--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধি, বিজুলীৰ নাটনি, ভগ্ন অৰ্থনীতিয়ে বিদ্ধস্ত কৰিছে পাকিস্তানক৷ এনে সময়তে দেশ খনৰ বিত্ত মন্ত্ৰী ইছাক দাৰে  কয় যে পাকিস্তান হৈছে ইছলামৰ নামত প্ৰতিষ্ঠা কৰা একমাত্ৰ দেশ আৰু আল্লা ইয়াৰ বিকাশ তথা সমৃদ্ধিৰ বাবে দায়বদ্ধ৷ এনে মন্তব্যৰ দ্বাৰা বিত্ত মন্ত্ৰীগৰাকীয়ে বুজাই দিলে যে পাকিস্তানৰ অৰ্থনৈতিক সংকটৰ বাবে আল্লাই দায়ী৷  

নগদ ধনৰ অভাৱত ভোগা ৰাষ্ট্ৰখনে এক তীব্ৰ সংকটৰ সন্মুখীন হৈছে। গ্ৰীণ লাইন এক্সপ্ৰেছ ৰেল সেৱাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন)ৰ জ্যেষ্ঠ নেতাজনে কয় যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে পাকিস্তানে আগবাঢ়িব পাৰিব৷ কিয়নো দেশ খন  ইছলামৰ নামত সৃষ্টি কৰা হৈছিল।তেওঁ কয় " যদি আল্লাই পাকিস্তান সৃষ্টি কৰিব পাৰে তেন্তে তেওঁ ইয়াক সুৰক্ষা, বিকাশ আৰু সমৃদ্ধিও কৰিব পাৰে," । 

বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, "আমি  প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত পাকিস্তানৰ অৱস্থা উন্নত কৰাৰ বাবে যথাসাধিকাৰ চেষ্টা কৰি আছো"। ডাৰে লগতে  কয় যে বৰ্তমানৰ চৰকাৰে ইমৰান খানৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ পৰা কেইবাটাও সমস্যা উত্তৰাধিকাৰী সূত্ৰে  পাইছিল৷  তেওঁ এইবুলিও কয়  যে পাঁচ বছৰ আগতে আৰম্ভ হোৱা "নাটক"ৰ বাবেই দেশখনে এতিয়াও ভুগি আছে ৷বিত্ত মন্ত্ৰীয়ে দাবী কৰে যে পাকিস্তান ষ্টক এক্সচেঞ্জ দক্ষিণ এছিয়াৰ সৰ্বশ্ৰেষ্ঠ আৰু নৱাজ শ্বৰীফৰ যুগত বিশ্বৰ পঞ্চম স্থানত আছিল ৷

উল্লেখ্য পাকিস্তানৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ ৯২৩  বিলিয়ন আমেৰিকান ডলাৰৰ পৰা  হ্ৰাস হৈ ৩.৬৮ বিলিয়ন আমেৰিকান ডলাৰ হৈছে। পাকিস্তানে ২০১৯ চনত ৬ বিলিয়ন আমেৰিকান ডলাৰ আইএমএফ বেইলআউট লাভ কৰিছিল।  বানপানীৰ পিছত দেশখনক সহায় কৰিবলৈ ২০২২ চনত আৰু ১.১ বিলিয়ন আমেৰিকান ডলাৰৰ বেইলআউট দিয়া হৈছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ