--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ ১৮ মাহ পূৰ্বে বিয়া কৰাইছিল৷ কিন্তু সংসাৰ কি সেয়া ভালদৰে বুজি পোৱাৰ পূৰ্বেই তেওঁ চিৰদিনৰ বাবে চকু মুদিলে৷ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত সংঘৰ্ষত পাঁচজন সেনা জোৱান নিহত হৈছে৷নিহতসকলৰ ভিতৰত  বিহাৰৰ ২৬ বছৰীয়া চন্দন কুমাৰো আছে৷  বিহাৰৰ ৱাৰচালিগঞ্জৰ নাৰো মুৰাৰ গাঁৱৰ বাসিন্দা মৌলেশ্বৰ সিং আৰু জয়ন্তী দেৱীৰ পুত্ৰ আছিল চন্দন। সন্ত্ৰাসবাদীৰ সৈতে যুঁজি  থাকোতে তেওঁ শ্বহীদ হয় । 


চন্দনৰ মৃত্যুৰ খবৰ শুনি গোটেই গাওঁখনত এক শোকৰ পৰিবেশে বিৰাজ কৰিছে৷চন্দনৰ  জ্যেষ্ঠ ভাতৃ পীযুষ কুমাৰে কয়  – বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত, এটা ফোন আহিছিল যে চন্দন সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে। এই খবৰটো  শুনি  আমি  হতবাক হৈ পৰিছিলো।’’ উল্লেখ্য কালিয়েই কাশ্মীৰত  নিহত  সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পাইছিল।

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ কনভয়ত  সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আন এজন সৈনিক নিহত হৈছিল। ইয়াৰ ফলত মৃত্যুৰ সংখ্যা পাঁচলৈ বৃদ্ধি পায়। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গালি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সেনাৰ  এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকত  আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীয়ে  স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰ ব্যৱহাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক