--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া তেনেই সৰু কোম্পানী৷ চাবোন আৰু মমবাতি তৈয়াৰ কৰা কোম্পানী হিচাবে স্থাপন কৰা কোম্পানীটোৱেই এতিয়া বিশ্বৰ এক আগশাৰীৰ কোম্পানীত পৰিণত হৈছে৷ চাবোন আৰু মমবাতি তৈয়াৰ কৰা কোম্পানী হিচাবে স্থাপন কৰা কলগেট কোম্পানী এতিয়া বিশ্বৰ প্ৰাচীন তথা জনপ্ৰিয়  টুথপেষ্ট ব্ৰেণ্ডত পৰিণত হৈছে৷ বেছিভাগ ঘৰতে এতিয়াও কলগেট ব্ৰেণ্ডৰ টুথপেষ্ট ব্যৱহাৰ কৰা হয়। 

 কোম্পানীটোৱে সংগ্ৰামৰ মাজৰে কিদৰে নিজকে   প্ৰতিষ্ঠা কৰিছিল সেয়া সঁচাকৈয়ে অনুপ্ৰেৰণাৰ বিষয়৷ উইলিয়াম কলগেটে কলগেট কোম্পানীটো স্থাপন কৰিছিল৷   তেওঁ সদায় ব্যৱসায় কৰিব বিচাৰিছিল আৰু এই কাৰণে তেওঁ ইংলেণ্ডৰ পৰা আমেৰিকালৈও গৈছিল। ১৮০৬ চনত তেওঁ নিউয়ৰ্কত চাবোন আৰু মমবাতি প্ৰস্তুতৰ  ব্যৱসায় আৰম্ভ কৰে, কিন্তু তেওঁ বেছি লাভ কৰিবলৈ সক্ষম নহয়। পৰৱৰ্তী সময়ত তেওঁৰ কোম্পানীটোৱে  ১৮৭৩  চনত টুথপেষ্ট তৈয়াৰ কৰা আৰম্ভ কৰে।সেই সময়ত  টুথপেষ্ট পেকিং কৰাৰ সমস্যা বহু বেছি  আছিল। 

কলগেট কোম্পানীয়ে প্ৰথমবাৰৰ বাবে টুথপেষ্ট এটা টিউবত ভৰাই বিক্ৰীৰ ব্যৱস্থা কৰিছিল৷ এনেধৰণৰ পেকিঙে মানুহৰ বাবে টুথপেষ্ট ব্যৱহাৰ কৰাটো সহজ কৰি তুলিছিল। কলগেটে আমেৰিকা যুক্তৰাষ্ট্ৰত কলগেটৰ প্ৰচলন আৰম্ভ কৰিছিল যদিও  পিছত পি এণ্ড জিয়েও নিজৰ টুথপেষ্ট মুকলি কৰিছিল ।১৯২৮ চনত পামোলিভ নামৰ এটা কোম্পানীয়ে কলগেট ক্ৰয় কৰে। পামোলিভ কোম্পানীয়ে কলগেটৰ নাম সলনি কৰি কলগেট পামোলিভ ৰাখিছিল।

১৯৫৫  চনৰ পৰা মানুহে কলগেটতকৈ পি এণ্ড জি-ৰ দ্বাৰা তৈয়াৰ কৰা  টুথপেষ্ট  অধিক ব্যৱহাৰ কৰিবলৈ লৈছিল৷ইয়াৰ পিছত, কলগেট কোম্পানীয়ে ১৯৬৪ চনত ফ্লোৰাইডযুক্ত  এটা টুথপেষ্ট মুকলি কৰে আৰু ইয়াক কলগেট টোটেল নাম দিয়ে। কিছু দিনৰ  পিছত কোম্পানীটোৱে ভাৰতকে ধৰি বিশ্বৰ বহু দেশত আন ১৪ প্ৰকাৰৰ সামগ্ৰী মুকলি কৰে । আৰম্ভনিৰে  পৰা কলগেট আন দেশৰ লগতে ভাৰততো সফল হৈছে।

এতিয়া কলগেটে মহাকাশচাৰীৰ বাবেও টুথপেষ্ট প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে৷ মহাকাশৰ পৰিবেশত টুথপেষ্টৰ ফেন কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰো চিন্তা চৰ্চা চলিছে৷ মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাৰ সৈতে লগ লাগি কলগেটে মহাকাশচাৰীৰ বাবে বিশেষ ধৰণৰ টুথপেষ্ট প্ৰস্তুতৰ কামত ব্যস্ত্ হৈ পৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা