--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পূৰ্বে দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷  মাৰাত্মক ভাইৰাছবিধৰ  নতুন উপ-প্ৰকাৰ হৈছে জে.এন.১- এ এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে৷ শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪  ঘণ্টাত দেশত ৭০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।চলিত বছৰৰ ২১ মে'ৰ পিছত আজিৰ দিনটোতে   দৈনিক সংক্ৰমণৰ সৰ্বাধিক সংখ্যা নথিভুক্ত হৈছে। 


শুকুৰবাৰে  কোভিড আক্ৰান্ত লোকৰ সংখ্যা আছিল ৬৪০ গৰাকী৷ দেশত এতিয়া কোভিড  সক্ৰিয় ঘটনাৰ সংখ্যা ৩,৪২০ লৈ বৃদ্ধি হৈছে। ভাইৰাছবিধত আক্ৰান্ত হৈ  এদিনতে চাৰিজন লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে কোভিডে ১৭ খন ৰাজ্যত  উদ্বেগ বৃদ্ধি কৰিছে৷সংক্ৰমণৰ ক্ষেত্ৰত  কেৰালা শীৰ্ষত আছে। কেৰালাত এদিনত ২৬৬  জন লোক সংক্ৰমিত হৈছে। ইয়াৰ পিছতে  কৰ্ণাটক (৭০), মহাৰাষ্ট্ৰ (১৫), তামিলনাডু (১৩) আৰু গুজৰাট (১২)। যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা সকলৰ মাজৰে দুজন কেৰালাৰ আছিল। বাকী দুজন কৰ্ণাটক আৰু ৰাজস্থানৰ। 

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতেও যোৱা এমাহত কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে  এয়া  সম্পূৰ্ণৰূপে স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে, পুনৰুদ্ধাৰৰ হাৰেও সকাহ দিছে। যোৱা ২৪  ঘণ্টাত দেশত কোভিডৰ পৰা ৫২১  জন লোক আৰোগ্য হৈছে। পুনৰুদ্ধাৰৰ হাৰ ৯৮.৮১ শতাংশ। উৎসৱৰ বতৰৰ কথা মনত ৰাখি, প্ৰশাসনে প্ৰায় সকলো ৰাজ্যতে নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক