--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ ছলমান খানৰ জীৱনত এতিয়ালৈকে কত নাৰীয়ে ভুমুকি মাৰিছে সেয়া সঠিককৈ কোৱা টান। ভাইজানৰ জীৱনলৈ আগমন হোৱা বহু নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত সাঙোৰ খোৱা বুলিও মাজে মাজে শুনিবলৈ পোৱা যায়। কিন্তু ছলমানৰ জীৱনলৈ অহা এনে কোনো নাৰী আছে নেকি যিয়ে ভাইজানক বিবাহ কৰাবলৈ নিজ দেশ এৰি আহিছিল? কিছুদিন আগলৈ এনে কোনো তথ্য লাভ নকৰিলেও কিন্তু ছলমানৰ প্ৰাক্তন প্ৰেমিকা ছ'মী আলীয়ে তেওঁৰ বাবে দেশ এৰা কথাই সম্প্ৰতি সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগতো বলীউড নায়িকা গৰাকীয়ে এনে দাবীয়েই উত্থাপন কৰিছে। মূলতঃ পাকিস্তানৰ পৰা অহা ছ'মীক নব্বৈৰ দশকত কেইখনমান চলচ্চিত্ৰত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। কিন্তু এসময়ৰ নায়িকাগৰাকীয়ে এতিয়া তেওঁৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে মহিলাৰ অধিকাৰৰ বাবে যুঁজ দি আছে। ধৰ্ষণ বা ঘৰুৱা হিংসাৰ দৰে অপৰাধৰ বিৰুদ্ধে নিৰন্তৰ মাত মাতি আহিছে ছ’মীয়ে। বলীউডৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল ছ’মীয়ে। ৫বছৰ বলীউডত কাম কৰাৰ পাছত কেৰিয়াৰৰ এটা বিন্দুত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ৰজন-জনাই গৈছিল সৰ্বত্ৰে। জানিবলৈ পোৱা মতে, বিদ্যালয়ত পঢ়ি থকা সময়তে ছলমানৰ প্ৰেমত পৰিছিল ছ’মীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘সৰুৰে পৰা মই হিন্দী চলচ্চিত্ৰৰ পোক আছিলো। স্কুলত পঢ়ি থাকোতেই ছলমান খানৰ 'মেইনে প্যাৰ কিয়া' ছবিখন চাইছিলো।’ মনকৰিবলগীয়া যে, এই ছবিখনে মুক্তিলাভৰ পাছৰে পৰা ছলমান খানৰ খ্যাতি ৰৈ বৈ গৈছিল। অন্যতম সফল অভিনেতা হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বলীউড ভাইজানে। কালৰ গতিত ছলমানৰ ছবিৰ সমান্তৰালকৈ প্ৰেয়সীৰ সংখ্যাও বৃদ্ধি পাইয়ে থাকিল। ছ'মী আলীৰ উপৰি সংগীতা বিজলানী, ফৰিয়া আলম, ঐশ্বৰ্য ৰায়, কেটৰিনা কাঈফৰ পৰা য়ুলিয়া ভান্টুৰলৈ সকলোৰে নাম সাঙুৰ খাইছে ছলমানৰ। কিন্তু কেবল মাথো ছলমানৰ বাবে, ছলমানক পতি হিচাপে পাবলৈ কোনো যুৱতীয়ে নিজ দেশ, নিজা ঘৰ এৰি ভাৰতলৈ আহিব পাৰে নে? কথাষাৰ কাল্পনিক যেন লাগিলেও এয়াই সত্য। ছলমানৰ প্ৰেমে ছ’মীক সূদূৰ আমেৰিকাৰ পৰা টানি আনিছিল ভাৰতলৈ। ছ’মী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত বাস কৰিছিল। ছলমানক পতি হিচাপে পাবলৈকে কিশোৰী ছ’মীয়ে ফ্লৰিডা এৰি ভাৰতলৈ উভতি আহিছিল। এই ঘটনাৰ চিত্ৰপথ পুৰণি যদিও শেহতীয়াকৈ ছ’মীয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। যুগপুৰণি এই গোপন কথা পোহৰলৈ অহাৰ পাছতে অনুৰাগী মহলৰ মাজত বিষয়তো চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু