--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ব্ৰাজিলে বিশ্বকাপ জিকিছে ২০০২ চনতে। তাৰপাছত বিশ বছৰধৰি ফুটবলবিশ্ব জয় কৰিব পৰা পাঁচবাৰৰ চেম্পিয়ন ‘চেলেকাও’ৱে। প্ৰতিখন বিশ্বকাপতে ইউৰোপিয়ান শক্তিৰ হাতত পৰাজীত হৈছে লেটিন আমেৰিকান দেশখন।

২০০২ চনৰ পাছত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত তিনিবাৰকৈ প্ৰৱেশ কৰিছে ব্ৰাজিলে। কিন্তু সফল হোৱা নাই। ২০০২ চনত জাৰ্মানীক হৰুৱাই বিশ্বজয় কৰিছিল ব্ৰাজিলে। সেই জাৰ্মানীয়েই বাৰ বছৰৰ পাছত প্ৰতিশোধ লয় ব্ৰাজিলৰ ওপৰত। ২০১৪ চনত ঘৰুৱা বিশ্বকাপতে ৭-১ ব্যৱধানত জাৰ্মানীৰ হাতত পৰাজীত হৈ  কাললৈ কুখ্যাতি অৰ্জন কৰিলে পেলেৰ দেশখনে।

২০০৬ চনতো কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলে ফ্ৰান্সৰ মুখামুখি হৈছিল। ৰোণাল্ডো, ৰোণাল্ডিলহোৰ স’তে প্ৰতিদ্বন্দিতা চলিছিল জিদান, থিয়েৰী হেনৰীৰ। কিন্তু হেনৰীৰ গ’লেৰে ব্ৰাজিলক ১-০ ব্যৱধানত পৰাস্ত কৰিছিল ১৯৯৮ চনৰ বিশ্বকাপজয়ী ফ্ৰান্সে।

২০১০ চনতো দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল ব্ৰাজিলে। প্ৰতিপক্ষ আছিল নেদাৰলেণ্ড। মেচখনত ৰবিনহোৰ গ’লেৰে ব্ৰাজিলে অগ্ৰগতি লাভ কৰিছিল। কিন্তু দ্বিতীয়াৰ্ধত ৱেছলী স্নাইডাৰৰ দুটাকৈ গ’লেৰে নেদাৰলেণ্ডে ব্ৰাজিলক পৰাভূত কৰে।

যোৱাবাৰৰ বিশ্বকাপ তথা ২০১৮ চনতো ব্ৰাজিলে বেলজিয়ামৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল। মেচখনত ২-১ গ’লত হাৰিছিল ব্ৰাজিল। 

এইবাৰো কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল মুখামুখি হৈছে আন এটা উদীয়মান ইউৰোপিয়ান শক্তিৰ। এইবাৰ ব্ৰাজিলৰ সমুখত ক্ৰোৱেশ্চিয়া। কি হ’ব এইবাৰ? তাক লৈ ফুটবলবিশ্বত ব্যাপক উন্মাদনাৰে ভৰি পৰিছে।

যোৱাবাৰৰ বিশ্বকাপত ফ্ৰান্সৰ স’তে ফাইনেল খেলি চমক দিছিল ক্ৰ’ৱেশ্চিয়াই। এইবাৰো বালকান দেশখনে বিশ্বকাপত সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ পূৰ্ণ চেষ্টা কৰিব। কিন্তু নেইমাৰ, ৰিচাৰ্লিছন, ভিনিচিয়াছেৰ দৰে তাৰকাৰে শক্তিশালী এইবাৰৰ ব্ৰাজিলক লুকা মড্ৰিচৰ ক্ৰ’ৱেশ্চিয়াই কিদৰে প্ৰত্যাহ্বান জনায়, তাৰ বাবে অপেক্ষা কৰিব লাগিব শুক্ৰবাৰে।

পাৰিবনে এইবাৰ ব্ৰাজিলে? পাৰিবনে নিজৰ গৌৰৱ অটুত ৰাখিব?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক