--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পূৰ্বে দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷  মাৰাত্মক ভাইৰাছবিধৰ  নতুন উপ-প্ৰকাৰ হৈছে জে.এন.১- এ এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে৷ শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪  ঘণ্টাত দেশত ৭০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।চলিত বছৰৰ ২১ মে'ৰ পিছত আজিৰ দিনটোতে   দৈনিক সংক্ৰমণৰ সৰ্বাধিক সংখ্যা নথিভুক্ত হৈছে। 


শুকুৰবাৰে  কোভিড আক্ৰান্ত লোকৰ সংখ্যা আছিল ৬৪০ গৰাকী৷ দেশত এতিয়া কোভিড  সক্ৰিয় ঘটনাৰ সংখ্যা ৩,৪২০ লৈ বৃদ্ধি হৈছে। ভাইৰাছবিধত আক্ৰান্ত হৈ  এদিনতে চাৰিজন লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে কোভিডে ১৭ খন ৰাজ্যত  উদ্বেগ বৃদ্ধি কৰিছে৷সংক্ৰমণৰ ক্ষেত্ৰত  কেৰালা শীৰ্ষত আছে। কেৰালাত এদিনত ২৬৬  জন লোক সংক্ৰমিত হৈছে। ইয়াৰ পিছতে  কৰ্ণাটক (৭০), মহাৰাষ্ট্ৰ (১৫), তামিলনাডু (১৩) আৰু গুজৰাট (১২)। যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা সকলৰ মাজৰে দুজন কেৰালাৰ আছিল। বাকী দুজন কৰ্ণাটক আৰু ৰাজস্থানৰ। 

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতেও যোৱা এমাহত কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে  এয়া  সম্পূৰ্ণৰূপে স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে, পুনৰুদ্ধাৰৰ হাৰেও সকাহ দিছে। যোৱা ২৪  ঘণ্টাত দেশত কোভিডৰ পৰা ৫২১  জন লোক আৰোগ্য হৈছে। পুনৰুদ্ধাৰৰ হাৰ ৯৮.৮১ শতাংশ। উৎসৱৰ বতৰৰ কথা মনত ৰাখি, প্ৰশাসনে প্ৰায় সকলো ৰাজ্যতে নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক