--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া তেনেই সৰু কোম্পানী৷ চাবোন আৰু মমবাতি তৈয়াৰ কৰা কোম্পানী হিচাবে স্থাপন কৰা কোম্পানীটোৱেই এতিয়া বিশ্বৰ এক আগশাৰীৰ কোম্পানীত পৰিণত হৈছে৷ চাবোন আৰু মমবাতি তৈয়াৰ কৰা কোম্পানী হিচাবে স্থাপন কৰা কলগেট কোম্পানী এতিয়া বিশ্বৰ প্ৰাচীন তথা জনপ্ৰিয়  টুথপেষ্ট ব্ৰেণ্ডত পৰিণত হৈছে৷ বেছিভাগ ঘৰতে এতিয়াও কলগেট ব্ৰেণ্ডৰ টুথপেষ্ট ব্যৱহাৰ কৰা হয়। 

 কোম্পানীটোৱে সংগ্ৰামৰ মাজৰে কিদৰে নিজকে   প্ৰতিষ্ঠা কৰিছিল সেয়া সঁচাকৈয়ে অনুপ্ৰেৰণাৰ বিষয়৷ উইলিয়াম কলগেটে কলগেট কোম্পানীটো স্থাপন কৰিছিল৷   তেওঁ সদায় ব্যৱসায় কৰিব বিচাৰিছিল আৰু এই কাৰণে তেওঁ ইংলেণ্ডৰ পৰা আমেৰিকালৈও গৈছিল। ১৮০৬ চনত তেওঁ নিউয়ৰ্কত চাবোন আৰু মমবাতি প্ৰস্তুতৰ  ব্যৱসায় আৰম্ভ কৰে, কিন্তু তেওঁ বেছি লাভ কৰিবলৈ সক্ষম নহয়। পৰৱৰ্তী সময়ত তেওঁৰ কোম্পানীটোৱে  ১৮৭৩  চনত টুথপেষ্ট তৈয়াৰ কৰা আৰম্ভ কৰে।সেই সময়ত  টুথপেষ্ট পেকিং কৰাৰ সমস্যা বহু বেছি  আছিল। 

কলগেট কোম্পানীয়ে প্ৰথমবাৰৰ বাবে টুথপেষ্ট এটা টিউবত ভৰাই বিক্ৰীৰ ব্যৱস্থা কৰিছিল৷ এনেধৰণৰ পেকিঙে মানুহৰ বাবে টুথপেষ্ট ব্যৱহাৰ কৰাটো সহজ কৰি তুলিছিল। কলগেটে আমেৰিকা যুক্তৰাষ্ট্ৰত কলগেটৰ প্ৰচলন আৰম্ভ কৰিছিল যদিও  পিছত পি এণ্ড জিয়েও নিজৰ টুথপেষ্ট মুকলি কৰিছিল ।১৯২৮ চনত পামোলিভ নামৰ এটা কোম্পানীয়ে কলগেট ক্ৰয় কৰে। পামোলিভ কোম্পানীয়ে কলগেটৰ নাম সলনি কৰি কলগেট পামোলিভ ৰাখিছিল।

১৯৫৫  চনৰ পৰা মানুহে কলগেটতকৈ পি এণ্ড জি-ৰ দ্বাৰা তৈয়াৰ কৰা  টুথপেষ্ট  অধিক ব্যৱহাৰ কৰিবলৈ লৈছিল৷ইয়াৰ পিছত, কলগেট কোম্পানীয়ে ১৯৬৪ চনত ফ্লোৰাইডযুক্ত  এটা টুথপেষ্ট মুকলি কৰে আৰু ইয়াক কলগেট টোটেল নাম দিয়ে। কিছু দিনৰ  পিছত কোম্পানীটোৱে ভাৰতকে ধৰি বিশ্বৰ বহু দেশত আন ১৪ প্ৰকাৰৰ সামগ্ৰী মুকলি কৰে । আৰম্ভনিৰে  পৰা কলগেট আন দেশৰ লগতে ভাৰততো সফল হৈছে।

এতিয়া কলগেটে মহাকাশচাৰীৰ বাবেও টুথপেষ্ট প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে৷ মহাকাশৰ পৰিবেশত টুথপেষ্টৰ ফেন কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰো চিন্তা চৰ্চা চলিছে৷ মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাৰ সৈতে লগ লাগি কলগেটে মহাকাশচাৰীৰ বাবে বিশেষ ধৰণৰ টুথপেষ্ট প্ৰস্তুতৰ কামত ব্যস্ত্ হৈ পৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস