--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাক্ষদ্বীপৰ ছবি পোষ্ট কৰাৰ পিছতে মোদীক কটাক্ষ কৰা মালদ্বীপৰ বিৰুদ্ধে ভাৰতত সৃষ্টি হৈছে প্ৰবল প্ৰতিবাদ।   বয়কট মালদ্বীপ শ্ল’গানে এতিয়া মালদ্বীপৰ চৰকাৰক কঁপাই তুলিছে।  মোদীক কটাক্ষ কৰাৰ বাবেই ভাৰতৰ বহুলোকে তেওঁলোকৰ মালদ্বীপ ভ্ৰমণৰ বাবে ক্ৰয় কৰা  টিকট বাতিল কৰিছে। এনে সময়তে দেশৰ কাষত থিয় হৈ থকাৰ কথা ঘোষণা কৰিছে   


 এটা ভাৰতীয় ভ্ৰমণ সংস্থাই। সংস্থাটোৱে মালদ্বীপলৈ কৰা বিমানৰ  সকলো বুকিং বাতিল কৰিছে। অনলাইন ভ্ৰমণ সংস্থাটোৰ  মতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষদ্বীপ ভ্ৰমণ সন্দৰ্ভত মালদ্বীপৰ ছ'চিয়েল মিডিয়াত বহু  অপমানজনক মন্তব্য কৰা হৈছে। সেয়েহে, কোম্পানীটোৱে মালদ্বীপলৈ কৰা সকলো   বুকিং বাতিল কৰিছে। আনহাতে, দেশবাসীয়ে মালদ্বীপলৈ যোৱাৰ সলনি  লাক্ষাদ্বীপলৈ গৈ  বন্ধৰ দিন কটোৱাৰ বাবে বহুতে আহ্বান জনাইছে।  এনে আহ্বান জনোৱাসকলৰ ভিতৰত বলীউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি বহু প্ৰসিদ্ধ  ক্ৰিকেটাৰো আছে। 

 মালদ্বীপৰ চৰকাৰে  আশংকা কৰিছে যে যদি ভাৰতৰ জনসাধাৰণে মালদ্বীপ ভ্ৰমণ বাতিল কৰে, তেন্তে দেশখনৰ  অৰ্থনীতি ক্ষতিগ্ৰস্ত হ'ব।  উল্লেখ্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে লাক্ষদ্বীপ ভ্ৰমণৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে সমালোচনাৰ কৰি  মন্ত্ৰী পদ হেৰুৱাবলগীয়া হৈছে মালদ্বীপৰ তিনি মন্ত্ৰীয়ে। মালদ্বীপৰ যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোদীক  "পুতলা" বুলি অভিহিত কৰিছিল। মোদীক সমালোচনা কৰাৰ পিছতে মালদ্বীপৰ  মন্ত্ৰীগৰাকীক  নিলম্বন কৰা হয় । দুজন মন্ত্ৰী মালশা শ্বৰীফ আৰু মাহজুম মজিদকো একে কাৰণতে  নিলম্বিত কৰা হৈছে। ভাৰতীয় উচ্চআয়োগে ইতিমধ্যে সমগ্ৰ বিষয়টোকলৈ মালদ্বীপ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল  মালদ্বীপৰ মন্ত্ৰীগৰাকীৰ  মন্তব্য পোহৰলৈ অহাৰ পিছতে ছ'চিয়েল মিডিয়াত বয়কট মালদ্বীপ হেচটেগ আৰম্ভ হয়। মোদীক কটাক্ষ কৰাৰ বাবেই বহু ভাৰতীয় লোকে মালদ্বীপলৈ ভ্ৰমণৰ বাবে  যোৱাৰ পৰিকল্পনা বাতিল কৰিছে।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  ৪ জানুৱাৰীত লাক্ষদ্বীপ ভ্ৰমণ কৰিছিল। তেওঁ সাগৰ আৰু সাগৰৰ পাৰৰ ফটো পোষ্ট কৰিছিল। তাৰ পিছতে  'চীনপন্থী' মালদ্বীপ চৰকাৰৰ একাংশ নেতা আৰু মন্ত্ৰীয়ে  প্ৰধানমন্ত্ৰীৰ ফটোকলৈ উপহাস কৰিবলৈ আৰম্ভ কৰে। যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোডীক "ভাৱৰীয়া " বুলি অভিহিত কৰে। মালদ্বীপৰ নেতা জাহিদ ৰামিজে কয়, "ভাৰতৰ সমুদ্ৰতীৰ আমাৰ দৰে পৰিষ্কাৰ নহয়। এয়া  দুৰ্গন্ধৰে ভৰা। "

অৱশ্যে মালদ্বীপ চৰকাৰে ছ'চিয়েল মিডিয়াত মোদীকলৈ কেইবাটাও অপমানজনক মন্তব্য বিয়পি পৰাৰ পিছত নিজৰ স্থিতি স্পষ্ট কৰি দিছে। মালদ্বীপ চৰকাৰে এক বিবৃতিত  কৈছে , "বাক্ স্বাধীনতা সকলোৰে আছে, কিন্তু ইয়াক সুচিন্তিতভাবে  ব্যৱহাৰ কৰা উচিত। বিদ্বেষ বিয়পাবলৈ  বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মালদ্বীপৰ স্থিতি অৱনমিত  কৰিবলৈ বাক্ স্বাধীনতাৰ অপব্যৱহাৰ কৰিব নালাগে। ছ'চিয়েল মিডিয়াত বিদেশী নেতাৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰে গুঞ্জন উঠিছে। কিন্তু এয়া তেওঁলোকৰ ব্যক্তিগত মতামত আৰু মালদ্বীপ চৰকাৰৰ সৈতে এে মন্তব্যৰ  কোনো সম্পৰ্ক নাই। " খবৰ অনুসৰি মালীত মহম্মদ মুইজুৰ প্ৰশাসনৰ সৈতে ভাৰতৰ প্ৰতিনিধিৰ  আলোচনা চলি আছে। অৱশ্যে বিতৰ্কৰ সন্মুখীন হোৱাৰ পিছতে মালদ্বীপৰ মন্ত্ৰীয়ে তেওঁলোকৰ মোদীৰ বিৰুদ্ধে কৰা  মানহানিকৰ পোষ্টবোৰ বিলোপ কৰিছে। যোৱা বছৰ চীনপন্থী মুইজু ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে। এতিয়া সেই বিবাদে  আন এক গতি লাভ কৰিছে। 

 মালদ্বীপৰ প্ৰথমগৰাকী  গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ নাছিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়াকৈ লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সন্দৰ্ভত মালদ্বীপ চৰকাৰৰ এজন মন্ত্ৰীয়ে কৰা "কটাক্ষপূৰ্ণ " ছ'চিয়েল মিডিয়া পোষ্টক তীব্ৰ গৰিহণা দিছে।  মোদীয়ে  ৩২ বৰ্গ কিলোমিটাৰ এলেকা জুৰি থকা ৩৬ টা দ্বীপৰে গঠিত ভাৰতৰ  কেন্দ্ৰীয় শাসিত অঞ্চলটো ভ্ৰমণ কৰি  লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰৰ পদক্ষেপ হিচাপে দ্বীপপুঞ্জৰ কিছু ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এই কথাকলৈয়েই মালদ্বীপৰ মন্ত্ৰীয়ে মোদীক কটাক্ষ কৰিছিল। শুকুৰবাৰে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী অনুষ্ঠানৰ লগতে মোদীয়ে ব্যক্তিগত সময় কটাইছিল লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত। লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰাতঃভ্ৰমণ, স্ন’ৰকেলিং কৰিছিল প্ৰধানমন্ত্ৰীয়ে মোদীয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement