--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ব্ৰাজিলে বিশ্বকাপ জিকিছে ২০০২ চনতে। তাৰপাছত বিশ বছৰধৰি ফুটবলবিশ্ব জয় কৰিব পৰা পাঁচবাৰৰ চেম্পিয়ন ‘চেলেকাও’ৱে। প্ৰতিখন বিশ্বকাপতে ইউৰোপিয়ান শক্তিৰ হাতত পৰাজীত হৈছে লেটিন আমেৰিকান দেশখন।

২০০২ চনৰ পাছত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত তিনিবাৰকৈ প্ৰৱেশ কৰিছে ব্ৰাজিলে। কিন্তু সফল হোৱা নাই। ২০০২ চনত জাৰ্মানীক হৰুৱাই বিশ্বজয় কৰিছিল ব্ৰাজিলে। সেই জাৰ্মানীয়েই বাৰ বছৰৰ পাছত প্ৰতিশোধ লয় ব্ৰাজিলৰ ওপৰত। ২০১৪ চনত ঘৰুৱা বিশ্বকাপতে ৭-১ ব্যৱধানত জাৰ্মানীৰ হাতত পৰাজীত হৈ  কাললৈ কুখ্যাতি অৰ্জন কৰিলে পেলেৰ দেশখনে।

২০০৬ চনতো কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলে ফ্ৰান্সৰ মুখামুখি হৈছিল। ৰোণাল্ডো, ৰোণাল্ডিলহোৰ স’তে প্ৰতিদ্বন্দিতা চলিছিল জিদান, থিয়েৰী হেনৰীৰ। কিন্তু হেনৰীৰ গ’লেৰে ব্ৰাজিলক ১-০ ব্যৱধানত পৰাস্ত কৰিছিল ১৯৯৮ চনৰ বিশ্বকাপজয়ী ফ্ৰান্সে।

২০১০ চনতো দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল ব্ৰাজিলে। প্ৰতিপক্ষ আছিল নেদাৰলেণ্ড। মেচখনত ৰবিনহোৰ গ’লেৰে ব্ৰাজিলে অগ্ৰগতি লাভ কৰিছিল। কিন্তু দ্বিতীয়াৰ্ধত ৱেছলী স্নাইডাৰৰ দুটাকৈ গ’লেৰে নেদাৰলেণ্ডে ব্ৰাজিলক পৰাভূত কৰে।

যোৱাবাৰৰ বিশ্বকাপ তথা ২০১৮ চনতো ব্ৰাজিলে বেলজিয়ামৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল। মেচখনত ২-১ গ’লত হাৰিছিল ব্ৰাজিল। 

এইবাৰো কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল মুখামুখি হৈছে আন এটা উদীয়মান ইউৰোপিয়ান শক্তিৰ। এইবাৰ ব্ৰাজিলৰ সমুখত ক্ৰোৱেশ্চিয়া। কি হ’ব এইবাৰ? তাক লৈ ফুটবলবিশ্বত ব্যাপক উন্মাদনাৰে ভৰি পৰিছে।

যোৱাবাৰৰ বিশ্বকাপত ফ্ৰান্সৰ স’তে ফাইনেল খেলি চমক দিছিল ক্ৰ’ৱেশ্চিয়াই। এইবাৰো বালকান দেশখনে বিশ্বকাপত সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ পূৰ্ণ চেষ্টা কৰিব। কিন্তু নেইমাৰ, ৰিচাৰ্লিছন, ভিনিচিয়াছেৰ দৰে তাৰকাৰে শক্তিশালী এইবাৰৰ ব্ৰাজিলক লুকা মড্ৰিচৰ ক্ৰ’ৱেশ্চিয়াই কিদৰে প্ৰত্যাহ্বান জনায়, তাৰ বাবে অপেক্ষা কৰিব লাগিব শুক্ৰবাৰে।

পাৰিবনে এইবাৰ ব্ৰাজিলে? পাৰিবনে নিজৰ গৌৰৱ অটুত ৰাখিব?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু