--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই ফিট হৈ থাকিবলৈ আৰু যুৱ হৈ থাকিবলৈ যোগাসন কৰে বা সুস্থ জীৱনশৈলী কটায়। কাৰণ বয়স বৃদ্ধিৰ পৰাই বহু সমস্যা আৰম্ভ হয়। হয়তো এই কাৰণেই বহুতে নিজকে সৰু কৰি ৰাখিবলৈ সকলো ধৰণৰ টিপছ গ্ৰহণ কৰে। কিন্তু আমি আপোনালোকক ক’বলৈ ওলোৱা ব্যক্তিজনে নিজকে ডেকা কৰি ৰাখিবলৈ হাজাৰ হাজাৰ লাখ নহয় কোটি কোটি টকা খৰচ কৰে। ৪৫ বছৰীয়া কোটিপতি চফটৱেৰ ব্যৱসায়ীজনে দেখাত ১৮ বছৰীয়া যুৱকৰ দৰে হৈ থাকিব বিচাৰে আৰু ইয়াৰ বাবে তেওঁ কোটি কোটি টকা খৰচ কৰিছে। ব্যক্তিজনৰ নাম ব্রায়ান জনছন।

ডেকা হৈ থাকিবলৈ কেলিফৰ্ণিয়াৰ নিৱাসী ব্রায়ান জনছনে ৩০ জনীয়া চিকিৎসা পেছাদাৰী দলৰ সেৱা লৈছে। এই চিকিৎসা দলটোৰ নেতৃত্ব দিছে চিকিৎসক অলিভাৰ জোলমেনে। ৫ বছৰ ধৰি ব্রায়ান জনছনে ইয়াৰ বাবে খৰচ কৰিছে বছৰি ১৬ কোটি টকা। ব্যৱসায়ীজনে দাবী কৰিছে যে এক চিকিৎসা পৰীক্ষাৰ দ্বাৰা তেওঁ ১৮ বছৰীয়া যুৱকৰ দৰে হাওঁফাওঁ, হৃদযন্ত্ৰ, মগজু আৰু ছাল লাভ কৰিব। ৪৫ বছৰ বয়সতো তেওঁৰ হৃদয়খন এজন সুস্থ ৩৭ বছৰীয়া ব্যক্তিৰ দৰে। কেৱল এয়াই নহয়, জনছনে লগতে কয় যে তেওঁ নিজৰ ছালখন ২৮ বছৰীয়া যুৱকৰ দৰে কৰি তুলিছে। জনছনে ইউটিউবতো নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ব্রায়ান জনছনৰ শৰীৰৰ অংগসমূহৰ বয়স হ্ৰাস কৰাৰ বাবে ব্লুপ্ৰিণ্ট আৰম্ভ কৰা হৈছে। জনছনৰ ৰুটিন অতি কঠোৰ কৰি ৰখা হৈছে। তেওঁ ভেগান ডায়েটত আছে। ভেগান ডায়েট মানে ফল-মূল, শস্য আৰু উদ্ভিদৰ পৰা পোৱা খাদ্য। ইয়াত গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী সামগ্ৰী আৰু কণী অন্তৰ্ভুক্ত নহয়। জনছনে প্ৰজেক্ট ব্লুপ্ৰিণ্টৰ অধীনত প্ৰতিদিনে ১৯৭৭ কেলৰি গ্ৰহণ কৰি আছে। 

১ ঘণ্টা ব্যায়াম কৰে আৰু শোৱাৰো এটা নিৰ্দিষ্ট সময় আছে। তেওঁ প্ৰতিদিনে ৰাতিপুৱা ৫:০০ বজাত শোৱাৰ পৰা উঠে।এই কামৰ বাবে কেলিফৰ্ণিয়াৰ ভেনিচত এটা হেল্থকেয়াৰ ছুইট নিৰ্মাণ কৰা হৈছে।জনছনে কয় যে এই সকলোবোৰ কৰি তেওঁ প্ৰমাণ কৰিব বিচাৰে যে শৰীৰৰ ক্ৰমান্বয়ে বয়স বৃদ্ধি হোৱাটোৱেই নিয়ম কিন্তু ইয়াক ওলোটাও কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক