--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ ইংলেণ্ড-ফ্ৰান্সৰ কোৱাৰ্টাৰ ফাইনেলক লৈ যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে।লক্ষ্যণীয়ভাবে খেল খনৰ বাবে  টিকটৰ চাহিদা বাঢ়িছে। দুয়োখন দেশৰ ফুটবল অনুৰাগীয়ে যিকোনো মূল্যতে খেলখনৰ টিকট সংগ্ৰহ কৰিবলৈ হেতা-ওপৰা লগাইছে। সেয়ে ক’লা বজাৰত  টিকটৰ মূল্য আকাশচুম্বী হৈছে।

ইংলেণ্ড-ফ্ৰান্স বিশ্বকাপৰ খেলখনৰ বাবে টিকটৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। কিন্তু চাহিদা বাঢ়ি গৈ থকাত টিকটৰ সংখ্যা বৃদ্ধি কৰিব পাৰি নেকি সেয়াও চিন্তা কৰা হৈছে।  ক'লা বজাৰত একোটা  টিকটৰ মূল্য প্ৰকৃত মূল্যতকৈ  ২৮ গুণ বৃদ্ধি পাইছে। ইংলেণ্ড-ফ্ৰান্সৰ কোৱাৰ্টাৰ ফাইনেল খেলৰ বাবে একোখন  টিকটৰ সৰ্বনিম্ন মূল্য ১৭৫ পাউণ্ড বা ভাৰতীয় মূল্যত ১৭,৬০০টকা। সেই টিকটৰ দাম এতিয়া   ৫,০০০ পাউণ্ড বা ৫ লাখ টকাতকৈ অধিক হৈছে। 

ইংলেণ্ডৰ অনুৰাগীসকলৰ মাজতেই  টিকটৰ চাহিদা বেছি হৈছে। হেৰী কেনক সমৰ্থন কৰিবলৈ আল বেইট ষ্টেডিয়ামত ৯,৫০০ ইংৰাজ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।    ইংৰাজসকলে উচ্চ মূল্যতে কোৱাৰ্টাৰ ফাইনেলৰ বাবে টিকট সংগ্ৰহ কৰি আছে।

কাটাৰৰ আইন অনুসৰি ক'লা বেহা নিষিদ্ধ।এইক্ষেত্ৰত কেৱল ফিফাৰহে বিশ্বকাপৰ টিকট বিক্ৰী কৰাৰ অধিকাৰ আছে। কাটাৰৰ আৰক্ষী, বিশ্বকাপ আয়োজক আৰু ফিফাই যুটীয়াভাৱে টিকটৰ ক'লা বেহা বন্ধ কৰিবলৈ প্ৰচাৰ চলাই আছে। কিন্তু কোনে কাৰ কথা শুনিব? কঠোৰ নিৰীক্ষণৰ মাজতে টিকটৰ অবৈধ বিক্ৰী  চলিয়েই  আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক