--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ ইংলেণ্ড-ফ্ৰান্সৰ কোৱাৰ্টাৰ ফাইনেলক লৈ যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে।লক্ষ্যণীয়ভাবে খেল খনৰ বাবে  টিকটৰ চাহিদা বাঢ়িছে। দুয়োখন দেশৰ ফুটবল অনুৰাগীয়ে যিকোনো মূল্যতে খেলখনৰ টিকট সংগ্ৰহ কৰিবলৈ হেতা-ওপৰা লগাইছে। সেয়ে ক’লা বজাৰত  টিকটৰ মূল্য আকাশচুম্বী হৈছে।

ইংলেণ্ড-ফ্ৰান্স বিশ্বকাপৰ খেলখনৰ বাবে টিকটৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। কিন্তু চাহিদা বাঢ়ি গৈ থকাত টিকটৰ সংখ্যা বৃদ্ধি কৰিব পাৰি নেকি সেয়াও চিন্তা কৰা হৈছে।  ক'লা বজাৰত একোটা  টিকটৰ মূল্য প্ৰকৃত মূল্যতকৈ  ২৮ গুণ বৃদ্ধি পাইছে। ইংলেণ্ড-ফ্ৰান্সৰ কোৱাৰ্টাৰ ফাইনেল খেলৰ বাবে একোখন  টিকটৰ সৰ্বনিম্ন মূল্য ১৭৫ পাউণ্ড বা ভাৰতীয় মূল্যত ১৭,৬০০টকা। সেই টিকটৰ দাম এতিয়া   ৫,০০০ পাউণ্ড বা ৫ লাখ টকাতকৈ অধিক হৈছে। 

ইংলেণ্ডৰ অনুৰাগীসকলৰ মাজতেই  টিকটৰ চাহিদা বেছি হৈছে। হেৰী কেনক সমৰ্থন কৰিবলৈ আল বেইট ষ্টেডিয়ামত ৯,৫০০ ইংৰাজ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।    ইংৰাজসকলে উচ্চ মূল্যতে কোৱাৰ্টাৰ ফাইনেলৰ বাবে টিকট সংগ্ৰহ কৰি আছে।

কাটাৰৰ আইন অনুসৰি ক'লা বেহা নিষিদ্ধ।এইক্ষেত্ৰত কেৱল ফিফাৰহে বিশ্বকাপৰ টিকট বিক্ৰী কৰাৰ অধিকাৰ আছে। কাটাৰৰ আৰক্ষী, বিশ্বকাপ আয়োজক আৰু ফিফাই যুটীয়াভাৱে টিকটৰ ক'লা বেহা বন্ধ কৰিবলৈ প্ৰচাৰ চলাই আছে। কিন্তু কোনে কাৰ কথা শুনিব? কঠোৰ নিৰীক্ষণৰ মাজতে টিকটৰ অবৈধ বিক্ৰী  চলিয়েই  আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু