--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধি, বিজুলীৰ নাটনি, ভগ্ন অৰ্থনীতিয়ে বিদ্ধস্ত কৰিছে পাকিস্তানক৷ এনে সময়তে দেশ খনৰ বিত্ত মন্ত্ৰী ইছাক দাৰে  কয় যে পাকিস্তান হৈছে ইছলামৰ নামত প্ৰতিষ্ঠা কৰা একমাত্ৰ দেশ আৰু আল্লা ইয়াৰ বিকাশ তথা সমৃদ্ধিৰ বাবে দায়বদ্ধ৷ এনে মন্তব্যৰ দ্বাৰা বিত্ত মন্ত্ৰীগৰাকীয়ে বুজাই দিলে যে পাকিস্তানৰ অৰ্থনৈতিক সংকটৰ বাবে আল্লাই দায়ী৷  

নগদ ধনৰ অভাৱত ভোগা ৰাষ্ট্ৰখনে এক তীব্ৰ সংকটৰ সন্মুখীন হৈছে। গ্ৰীণ লাইন এক্সপ্ৰেছ ৰেল সেৱাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন)ৰ জ্যেষ্ঠ নেতাজনে কয় যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে পাকিস্তানে আগবাঢ়িব পাৰিব৷ কিয়নো দেশ খন  ইছলামৰ নামত সৃষ্টি কৰা হৈছিল।তেওঁ কয় " যদি আল্লাই পাকিস্তান সৃষ্টি কৰিব পাৰে তেন্তে তেওঁ ইয়াক সুৰক্ষা, বিকাশ আৰু সমৃদ্ধিও কৰিব পাৰে," । 

বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, "আমি  প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত পাকিস্তানৰ অৱস্থা উন্নত কৰাৰ বাবে যথাসাধিকাৰ চেষ্টা কৰি আছো"। ডাৰে লগতে  কয় যে বৰ্তমানৰ চৰকাৰে ইমৰান খানৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ পৰা কেইবাটাও সমস্যা উত্তৰাধিকাৰী সূত্ৰে  পাইছিল৷  তেওঁ এইবুলিও কয়  যে পাঁচ বছৰ আগতে আৰম্ভ হোৱা "নাটক"ৰ বাবেই দেশখনে এতিয়াও ভুগি আছে ৷বিত্ত মন্ত্ৰীয়ে দাবী কৰে যে পাকিস্তান ষ্টক এক্সচেঞ্জ দক্ষিণ এছিয়াৰ সৰ্বশ্ৰেষ্ঠ আৰু নৱাজ শ্বৰীফৰ যুগত বিশ্বৰ পঞ্চম স্থানত আছিল ৷

উল্লেখ্য পাকিস্তানৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ ৯২৩  বিলিয়ন আমেৰিকান ডলাৰৰ পৰা  হ্ৰাস হৈ ৩.৬৮ বিলিয়ন আমেৰিকান ডলাৰ হৈছে। পাকিস্তানে ২০১৯ চনত ৬ বিলিয়ন আমেৰিকান ডলাৰ আইএমএফ বেইলআউট লাভ কৰিছিল।  বানপানীৰ পিছত দেশখনক সহায় কৰিবলৈ ২০২২ চনত আৰু ১.১ বিলিয়ন আমেৰিকান ডলাৰৰ বেইলআউট দিয়া হৈছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ