--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুখবৰ! অৱশেষত অভিনেত্ৰী বিপাশা বসু মাক হোৱাৰ ভাল খবৰটো আহিল। অভিনেতা কৰণ সিং গ্ৰোভাৰৰ সৈতে বিবাহৰ ছয় বছৰৰ পিছত বিপাশা মাতৃ হৈছে। তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকতে এই বাতৰিটো শুনি উৎসাহিত হৈছে।  অভিনেত্ৰীগৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিছে। 

উল্লেখ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰে পৰা  বিপাশা আৰু কৰণে অনুৰাগীসকলৰ মাজত বিভিন্ন ফটো শ্বেয়াৰ কৰি আহিছে। কিছুদিন আগতে   বিপাশাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত  অভিনেত্ৰীগৰাকীয়ে মাকৰ সৈতে বঙালী কইনাৰ সাজত সকলোৰে সন্মুখত দেখা দিছিল।  

অনুষ্ঠানটোৰ টেগলাইনত লিখা আছিল, "এটা সৰু বান্দৰ আহি আছে। আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো।" অনুষ্ঠানটোত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সকলৰ বাবে এটা বিশেষ ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। বিপাশা আৰু কৰণে কেইবা বছৰ ডেটিং কৰাৰ পিছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। 

এই বছৰৰ আগষ্ট মাহত বিপাশাই  গৰ্ভৱতী হোৱাৰ খবৰ তেওঁৰ অনুৰাগীসকলক জনাইছিল । তেওঁৰ গৰ্ভৱতী অৱস্থাৰ  ফটোশ্বুটে বিশেষ আলোড়োণৰ সৃষ্টি কৰিছিল।  উল্লেখ্য কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটো মাক হৈছিল। মুঠৰ ওপৰত বলীউডত এতিয়া ভালৰ উপৰি ভাল খবৰ আহিয়েই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক