--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়ালক অতি হিংসাত্মক প্ৰাণী বুলি জনা যায়। ঘঁৰিয়ালৰ মুখৰ পৰা বাচি অহাটো অতি কঠিন। ঘঁৰিয়ালে পানীত নমা মানুহক টানি নিয়ে। সেই মানুহ ঘঁৰিয়ালৰ আহাৰ হয়। কিন্তু কেতিয়াবা যেন প্ৰকৃতিয়ে আজৱ খেল খেলে। সময়ে সময়ে কিছুমান এনেকুৱা ঘটনা ঘটে যিবোৰ দেখি, শুনি মানুহ আচৰিত হবলৈ বাধ্য। ঘঁৰিয়ালে পানীত ডুব যোৱা কাৰোবাক উদ্ধাৰ কৰাত সহায় কৰিছে, এনে কথা কেতিয়াবা শুনিছেনে? শেহতীয়াকৈ তেনে এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে।

এটা ঘঁৰিয়ালে পানীত ডুব যোৱা এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি উদ্ধাৰকাৰীৰ হাতত গতাই দিয়ে। আচৰিত যেন লাগিলেও এয়া সত্য। পানীত ডুবি শিশুটিৰ মৃত্যু ঘটিছিল। কিন্তু শিশুটিৰ মৃতদেহ পৰিয়ালে উদ্ধাৰ কৰিব পৰা নাছিল। দুদিন ধৰি শিশুটিৰ উদ্ধাৰ অভিযান চলিচিল কিন্তু উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰীয়ে। কিন্তু সেই কাম সম্ভৱ কৰি তুলিছিল এটা ঘঁৰিয়ালে। হিংসাত্মক প্ৰাণী হিচাপে সৰ্বদা পৰিচিত এই প্ৰাণীটোৰ আচৰণত হতবাক হৈ পৰিছে উদ্ধাৰকাৰী দলটোৰ সদস্যসকল।

এই আশ্চৰ্যকৰ ঘটনাটো সংঘটিত হৈছে ইণ্ডোনেছিয়াত। পূব কালিমান্তানৰ এটি চাৰি বছৰীয়া শিশু দুদিন ধৰি সন্ধানহীন হৈ আছিল। শিশুটিৰ নাম মহম্মদ জিয়াদ ৱিজায়া।  জানিব পৰা মতে শিশুটিয়ে অকলেই খেলিবলৈ ঘৰৰ ওচৰৰ মহাকাম নদীত নামিছিল। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপালে শিশুটিৰ।

দুদিন ধৰি উদ্ধাৰ অভিযান চলোৱাৰ পাছত নাও এখনত থকা উদ্ধাৰকাৰীসকলে এটা বিশাল আকাৰৰ ঘঁৰিয়াল সাঁতুৰি তেওঁলোকৰ পিনে আহি থকা দেখে। ঘঁৰিয়ালটোৰ পিঠিত আছিল সেই শিশুটিৰ মৃতদেহ। শিশুটিক নাওখনৰ কাষত পেলাই দি ঘঁৰিয়ালটো গভীৰ পানীৰ মাজলৈ ঘূৰি গ’ল। শিশুটিৰ মৃতদেহ সম্পূৰ্ণ অক্ষত অৱস্থাত আছিল।

প্ৰায় ১০ ফুট দীঘল ঘঁৰিয়ালটোৱে ১.৬ কিলোমিটাৰ সাঁতুৰি উদ্ধাৰকাৰীৰ ওচৰলৈ আহিছিল। শিশুটিৰ মৃতদেহ নাওখনৰ ওচৰত থৈ পুনৰ গভীৰ পানীৰ মাজত সোমাই পৰিছিল। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ল’ৰাজনৰ দেহত কোনো প্ৰাণীৰ কামোৰৰ চিন নাই।

এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। বহুতে এয়া প্ৰকৃতিৰ কৰিশ্মা বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ