--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্ৰাট নেপোলিয়নৰ মৃত্যুৰ কিছুদিন পাছতেই তাৰ জন্ম হৈছিল। বহু ঘটনা-পৰিঘটনাৰ সাক্ষী সি। সময় বহু বাগৰি গল কিন্তু সি ৰৈ গ'ল। কোনো মানুহৰ কথা কৈ আছো বুলি নাভাবিব। কৈ আছো এটা কাছৰ কথা। বৰ্তমান কাছটো আনুষ্ঠানিকভাৱে পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী হিচাপে স্বীকৃত। কাছটোৰ নাম জনাথন। জনাথনৰ বয়স বৰ্তমান ১৯০ বছৰ। 

কাছটোক জন্মৰ ৫০ বছৰৰ পাছত ছিচেলছৰ পৰা ব্ৰিটেইনৰ বহিঃৰাজ্যৰ ভূখণ্ডলৈ অনা হৈছিল। জনাথনে ছেইণ্ট হেলেনাৰ গৱৰ্ণৰৰ চৰকাৰী বাসগৃহ প্লেণ্টেচন হাউচত আৰামদায়কভাৱে জীৱন নিৰ্বাহ কৰি আছে। য'ত তেওঁৰ জন্মদিনটো বিশেষ ষ্টাম্প জাৰি কৰাকে ধৰি গোটেই সপ্তাহৰ শেষৰ ফালে উলহ-মালহেৰে উদযাপন কৰা হয়।

দেওবাৰে জনাথনৰ প্ৰিয় খাদ্যৰ পৰা তৈয়াৰী জন্মদিনৰ কেক প্ৰস্তুত কৰা হয়। জনাথনে গাজৰ, লেটুছ, তিঁয়হ, আপেল, নাচপতি খাই বেছি ভালপায়।বয়স বঢ়াৰ পিছতো তেওঁ মাত্ৰ ৫০ বছৰীয়া এমা নামৰ মাইকী কাছ এজনীৰ প্ৰতিও আকৰ্ষিত বুলি কৰ্তৃপক্ষই জনাইছে।

জনাথনক চোৱা-চিতা কৰা এগৰাকী কৰ্মচাৰীয়ে কয় যে জনাথনে এতিয়াও মাইকী কাছসকলৰ সংগ উপভোগ কৰে। বিশেষকৈ এমাৰ সৈতে জনাথনে বেছি সময় কটায়।

চলিত বৰ্ষৰ আৰম্ভণিতে জনাথনক বিশ্বৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ দিয়া হৈছিল।

জনাথনৰ মূল যত্ন লোৱা অৱসৰপ্ৰাপ্ত পশু চিকিৎসক জো হলিন্সে কয় যে, সময় বহুত সলনি হল। বিশ্বযুদ্ধ, ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থান-পতন, বহুতো গৱৰ্ণৰ, ৰজা-ৰাণী পাৰ হৈ গল কিন্তু জনাথন একেই আছে আৰু আনন্দৰে সময় কটাই আছে।

জনাথনৰ মৃত্যুৰ পাছত তাৰ চলংটো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ