--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে প্ৰতিটো ঘৰতে নিগনি দেখা যায়। ভাৰততো গণেশৰ বাহনৰ ৰূপত নিগনিক পূজা কৰা হয় যদিও ঘৰত নিগনিয়ে প্ৰায়ে বস্তু কুটি মানুহক অশান্তি দিয়ে। আমেৰিকাৰ নিউয়ৰ্ক চহৰখন নিগনিৰ দ্বাৰা অশান্তিকৰ হৈ পৰিছে । বৰ্তমান প্ৰশাসনিক বিষয়াই এনে এজন বিশেষজ্ঞ বিচাৰিছে , যিয়ে নিগনিৰ সমস্যাৰ পৰা মুক্তি দিয়াব পাৰে। চৰকাৰে এই বিশেষজ্ঞজনক ১ লাখ ৭০ হাজাৰ ডলাৰ পৰ্যন্ত অৰ্থাৎ প্ৰায় এক কোটি ১৩ লাখ টকা দিব। নিউয়ৰ্কৰ এতিয়া নিগনিৰ সংখ্যা প্ৰায় এক কোটি ৮০ লাখ।

এক প্ৰতিবেদন অনুসৰি এই সমস্যা সন্দৰ্ভত আৰু ইয়াৰ সমাধানৰ বাবে চৰকাৰেও এটা বিজ্ঞাপন উলিয়াইছে। ইয়াৰ মতে এই কামৰ বাবে যিয়েই আবেদন কৰে তেওঁৰ বাবে স্নাতক ডিগ্ৰী লোৱাটো বাধ্যতামূলক। ইয়াৰ উপৰিও তেওঁৰ মাজত দৃঢ়তাও থাকিব লাগিব আৰু তেওঁ হত্যাকাৰী প্ৰবৃত্তিৰ হ’ব লাগিব।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি ২০২০ চনৰ তুলনাত ২০২২ চনৰ প্ৰথম আঠ মাহত নিগনি সম্পৰ্কে ৭০% পৰ্যন্ত অভিযোগ আহিছিল। দলটোৱেও তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। বিষয়াসকলে জনোৱা মতে, নিগনিৰ আতংক ৰোধৰ বাবেও নতুন আইন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ অধীনত নিউয়ৰ্কৰ জনসাধাৰণে নিশা ৮ বজাৰ আগতে নিজৰ জাবৰ উলিয়াবলৈ দিয়া নহ’ব। বৰ্তমান সময়ত আবেলি ৪ বজাৰ পাছত যিকোনো সময়তে জাবৰ পেলাব পাৰি।

যোৱা মাহত বিধেয়কখনত স্বাক্ষৰ কৰাৰ সময়ত নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে কয় যে, ‘মই স্পষ্ট কৰি দিছো যে মই নিগনি ঘৃণা কৰো আৰু আমি কিছুমান নিগনি হত্যা কৰিবলৈ ওলাইছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক