--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আফস্পা আইনৰ বিৰুদ্ধে নগালেণ্ডত অব্যাহত থকা প্ৰৱল প্ৰতিবা়দৰ ওচৰত নমনীয় হোৱা দেখা গৈছে কেন্দ্ৰীয় চৰকাৰক। নগালেণ্ডৰ মন জিলাত সেনাৰ হাতত ১৪জনকৈ নিৰীহ লোক নিহত হোৱাৰ ঘটনাৰ পাছত এতিয়াও ৰাজ্যখনত সেনাবিৰোধী প্ৰৱল প্ৰতিবাদ অব্যাহত আছে। সেনাৰ বিৰুদ্ধে দল-সংগঠনে গ্ৰহণ কৰিছে অসহযোগ আন্দোলনৰ কাৰ্যসূচীও। কেৱল এয়াই নহয়, সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে নগালেণ্ডৰ বিধানসভাত গ্ৰহণ কৰা হৈছে সৰ্বসন্মত প্ৰস্তাৱ। এনে নিৰন্তৰ বাধা তথা প্ৰতিৰোধৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰা সম্পৰ্কত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছে। আফস্পা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত এতিয়া কেন্দ্ৰই গঠন কৰিব এখন বিশেষ কমিটী


নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই দেওবাৰে টুইটযোগে এইকথা সদৰি কৰে। ৰিঅ’ই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আফস্পাৰ বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে কমিটী গঠন কৰা হ’ব আৰু কমিটীয়ে এই বিষয়টো সন্দৰ্ভত অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়াব।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো পক্ষকে শান্তি-সুস্থিৰতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছোঁ। উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল। অসমৰো একাংশ অঞ্চলত আফস্পা বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে, এই আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে পৰিস্থিতি অধ্যয়ন কৰিবলৈ গঠন কৰিবলগীয়া কমিটীখনে ৪৫ দিনৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম