--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশবাসীক সম্বোধন কৰি কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৮ বছৰ অনূৰ্ধৰ শিশু, কিশোৰক ক’ভিডৰ ভেকচিন দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ ২৪ ঘণ্টা নৌহওঁতেই নতুন দিল্লীৰ এইমছৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে উভতি ধৰিছে প্ৰধানমন্ত্ৰীৰ ঘোষণাক৷ প্ৰাপ্তবয়স্ক আৰু শিশুসকলৰ বাবে কভাক্সিন পৰীক্ষণৰ মুখ্য অনুসন্ধানকাৰী তথা জ্যেষ্ঠ মহামাৰী প্ৰতিৰোধ বিশেষজ্ঞ ডাঃ সঞ্জয় কে ৰায়ে শিশুসকলক ক’ভিডৰ বিৰুদ্ধে টিকাকৰণ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক “অবৈজ্ঞানিক” বুলি অভিহিত কৰে৷


ভাৰতীয় জনস্বাস্থ্য সংস্থাৰো সভাপতি ডাঃ ৰায়ে লগতে কয়, যে সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ আগতে ইতিমধ্যে শিশুক টিকাকৰণ আৰম্ভ কৰা দেশবোৰৰ তথ্য বিশ্লেষণ কৰা উচিত৷ উল্লেখযোগ্য যে, কালি নিশা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ শিশুক টিকাকৰণৰ কাৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বিদ্যালয়লৈ যোৱাৰ চিন্তা হ্ৰাস পাব আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজ বৃদ্ধি পাব বুলি মন্তব্য কৰিছিল৷

আজি সঞ্জয় কে ৰায়ে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে এনেদৰে, ৰাষ্ট্ৰৰ প্ৰতি নিস্বাৰ্থ সেৱা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী। কিন্তু, শিশুৰ টিকাকৰণ সন্দৰ্ভত তেওঁৰ ‘অবৈজ্ঞানিক’ সিদ্ধান্তত মই সম্পূৰ্ণৰূপে হতাশ৷ তেওঁৰ দৃষ্টিভংগী বৰ্ণনা কৰি ডাঃ ৰায়ে কয় যে যিকোনো হস্তক্ষেপৰ এক স্পষ্ট উদ্দেশ্য থাকিব লাগে। উদ্দেশ্যটো হ’ল কৰ’না ভাইৰাছৰ সংক্ৰমণ বা তীব্ৰতা বা মৃত্যু প্ৰতিৰোধ কৰা। কিন্তু, ভেকচিনৰ বিষয়ে আমাৰ যিকোনো জ্ঞান অনুসৰি, তেওঁলোকে সংক্ৰমণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব নোৱাৰে। কিছুমান দেশত, বুষ্টাৰ ড’জ লোৱাৰ পাছতো লোক সংক্ৰমিত হৈছে। লগতে, ইউ.কে.ত প্ৰতিদিনে সংক্ৰমণ অব্যাহত আছে। গতিকে, ই প্ৰমাণ কৰে যে টিকাকৰণে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা নাই৷ কিন্তু, ভেকচিনবোৰ তীব্ৰতা আৰু মৃত্যু প্ৰতিৰোধ কৰাত কাৰ্যকৰী৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত এই মন্তব্য কৰে ডাঃ ৰায়ে৷


শিশুৰ ক’ভিড সম্পৰ্কত মন্তব্য কৰি জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয় যে, শিশুৰ ক্ষেত্ৰত সংক্ৰমণৰ তীব্ৰতা অতি কম আৰু ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ তথ্য অনুসৰি, প্ৰতি নিযুত জনসংখ্যাত মাত্ৰ দুটা মৃত্যুৰ খবৰ পোৱা গৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইখনমান দেশে চাৰি-পাঁচ মাহ আগতে শিশুসকলক টিকাকৰণ কৰা আৰম্ভ কৰিছিল। শিশুসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰাৰ আগতে এই দেশসমূহৰ তথ্য বিশ্লেষণ কৰা উচিত বুলি তেওঁ উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম