--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপৰ প্ৰতিগৰাকী  ফুটবলাৰে জাৰ্চীৰ তলত পিন্ধিছে মহিলাই   পিন্ধা অন্তৰ্বাস! কিন্তু কিয় ফুটবলাৰসকলে  জাৰ্চীৰ তলত মহিলাৰ অন্তৰ্বাস পিন্ধিছে? ইয়াৰ নিশ্চয় কিবা কাৰণ থাকিব লাগিব। দক্ষিণ কোৰিয়াৰ খেলুৱৈ হোৱাং হি চানে পৰ্তুগালৰ বিৰুদ্ধে এটা গ'ল দিয়াৰ পিছতে  তেওঁৰ জাৰ্চি টো খুলি দিছিল। তেতিয়াই দেখা গৈছিল যে তেওঁ এটা ক'লা অন্তৰ্বাস পিন্ধি আছে। 

সেয়া দেখিবলৈ  অলপ মহিলাই পিন্ধা অন্তৰ্বাসৰ দৰেই । কিন্তু তেওঁ কিয় সেয়া পিন্ধিছিল? যিসকলে নিয়মীয়াকৈ ফুটবল চায় তেওঁলোকৰ বাবে হি চানৰ পিছৰ কথাটো খুব বেছি আচৰিত হ’বলগীয়া কথা হয়তো নহয়। দৰাচলতে এইবাৰ প্ৰতিগৰাকী খেলুৱৈকে মহিলাৰ অন্তৰ্বাসৰ দৰে এনে বস্ত্ৰ পিন্ধিবলৈ দিয়া হৈছে। তেনে বস্ত্ৰত এটা জিপিএছ ট্ৰেকাৰ সংযুক্ত কৰা আছে।

 জিপিএছ ট্ৰেকাৰ সংযুক্ত বস্ত্ৰবিধ দেখিবলৈ  অলপ স্পৰ্টচ ব্ৰাৰ দৰে ।  ফুটবলাৰসকলে    খেলপথাৰত কি কৰি আছে সেই বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিবলৈ এনে জিপিএছ ট্ৰেকাৰ সংযুক্ত বস্ত্ৰ পিন্ধিবলৈ দিয়া হৈছে । ইয়াত এনে এটা  এটা প্ৰযুক্তি আছে যিয়ে ফুটবলাৰজনৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰে। 

কেৱল দক্ষিণ কোৰিয়াই নহয়, এইবাৰ বিশ্বকাপত বহুতো দেশৰ ফুটবলখেলুৱৈক জাৰ্চীৰ তলত এনে ধৰণৰ বস্ত্ৰ পিন্ধা দেখা গৈছে। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এইবাৰৰ খেলখন উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে।এনে প্ৰযুক্তিয়ে  অফচাইড, পেনাল্টি, ফাউলৰ দৰে সিদ্ধান্ত গ্ৰহণত সহায় কৰি আহিছে। 

উল্লেখ্য বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল শুক্ৰবাৰে আৰম্ভ হ'ব। ব্ৰাজিল আৰু ক্ৰোৱেছিয়াৰ মাজত  নিশা ৮:৩০ বজাত খেল খন আৰম্ভ  হ'ব। আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডে নিশা ১২:৩০ বজাত খেল পথাৰত নামে । পৰ্তুগাল আৰু মৰক্কোই শনিবাৰে নিশা ৮:৩০ বজাত খেলিব।  ১৪ আৰু ১৫ ডিচেম্বৰত বিশ্বকাপৰ  ছেমি ফাইনেল। ফাইনেলখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক