--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াবলৈ সাজু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী৷ ক্ৰিকেটেৰে দেশ আৰু জীৱন মহীয়ান কৰা এম এছ ধোনীয়ে এইবাৰ সেনাবাহিনীত অধিক সময় সেৱা আগবঢ়াবলৈ মন মেলিছে৷ 

কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে আইপিএলৰ পাছত তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা নিৰ্ধাৰণ কৰিছে। তেওঁ আইপিএলৰ পৰা অৱসৰৰ পাছতেই সেনাবাহিনীক সেৱা আগবঢ়াব বিচাৰে। এটা অনুষ্ঠানত তেওঁ এই পৰিকল্পনাৰ বিষয়ে সদৰী কৰিছে৷ 

যেতিয়া এজন অনুৰাগীয়ে তেওঁক সুধিছিল যে ক্ৰিকেটৰ পাছত তেওঁৰ পৰিকল্পনা কি, ধোনীয়ে উত্তৰ দিছিল, ‘মই এতিয়ালৈকে এই বিষয়ে বেছি চিন্তা কৰা নাই। মই এই মুহূৰ্তত ক্ৰিকেট খেলি আছোঁ। ক্ৰিকেটৰ পাছত মই কি কৰিম সেয়া জনাটো মোৰ বাবেও সঁচাকৈয়ে আকৰ্ষণীয় হ’ব। কিন্তু এটা কথা প্ৰায় নিশ্চিত যে মই সেনাৰ সৈতে আৰু কিছু সময় অতিবাহিত কৰিব বিচাৰো। কিয়নো যোৱা কেইবছৰমানত মই সেইটো কৰিবলৈ সক্ষম হোৱা নাই।’

এম এছ ধোনীক ২০১১ চনত ভাৰতীয় সেনাই লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধি প্ৰদান কৰিছিল। তেওঁ পেৰাচুট ৰেজিমেণ্টৰ এজন লেফটেনেণ্ট কৰ্ণেল। যোৱা দশকটোত তেওঁক বিভিন্ন সময়ত সেনাৰ পোছাক পিন্ধি বিভিন্ন স্থান ভ্ৰমণ কৰা দেখা গৈছিল৷

এম এছ ধোনীৰ বয়স বৰ্তমান ৪২ বছৰ। ২০১৯ চনত তেওঁ শেষবাৰৰ বাবে ভাৰতীয় দলৰ জাৰ্চীত ক্ৰিকেট খেলিছিল। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ পাছতো তেওঁ আইপিএলত আছে। তেওঁ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক আৰু যোৱা ছিজনত আকৌ এবাৰ তেওঁৰ দল চেম্পিয়ন হৈছিল। বৰ্তমানেও তেওঁ বেটিং আৰু অধিনায়কত্বৰ ক্ষেত্ৰত তেওঁ বাকী খেলুৱৈসকলৰ পৰা যথেষ্ট পিছ পৰি আছে। এইকাৰণেই তেওঁ এতিয়ালৈকে ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ লোৱা নাই। তেওঁক আইপিএল ২০২৪ত চেন্নাই দলৰ নেতৃত্ব দিয়া দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক