--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই ফিট হৈ থাকিবলৈ আৰু যুৱ হৈ থাকিবলৈ যোগাসন কৰে বা সুস্থ জীৱনশৈলী কটায়। কাৰণ বয়স বৃদ্ধিৰ পৰাই বহু সমস্যা আৰম্ভ হয়। হয়তো এই কাৰণেই বহুতে নিজকে সৰু কৰি ৰাখিবলৈ সকলো ধৰণৰ টিপছ গ্ৰহণ কৰে। কিন্তু আমি আপোনালোকক ক’বলৈ ওলোৱা ব্যক্তিজনে নিজকে ডেকা কৰি ৰাখিবলৈ হাজাৰ হাজাৰ লাখ নহয় কোটি কোটি টকা খৰচ কৰে। ৪৫ বছৰীয়া কোটিপতি চফটৱেৰ ব্যৱসায়ীজনে দেখাত ১৮ বছৰীয়া যুৱকৰ দৰে হৈ থাকিব বিচাৰে আৰু ইয়াৰ বাবে তেওঁ কোটি কোটি টকা খৰচ কৰিছে। ব্যক্তিজনৰ নাম ব্রায়ান জনছন।

ডেকা হৈ থাকিবলৈ কেলিফৰ্ণিয়াৰ নিৱাসী ব্রায়ান জনছনে ৩০ জনীয়া চিকিৎসা পেছাদাৰী দলৰ সেৱা লৈছে। এই চিকিৎসা দলটোৰ নেতৃত্ব দিছে চিকিৎসক অলিভাৰ জোলমেনে। ৫ বছৰ ধৰি ব্রায়ান জনছনে ইয়াৰ বাবে খৰচ কৰিছে বছৰি ১৬ কোটি টকা। ব্যৱসায়ীজনে দাবী কৰিছে যে এক চিকিৎসা পৰীক্ষাৰ দ্বাৰা তেওঁ ১৮ বছৰীয়া যুৱকৰ দৰে হাওঁফাওঁ, হৃদযন্ত্ৰ, মগজু আৰু ছাল লাভ কৰিব। ৪৫ বছৰ বয়সতো তেওঁৰ হৃদয়খন এজন সুস্থ ৩৭ বছৰীয়া ব্যক্তিৰ দৰে। কেৱল এয়াই নহয়, জনছনে লগতে কয় যে তেওঁ নিজৰ ছালখন ২৮ বছৰীয়া যুৱকৰ দৰে কৰি তুলিছে। জনছনে ইউটিউবতো নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ব্রায়ান জনছনৰ শৰীৰৰ অংগসমূহৰ বয়স হ্ৰাস কৰাৰ বাবে ব্লুপ্ৰিণ্ট আৰম্ভ কৰা হৈছে। জনছনৰ ৰুটিন অতি কঠোৰ কৰি ৰখা হৈছে। তেওঁ ভেগান ডায়েটত আছে। ভেগান ডায়েট মানে ফল-মূল, শস্য আৰু উদ্ভিদৰ পৰা পোৱা খাদ্য। ইয়াত গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী সামগ্ৰী আৰু কণী অন্তৰ্ভুক্ত নহয়। জনছনে প্ৰজেক্ট ব্লুপ্ৰিণ্টৰ অধীনত প্ৰতিদিনে ১৯৭৭ কেলৰি গ্ৰহণ কৰি আছে। 

১ ঘণ্টা ব্যায়াম কৰে আৰু শোৱাৰো এটা নিৰ্দিষ্ট সময় আছে। তেওঁ প্ৰতিদিনে ৰাতিপুৱা ৫:০০ বজাত শোৱাৰ পৰা উঠে।এই কামৰ বাবে কেলিফৰ্ণিয়াৰ ভেনিচত এটা হেল্থকেয়াৰ ছুইট নিৰ্মাণ কৰা হৈছে।জনছনে কয় যে এই সকলোবোৰ কৰি তেওঁ প্ৰমাণ কৰিব বিচাৰে যে শৰীৰৰ ক্ৰমান্বয়ে বয়স বৃদ্ধি হোৱাটোৱেই নিয়ম কিন্তু ইয়াক ওলোটাও কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ