--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ মেছাচুচেটছৰ এটা বিলাসী বাংলোৰ পৰা পিতৃ-মাতৃৰ সৈতে এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। নাম- আৰিয়ানা কমল। 

আৰিয়ানা আছিল মিডলবেৰী কলেজৰ ছাত্ৰী। মহাবিদ্যালয়খনৰ এক বিবৃতি অনুসৰি প্ৰথম বৰ্ষৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰে আৰিয়ানাই। তেওঁক পঢ়ুৱাইছিল মেলিছা হামাৰলিয়ে। মেলিছাই ক’লে, “তেওঁ গান গাই ভাল পাইছিল। কলেজৰ অপেৰা গ্ৰুপৰ সৈতে ইটালীলৈ যাব বিচাৰিছিল।''

সংগীত শিক্ষক জেফ্ৰি বুয়েটনাৰে কয় যে আৰিয়ানা কলেজৰ কোৱাৰৰ প্ৰিয় আছিল। সকলোৰে লগত গান গাই তেওঁ ভাল পাইছিল। মহাবিদ্যালয়খনৰ মতে, আৰিয়ানাক চিনি পোৱা সকলে এই খবৰ গ্ৰহণ কৰাটো কঠিন। যোৱা গ্ৰীষ্মকালত আৰিয়ানাই স্কুলখন উত্তীৰ্ণ হৈছিল। তেওঁৰ বিদ্যালয় মিল্টন একাডেমীয়ে এক বিবৃতি প্ৰকাশ কৰি শোক প্ৰকাশ কৰে। ক’লে আৰিয়ানা অতি ‘মিঠা, স্মাৰ্ট, দয়ালু’।

মেছাচুচেটছৰ ৰাজধানী বষ্টনৰ পৰা ৩২ কিলোমিটাৰ দূৰত্বত ড’ভাৰ। ৰাকেশ কমল তাত ১১টা শোৱা কোঠা থকা এটা বিশাল বাংলোত বাস কৰিছিল। সেই বাংলোৰ পৰা বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত ৫৭ বছৰীয়া ৰাকেশ, তেওঁৰ পত্নী টিনা (৫৪) আৰু ১৮ বছৰীয়া কন্যা আৰিয়ানাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কমল পৰিয়ালটো মূলতঃ ভাৰতৰ। তেওঁলোকে আমেৰিকালৈ আহি নিজকে প্ৰতিষ্ঠা কৰিলে। ইয়াৰ পিছত তেওঁলোকে এখন শিক্ষানুষ্ঠানো খুলিলে। নামটো হৈছে ‘এডুনোভা’।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা আছিল যে চৰম আৰ্থিক সংকটৰ বাবে দম্পতীহালে এই সিদ্ধান্ত লৈছিল। মৃতদেহ উদ্ধাৰ হোৱা ১১খন বিছনাযুক্ত ঘৰটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৩ কোটি টকাত ক্ৰয় কৰিছিল দম্পতীহালে। ২০১৯ চনত। ঋণৰ বাবে যোৱা বছৰ তেওঁ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল।

যোৱা বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:২৪ বজাত আৰক্ষীয়ে ফোন লাভ কৰে। কমল পৰিয়ালৰ এজন আত্মীয়ই জনোৱা মতে, বহুদিন তেওঁলোকৰ কোনো খবৰ নোপোৱাকৈ ঘৰলৈ আহিছিল। কিন্তু কোনেও কোনো সঁহাৰি দিয়া নাই। ইয়াৰ পিছতে সেই বাংলোৰ পৰা তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ৰাকেশৰ কন্যা আৰিয়ানাই ভাৰমণ্টৰ এখন ব্যক্তিগত কলেজত পঢ়িছিল। সেই কলেজৰ মাচুলও যথেষ্ট বেছি।

আৰিয়ানাৰ স্কুলৰ এক বিবৃতিত কোৱা হৈছে যে তাই মিঠা, স্মাৰ্ট আৰু দয়ালু। এই ঘটনাত ড’ভাৰৰ প্ৰশাসন আচৰিত হৈছিল। নৰ্ফক জিলা অধিবক্তাগৰাকীৰ মতে, এই অভিজাত এলেকাত দীৰ্ঘদিন ধৰি এনে কোনো অস্বাভাৱিক মৃত্যু হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে