--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুখবৰ! অৱশেষত অভিনেত্ৰী বিপাশা বসু মাক হোৱাৰ ভাল খবৰটো আহিল। অভিনেতা কৰণ সিং গ্ৰোভাৰৰ সৈতে বিবাহৰ ছয় বছৰৰ পিছত বিপাশা মাতৃ হৈছে। তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকতে এই বাতৰিটো শুনি উৎসাহিত হৈছে।  অভিনেত্ৰীগৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিছে। 

উল্লেখ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰে পৰা  বিপাশা আৰু কৰণে অনুৰাগীসকলৰ মাজত বিভিন্ন ফটো শ্বেয়াৰ কৰি আহিছে। কিছুদিন আগতে   বিপাশাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত  অভিনেত্ৰীগৰাকীয়ে মাকৰ সৈতে বঙালী কইনাৰ সাজত সকলোৰে সন্মুখত দেখা দিছিল।  

অনুষ্ঠানটোৰ টেগলাইনত লিখা আছিল, "এটা সৰু বান্দৰ আহি আছে। আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো।" অনুষ্ঠানটোত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সকলৰ বাবে এটা বিশেষ ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। বিপাশা আৰু কৰণে কেইবা বছৰ ডেটিং কৰাৰ পিছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। 

এই বছৰৰ আগষ্ট মাহত বিপাশাই  গৰ্ভৱতী হোৱাৰ খবৰ তেওঁৰ অনুৰাগীসকলক জনাইছিল । তেওঁৰ গৰ্ভৱতী অৱস্থাৰ  ফটোশ্বুটে বিশেষ আলোড়োণৰ সৃষ্টি কৰিছিল।  উল্লেখ্য কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটো মাক হৈছিল। মুঠৰ ওপৰত বলীউডত এতিয়া ভালৰ উপৰি ভাল খবৰ আহিয়েই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু