--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াবলৈ সাজু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী৷ ক্ৰিকেটেৰে দেশ আৰু জীৱন মহীয়ান কৰা এম এছ ধোনীয়ে এইবাৰ সেনাবাহিনীত অধিক সময় সেৱা আগবঢ়াবলৈ মন মেলিছে৷ 

কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে আইপিএলৰ পাছত তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা নিৰ্ধাৰণ কৰিছে। তেওঁ আইপিএলৰ পৰা অৱসৰৰ পাছতেই সেনাবাহিনীক সেৱা আগবঢ়াব বিচাৰে। এটা অনুষ্ঠানত তেওঁ এই পৰিকল্পনাৰ বিষয়ে সদৰী কৰিছে৷ 

যেতিয়া এজন অনুৰাগীয়ে তেওঁক সুধিছিল যে ক্ৰিকেটৰ পাছত তেওঁৰ পৰিকল্পনা কি, ধোনীয়ে উত্তৰ দিছিল, ‘মই এতিয়ালৈকে এই বিষয়ে বেছি চিন্তা কৰা নাই। মই এই মুহূৰ্তত ক্ৰিকেট খেলি আছোঁ। ক্ৰিকেটৰ পাছত মই কি কৰিম সেয়া জনাটো মোৰ বাবেও সঁচাকৈয়ে আকৰ্ষণীয় হ’ব। কিন্তু এটা কথা প্ৰায় নিশ্চিত যে মই সেনাৰ সৈতে আৰু কিছু সময় অতিবাহিত কৰিব বিচাৰো। কিয়নো যোৱা কেইবছৰমানত মই সেইটো কৰিবলৈ সক্ষম হোৱা নাই।’

এম এছ ধোনীক ২০১১ চনত ভাৰতীয় সেনাই লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধি প্ৰদান কৰিছিল। তেওঁ পেৰাচুট ৰেজিমেণ্টৰ এজন লেফটেনেণ্ট কৰ্ণেল। যোৱা দশকটোত তেওঁক বিভিন্ন সময়ত সেনাৰ পোছাক পিন্ধি বিভিন্ন স্থান ভ্ৰমণ কৰা দেখা গৈছিল৷

এম এছ ধোনীৰ বয়স বৰ্তমান ৪২ বছৰ। ২০১৯ চনত তেওঁ শেষবাৰৰ বাবে ভাৰতীয় দলৰ জাৰ্চীত ক্ৰিকেট খেলিছিল। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ পাছতো তেওঁ আইপিএলত আছে। তেওঁ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক আৰু যোৱা ছিজনত আকৌ এবাৰ তেওঁৰ দল চেম্পিয়ন হৈছিল। বৰ্তমানেও তেওঁ বেটিং আৰু অধিনায়কত্বৰ ক্ষেত্ৰত তেওঁ বাকী খেলুৱৈসকলৰ পৰা যথেষ্ট পিছ পৰি আছে। এইকাৰণেই তেওঁ এতিয়ালৈকে ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ লোৱা নাই। তেওঁক আইপিএল ২০২৪ত চেন্নাই দলৰ নেতৃত্ব দিয়া দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক