--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আফস্পা আইনৰ বিৰুদ্ধে নগালেণ্ডত অব্যাহত থকা প্ৰৱল প্ৰতিবা়দৰ ওচৰত নমনীয় হোৱা দেখা গৈছে কেন্দ্ৰীয় চৰকাৰক। নগালেণ্ডৰ মন জিলাত সেনাৰ হাতত ১৪জনকৈ নিৰীহ লোক নিহত হোৱাৰ ঘটনাৰ পাছত এতিয়াও ৰাজ্যখনত সেনাবিৰোধী প্ৰৱল প্ৰতিবাদ অব্যাহত আছে। সেনাৰ বিৰুদ্ধে দল-সংগঠনে গ্ৰহণ কৰিছে অসহযোগ আন্দোলনৰ কাৰ্যসূচীও। কেৱল এয়াই নহয়, সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে নগালেণ্ডৰ বিধানসভাত গ্ৰহণ কৰা হৈছে সৰ্বসন্মত প্ৰস্তাৱ। এনে নিৰন্তৰ বাধা তথা প্ৰতিৰোধৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰা সম্পৰ্কত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছে। আফস্পা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত এতিয়া কেন্দ্ৰই গঠন কৰিব এখন বিশেষ কমিটী


নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই দেওবাৰে টুইটযোগে এইকথা সদৰি কৰে। ৰিঅ’ই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আফস্পাৰ বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে কমিটী গঠন কৰা হ’ব আৰু কমিটীয়ে এই বিষয়টো সন্দৰ্ভত অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়াব।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো পক্ষকে শান্তি-সুস্থিৰতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছোঁ। উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল। অসমৰো একাংশ অঞ্চলত আফস্পা বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে, এই আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে পৰিস্থিতি অধ্যয়ন কৰিবলৈ গঠন কৰিবলগীয়া কমিটীখনে ৪৫ দিনৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক