--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ৷ সৌসিদিনা এলন মাস্কক চেৰ পেলাই তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছে৷  এক বিশাল সাম্ৰাজ্যৰ গৰাকী তেওঁ৷  তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ফেশ্বন ব্ৰেণ্ড লুই ভিট্টনৰ গৰাকী। ইমান ধন -সম্পত্তিৰ মালিক হোৱাৰ পিছতো  বাৰ্ণাৰ্ড আৰ্নাল্টৰ মন এতিয়া চিন্তাৰে ভাৰাক্ৰান্ত। 

লুই ভিট্টনৰ মুৰব্বীগৰাকীয়ে  তেওঁৰ বিশাল সাম্ৰাজ্য কাক হস্তান্তৰ কৰিব সেয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিপাঙত পৰিছে। সেয়ে বাৰ্ণাৰ্ড আৰ্নাল্ট তেওঁৰ অনুপস্থিতিত আৰ্নাল্ট সাম্ৰাজ্যৰ গৰাকী কোন সেয়া বাছনি কৰিবলৈ এটা অডিচনৰ ব্যৱস্থা কৰিছে।বাৰ্ণাৰ্ড আৰ্নাল্টৰ পাঁচটা সন্তান আছে। তেওঁলোকৰ তিনিজনে ইতিমধ্যে তেওঁলোকৰ দেউতাকৰ মালিকানাধীন কোম্পানীবোৰত চিইঅ' পদত অধিষ্ঠিত হৈ আছে। আন দুটা সন্তানেও আৰ্নাল্টৰ বিভিন্ন কোম্পানীৰ  সৈতে জড়িত হৈ আছে।

 পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব এই পাঁচজনৰ মাজৰে এজনক হস্তান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। ১৯ এপ্ৰিলত বাৰ্ণাৰ্ড আৰ্নাল্টে ইলন মাস্কক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হয়।আৰ্নাল্টে কেনেকৈ তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিব? খবৰ  অনুসৰি তেওঁ মাহত এবাৰ কৈ সন্তানসকলৰ সৈতে দুপৰীয়াৰ আহাৰ খাবলৈ বহে। ডেৰ ঘণ্টাৰ বাবে আন কোনেও এই দুপৰীয়াৰ আহাৰৰ অনুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰে। খবৰ অনুসৰি দুপৰীয়াৰ আহাৰ আৰম্ভ হোৱাৰ আগতেবাৰ্ণাৰ্ড আৰ্নাল্টে তেওঁৰ আইপেডৰ সহায়ত  ব্যৱসায় সম্পৰ্কীয় কথাবোৰ তেওঁৰ পাঁচোজন সন্তানকে বুজায়৷ তাৰ পিছত তেওঁ এজন এজনকৈ প্ৰতিজন সন্তানকে  ব্যৱসায়টো কেনেদৰে  আৰু উন্নত কৰিব পাৰি সেই বিষয়ে প্ৰশ্ন কৰে৷   এনেদৰেই তেওঁ তেওঁৰ সন্তানৰ অডিচন লয়৷

 জনা গৈছে  যে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে এতিয়াই কোনো সিদ্ধান্ত ল’বলৈ অনিচ্ছুক। সেয়ে হয়তো  অডিচন প্ৰক্ৰিয়া দীঘলীয়া সময়ৰ বাবে চলিব। অৱশ্যে, ফৰাচী কোটিপতিজনে কৈছে  যে তেওঁ তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব সেইগৰাকী সন্তানকে  হস্তান্তৰ কৰিব যিয়ে নিৰন্তৰ অডিচনত উত্তীৰ্ণ হোৱাৰ পিছত আটাইতকৈ যোগ্য হিচাবে প্ৰমাণিত হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন