--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ ছলমান খানৰ জীৱনত এতিয়ালৈকে কত নাৰীয়ে ভুমুকি মাৰিছে সেয়া সঠিককৈ কোৱা টান। ভাইজানৰ জীৱনলৈ আগমন হোৱা বহু নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত সাঙোৰ খোৱা বুলিও মাজে মাজে শুনিবলৈ পোৱা যায়। কিন্তু ছলমানৰ জীৱনলৈ অহা এনে কোনো নাৰী আছে নেকি যিয়ে ভাইজানক বিবাহ কৰাবলৈ নিজ দেশ এৰি আহিছিল? কিছুদিন আগলৈ এনে কোনো তথ্য লাভ নকৰিলেও কিন্তু ছলমানৰ প্ৰাক্তন প্ৰেমিকা ছ'মী আলীয়ে তেওঁৰ বাবে দেশ এৰা কথাই সম্প্ৰতি সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগতো বলীউড নায়িকা গৰাকীয়ে এনে দাবীয়েই উত্থাপন কৰিছে। মূলতঃ পাকিস্তানৰ পৰা অহা ছ'মীক নব্বৈৰ দশকত কেইখনমান চলচ্চিত্ৰত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। কিন্তু এসময়ৰ নায়িকাগৰাকীয়ে এতিয়া তেওঁৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে মহিলাৰ অধিকাৰৰ বাবে যুঁজ দি আছে। ধৰ্ষণ বা ঘৰুৱা হিংসাৰ দৰে অপৰাধৰ বিৰুদ্ধে নিৰন্তৰ মাত মাতি আহিছে ছ’মীয়ে। বলীউডৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল ছ’মীয়ে। ৫বছৰ বলীউডত কাম কৰাৰ পাছত কেৰিয়াৰৰ এটা বিন্দুত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ৰজন-জনাই গৈছিল সৰ্বত্ৰে। জানিবলৈ পোৱা মতে, বিদ্যালয়ত পঢ়ি থকা সময়তে ছলমানৰ প্ৰেমত পৰিছিল ছ’মীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘সৰুৰে পৰা মই হিন্দী চলচ্চিত্ৰৰ পোক আছিলো। স্কুলত পঢ়ি থাকোতেই ছলমান খানৰ 'মেইনে প্যাৰ কিয়া' ছবিখন চাইছিলো।’ মনকৰিবলগীয়া যে, এই ছবিখনে মুক্তিলাভৰ পাছৰে পৰা ছলমান খানৰ খ্যাতি ৰৈ বৈ গৈছিল। অন্যতম সফল অভিনেতা হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বলীউড ভাইজানে। কালৰ গতিত ছলমানৰ ছবিৰ সমান্তৰালকৈ প্ৰেয়সীৰ সংখ্যাও বৃদ্ধি পাইয়ে থাকিল। ছ'মী আলীৰ উপৰি সংগীতা বিজলানী, ফৰিয়া আলম, ঐশ্বৰ্য ৰায়, কেটৰিনা কাঈফৰ পৰা য়ুলিয়া ভান্টুৰলৈ সকলোৰে নাম সাঙুৰ খাইছে ছলমানৰ। কিন্তু কেবল মাথো ছলমানৰ বাবে, ছলমানক পতি হিচাপে পাবলৈ কোনো যুৱতীয়ে নিজ দেশ, নিজা ঘৰ এৰি ভাৰতলৈ আহিব পাৰে নে? কথাষাৰ কাল্পনিক যেন লাগিলেও এয়াই সত্য। ছলমানৰ প্ৰেমে ছ’মীক সূদূৰ আমেৰিকাৰ পৰা টানি আনিছিল ভাৰতলৈ। ছ’মী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত বাস কৰিছিল। ছলমানক পতি হিচাপে পাবলৈকে কিশোৰী ছ’মীয়ে ফ্লৰিডা এৰি ভাৰতলৈ উভতি আহিছিল। এই ঘটনাৰ চিত্ৰপথ পুৰণি যদিও শেহতীয়াকৈ ছ’মীয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। যুগপুৰণি এই গোপন কথা পোহৰলৈ অহাৰ পাছতে অনুৰাগী মহলৰ মাজত বিষয়তো চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ