সৈতে শ্বাহৰ  কোনো চুক্তি হোৱা নাই। গৃহমন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এটা তদন্ত চলি আছে।মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে সভাত তেওঁলোকক সভাৰ বিষয়ে বাহিৰত কথা নক'বলৈ মানা কৰা হৈছিল।পুনিয়াই কয় - ''গৃহ মন্ত্ৰীৰ সৈতে আমাৰ কোনো ছেটিং হোৱা নাই। আমি অমিত শ্বাহক  সুধিছিলো ব্ৰিজ ভূষণক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ''এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰ পুনিয়াই কয়  ''প্ৰতিবাদী আন্দোলন শেষ হোৱা নাই, ই অব্যাহত থাকিব। আমি ইয়াক আগুৱাই নিয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰি আছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস