--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়ালক অতি হিংসাত্মক প্ৰাণী বুলি জনা যায়। ঘঁৰিয়ালৰ মুখৰ পৰা বাচি অহাটো অতি কঠিন। ঘঁৰিয়ালে পানীত নমা মানুহক টানি নিয়ে। সেই মানুহ ঘঁৰিয়ালৰ আহাৰ হয়। কিন্তু কেতিয়াবা যেন প্ৰকৃতিয়ে আজৱ খেল খেলে। সময়ে সময়ে কিছুমান এনেকুৱা ঘটনা ঘটে যিবোৰ দেখি, শুনি মানুহ আচৰিত হবলৈ বাধ্য। ঘঁৰিয়ালে পানীত ডুব যোৱা কাৰোবাক উদ্ধাৰ কৰাত সহায় কৰিছে, এনে কথা কেতিয়াবা শুনিছেনে? শেহতীয়াকৈ তেনে এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে।

এটা ঘঁৰিয়ালে পানীত ডুব যোৱা এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি উদ্ধাৰকাৰীৰ হাতত গতাই দিয়ে। আচৰিত যেন লাগিলেও এয়া সত্য। পানীত ডুবি শিশুটিৰ মৃত্যু ঘটিছিল। কিন্তু শিশুটিৰ মৃতদেহ পৰিয়ালে উদ্ধাৰ কৰিব পৰা নাছিল। দুদিন ধৰি শিশুটিৰ উদ্ধাৰ অভিযান চলিচিল কিন্তু উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰীয়ে। কিন্তু সেই কাম সম্ভৱ কৰি তুলিছিল এটা ঘঁৰিয়ালে। হিংসাত্মক প্ৰাণী হিচাপে সৰ্বদা পৰিচিত এই প্ৰাণীটোৰ আচৰণত হতবাক হৈ পৰিছে উদ্ধাৰকাৰী দলটোৰ সদস্যসকল।

এই আশ্চৰ্যকৰ ঘটনাটো সংঘটিত হৈছে ইণ্ডোনেছিয়াত। পূব কালিমান্তানৰ এটি চাৰি বছৰীয়া শিশু দুদিন ধৰি সন্ধানহীন হৈ আছিল। শিশুটিৰ নাম মহম্মদ জিয়াদ ৱিজায়া।  জানিব পৰা মতে শিশুটিয়ে অকলেই খেলিবলৈ ঘৰৰ ওচৰৰ মহাকাম নদীত নামিছিল। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপালে শিশুটিৰ।

দুদিন ধৰি উদ্ধাৰ অভিযান চলোৱাৰ পাছত নাও এখনত থকা উদ্ধাৰকাৰীসকলে এটা বিশাল আকাৰৰ ঘঁৰিয়াল সাঁতুৰি তেওঁলোকৰ পিনে আহি থকা দেখে। ঘঁৰিয়ালটোৰ পিঠিত আছিল সেই শিশুটিৰ মৃতদেহ। শিশুটিক নাওখনৰ কাষত পেলাই দি ঘঁৰিয়ালটো গভীৰ পানীৰ মাজলৈ ঘূৰি গ’ল। শিশুটিৰ মৃতদেহ সম্পূৰ্ণ অক্ষত অৱস্থাত আছিল।

প্ৰায় ১০ ফুট দীঘল ঘঁৰিয়ালটোৱে ১.৬ কিলোমিটাৰ সাঁতুৰি উদ্ধাৰকাৰীৰ ওচৰলৈ আহিছিল। শিশুটিৰ মৃতদেহ নাওখনৰ ওচৰত থৈ পুনৰ গভীৰ পানীৰ মাজত সোমাই পৰিছিল। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ল’ৰাজনৰ দেহত কোনো প্ৰাণীৰ কামোৰৰ চিন নাই।

এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। বহুতে এয়া প্ৰকৃতিৰ কৰিশ্মা বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক