--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্ৰাট নেপোলিয়নৰ মৃত্যুৰ কিছুদিন পাছতেই তাৰ জন্ম হৈছিল। বহু ঘটনা-পৰিঘটনাৰ সাক্ষী সি। সময় বহু বাগৰি গল কিন্তু সি ৰৈ গ'ল। কোনো মানুহৰ কথা কৈ আছো বুলি নাভাবিব। কৈ আছো এটা কাছৰ কথা। বৰ্তমান কাছটো আনুষ্ঠানিকভাৱে পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী হিচাপে স্বীকৃত। কাছটোৰ নাম জনাথন। জনাথনৰ বয়স বৰ্তমান ১৯০ বছৰ। 

কাছটোক জন্মৰ ৫০ বছৰৰ পাছত ছিচেলছৰ পৰা ব্ৰিটেইনৰ বহিঃৰাজ্যৰ ভূখণ্ডলৈ অনা হৈছিল। জনাথনে ছেইণ্ট হেলেনাৰ গৱৰ্ণৰৰ চৰকাৰী বাসগৃহ প্লেণ্টেচন হাউচত আৰামদায়কভাৱে জীৱন নিৰ্বাহ কৰি আছে। য'ত তেওঁৰ জন্মদিনটো বিশেষ ষ্টাম্প জাৰি কৰাকে ধৰি গোটেই সপ্তাহৰ শেষৰ ফালে উলহ-মালহেৰে উদযাপন কৰা হয়।

দেওবাৰে জনাথনৰ প্ৰিয় খাদ্যৰ পৰা তৈয়াৰী জন্মদিনৰ কেক প্ৰস্তুত কৰা হয়। জনাথনে গাজৰ, লেটুছ, তিঁয়হ, আপেল, নাচপতি খাই বেছি ভালপায়।বয়স বঢ়াৰ পিছতো তেওঁ মাত্ৰ ৫০ বছৰীয়া এমা নামৰ মাইকী কাছ এজনীৰ প্ৰতিও আকৰ্ষিত বুলি কৰ্তৃপক্ষই জনাইছে।

জনাথনক চোৱা-চিতা কৰা এগৰাকী কৰ্মচাৰীয়ে কয় যে জনাথনে এতিয়াও মাইকী কাছসকলৰ সংগ উপভোগ কৰে। বিশেষকৈ এমাৰ সৈতে জনাথনে বেছি সময় কটায়।

চলিত বৰ্ষৰ আৰম্ভণিতে জনাথনক বিশ্বৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ দিয়া হৈছিল।

জনাথনৰ মূল যত্ন লোৱা অৱসৰপ্ৰাপ্ত পশু চিকিৎসক জো হলিন্সে কয় যে, সময় বহুত সলনি হল। বিশ্বযুদ্ধ, ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থান-পতন, বহুতো গৱৰ্ণৰ, ৰজা-ৰাণী পাৰ হৈ গল কিন্তু জনাথন একেই আছে আৰু আনন্দৰে সময় কটাই আছে।

জনাথনৰ মৃত্যুৰ পাছত তাৰ চলংটো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক