--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশবাসীক সম্বোধন কৰি কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৮ বছৰ অনূৰ্ধৰ শিশু, কিশোৰক ক’ভিডৰ ভেকচিন দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ ২৪ ঘণ্টা নৌহওঁতেই নতুন দিল্লীৰ এইমছৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে উভতি ধৰিছে প্ৰধানমন্ত্ৰীৰ ঘোষণাক৷ প্ৰাপ্তবয়স্ক আৰু শিশুসকলৰ বাবে কভাক্সিন পৰীক্ষণৰ মুখ্য অনুসন্ধানকাৰী তথা জ্যেষ্ঠ মহামাৰী প্ৰতিৰোধ বিশেষজ্ঞ ডাঃ সঞ্জয় কে ৰায়ে শিশুসকলক ক’ভিডৰ বিৰুদ্ধে টিকাকৰণ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক “অবৈজ্ঞানিক” বুলি অভিহিত কৰে৷


ভাৰতীয় জনস্বাস্থ্য সংস্থাৰো সভাপতি ডাঃ ৰায়ে লগতে কয়, যে সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ আগতে ইতিমধ্যে শিশুক টিকাকৰণ আৰম্ভ কৰা দেশবোৰৰ তথ্য বিশ্লেষণ কৰা উচিত৷ উল্লেখযোগ্য যে, কালি নিশা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ শিশুক টিকাকৰণৰ কাৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বিদ্যালয়লৈ যোৱাৰ চিন্তা হ্ৰাস পাব আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজ বৃদ্ধি পাব বুলি মন্তব্য কৰিছিল৷

আজি সঞ্জয় কে ৰায়ে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে এনেদৰে, ৰাষ্ট্ৰৰ প্ৰতি নিস্বাৰ্থ সেৱা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী। কিন্তু, শিশুৰ টিকাকৰণ সন্দৰ্ভত তেওঁৰ ‘অবৈজ্ঞানিক’ সিদ্ধান্তত মই সম্পূৰ্ণৰূপে হতাশ৷ তেওঁৰ দৃষ্টিভংগী বৰ্ণনা কৰি ডাঃ ৰায়ে কয় যে যিকোনো হস্তক্ষেপৰ এক স্পষ্ট উদ্দেশ্য থাকিব লাগে। উদ্দেশ্যটো হ’ল কৰ’না ভাইৰাছৰ সংক্ৰমণ বা তীব্ৰতা বা মৃত্যু প্ৰতিৰোধ কৰা। কিন্তু, ভেকচিনৰ বিষয়ে আমাৰ যিকোনো জ্ঞান অনুসৰি, তেওঁলোকে সংক্ৰমণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব নোৱাৰে। কিছুমান দেশত, বুষ্টাৰ ড’জ লোৱাৰ পাছতো লোক সংক্ৰমিত হৈছে। লগতে, ইউ.কে.ত প্ৰতিদিনে সংক্ৰমণ অব্যাহত আছে। গতিকে, ই প্ৰমাণ কৰে যে টিকাকৰণে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা নাই৷ কিন্তু, ভেকচিনবোৰ তীব্ৰতা আৰু মৃত্যু প্ৰতিৰোধ কৰাত কাৰ্যকৰী৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত এই মন্তব্য কৰে ডাঃ ৰায়ে৷


শিশুৰ ক’ভিড সম্পৰ্কত মন্তব্য কৰি জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয় যে, শিশুৰ ক্ষেত্ৰত সংক্ৰমণৰ তীব্ৰতা অতি কম আৰু ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ তথ্য অনুসৰি, প্ৰতি নিযুত জনসংখ্যাত মাত্ৰ দুটা মৃত্যুৰ খবৰ পোৱা গৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইখনমান দেশে চাৰি-পাঁচ মাহ আগতে শিশুসকলক টিকাকৰণ কৰা আৰম্ভ কৰিছিল। শিশুসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰাৰ আগতে এই দেশসমূহৰ তথ্য বিশ্লেষণ কৰা উচিত বুলি তেওঁ উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক