--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত গ্ৰহ সমূহে স্থান আৰু ৰাশি পৰিৱৰ্তন কৰে। আজিৰে পৰা ৭ দিন পাছত মংগলৰ ৰাশি পৰিৱৰ্তন হ’ব। এই পৰিৱৰ্তনে আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। কিছুমান ৰাশিত ভাল প্ৰভাৱ আৰু কিছুমান ৰাশিত বেয়া প্ৰভাৱ পৰে। মংগল গ্ৰহই ১৮ আগষ্টৰ সন্ধিয়া ০৪.১২ বজাত কন্যা ৰাশিলৈ স্থান সলনি কৰিব। মংগল গ্ৰহ কন্যা ৰাশিত ৩ অক্টোবৰলৈ থাকিব। ইয়াৰ ফলত চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ। হ’ব ব্যাপক পৰিৱৰ্তন। ভাগ্য সলনি হ’ব।

কি কি এই চাৰি ৰাশি?

১) কৰ্কট ৰাশিঃ কন্যা ৰাশিত মংগলৰ প্ৰৱেশৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ কেৰিয়াৰত উন্নতি হ’ব। তেওঁলোকৰ সাহস, পৰাক্ৰম আৰু শক্তি বৃদ্ধি হ’ব। ভাতৃ–ভগ্নীৰ সৈতে সম্পৰ্ক সুন্দৰ আৰু মধুৰ হ’ব। পৰিয়ালত শান্তি বৰ্তি থাকিব। বিৰোধী আৰু শত্ৰুৰ বিৰুদ্ধে জয়।

২) বৃশ্চিক ৰাশিঃ কন্যা ৰাশিত মংগলৰ প্ৰৱেশৰ ফলত বৃশ্চিক ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব। বিৰোধী আৰু শত্ৰু পৰাজিত হব।তেওঁলোকে আপোনাৰ শক্কিক স্বীকাৰ কৰিবলৈ বাধ্য হ’ব। সামাজিক যোগাযোগ মজবুত হ’ব। বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। নিজৰ কথাত সংযম ৰাখি চলিলে ভাল। ৰুগীয়া লোকসকলৰ ৰোগ দূৰ হৈ সুস্থ হ’ব। ব্যৱসায়ীসকলে নিজৰ পৰিয়ালৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। সকলো কামতে উন্নতি হ’ব। মনৰ আশা তথা ইচ্ছা পূৰণ হ’ব।

৩) ধনু ৰাশিঃ যিসকল লোকে বিদেশত চাকৰি কৰাৰ সপোন দেখিছে, তেওঁলোকে শুভ ফল পাব। ব্যৱসায়ীসকলে হাতত দিয়া কামবোৰ লাভজনক হ’ব। কামৰ বিস্তাৰ হ’ব, আৰ্থিক স্থিতি উন্নত হ’ব। কামকলৈ বিদেশ ভ্ৰমণৰ যোগ।

অধিক ব্যস্ততাৰ বাবে ব্যক্তিগত জীৱন প্ৰভাৱিত হ’ব পাৰে, সাৱধান হ’ব। শিক্ষাৰ্থীসকলে শুভ ফল পাব। সকলো দিশতে সাহস আৰু শক্তি অটুট থাকিব।

৪) মকৰ ৰাশিঃ  মকৰ ৰাশিৰ জাতক-জাতিকাৰ জীৱন মংগলময় হ’ব। মংগলৰ শুভ প্ৰভাৱৰ বাবে সকলো কামতে মন বহিব। মানসিক শান্তি লাভ কৰিব। ১৮ আগষ্টৰ পিছত আপুনি ঘৰত কোনো মাংগলিক কাম কৰিব পাৰে। বিবাহ আদি সকলো মাংগলিক কাম মংগলৰ কৃপাত খুব সুন্দৰকৈ সম্পন্ন হ’ব। ধৰ্মীয় যাত্ৰা হোৱাৰ সম্ভাৱনা। দান কৰিলে শুভ ফল পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত