--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপৰ প্ৰতিগৰাকী  ফুটবলাৰে জাৰ্চীৰ তলত পিন্ধিছে মহিলাই   পিন্ধা অন্তৰ্বাস! কিন্তু কিয় ফুটবলাৰসকলে  জাৰ্চীৰ তলত মহিলাৰ অন্তৰ্বাস পিন্ধিছে? ইয়াৰ নিশ্চয় কিবা কাৰণ থাকিব লাগিব। দক্ষিণ কোৰিয়াৰ খেলুৱৈ হোৱাং হি চানে পৰ্তুগালৰ বিৰুদ্ধে এটা গ'ল দিয়াৰ পিছতে  তেওঁৰ জাৰ্চি টো খুলি দিছিল। তেতিয়াই দেখা গৈছিল যে তেওঁ এটা ক'লা অন্তৰ্বাস পিন্ধি আছে। 

সেয়া দেখিবলৈ  অলপ মহিলাই পিন্ধা অন্তৰ্বাসৰ দৰেই । কিন্তু তেওঁ কিয় সেয়া পিন্ধিছিল? যিসকলে নিয়মীয়াকৈ ফুটবল চায় তেওঁলোকৰ বাবে হি চানৰ পিছৰ কথাটো খুব বেছি আচৰিত হ’বলগীয়া কথা হয়তো নহয়। দৰাচলতে এইবাৰ প্ৰতিগৰাকী খেলুৱৈকে মহিলাৰ অন্তৰ্বাসৰ দৰে এনে বস্ত্ৰ পিন্ধিবলৈ দিয়া হৈছে। তেনে বস্ত্ৰত এটা জিপিএছ ট্ৰেকাৰ সংযুক্ত কৰা আছে।

 জিপিএছ ট্ৰেকাৰ সংযুক্ত বস্ত্ৰবিধ দেখিবলৈ  অলপ স্পৰ্টচ ব্ৰাৰ দৰে ।  ফুটবলাৰসকলে    খেলপথাৰত কি কৰি আছে সেই বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিবলৈ এনে জিপিএছ ট্ৰেকাৰ সংযুক্ত বস্ত্ৰ পিন্ধিবলৈ দিয়া হৈছে । ইয়াত এনে এটা  এটা প্ৰযুক্তি আছে যিয়ে ফুটবলাৰজনৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰে। 

কেৱল দক্ষিণ কোৰিয়াই নহয়, এইবাৰ বিশ্বকাপত বহুতো দেশৰ ফুটবলখেলুৱৈক জাৰ্চীৰ তলত এনে ধৰণৰ বস্ত্ৰ পিন্ধা দেখা গৈছে। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এইবাৰৰ খেলখন উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে।এনে প্ৰযুক্তিয়ে  অফচাইড, পেনাল্টি, ফাউলৰ দৰে সিদ্ধান্ত গ্ৰহণত সহায় কৰি আহিছে। 

উল্লেখ্য বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল শুক্ৰবাৰে আৰম্ভ হ'ব। ব্ৰাজিল আৰু ক্ৰোৱেছিয়াৰ মাজত  নিশা ৮:৩০ বজাত খেল খন আৰম্ভ  হ'ব। আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডে নিশা ১২:৩০ বজাত খেল পথাৰত নামে । পৰ্তুগাল আৰু মৰক্কোই শনিবাৰে নিশা ৮:৩০ বজাত খেলিব।  ১৪ আৰু ১৫ ডিচেম্বৰত বিশ্বকাপৰ  ছেমি ফাইনেল। ফাইনেলখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু