--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ৷ সৌসিদিনা এলন মাস্কক চেৰ পেলাই তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছে৷  এক বিশাল সাম্ৰাজ্যৰ গৰাকী তেওঁ৷  তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ফেশ্বন ব্ৰেণ্ড লুই ভিট্টনৰ গৰাকী। ইমান ধন -সম্পত্তিৰ মালিক হোৱাৰ পিছতো  বাৰ্ণাৰ্ড আৰ্নাল্টৰ মন এতিয়া চিন্তাৰে ভাৰাক্ৰান্ত। 

লুই ভিট্টনৰ মুৰব্বীগৰাকীয়ে  তেওঁৰ বিশাল সাম্ৰাজ্য কাক হস্তান্তৰ কৰিব সেয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিপাঙত পৰিছে। সেয়ে বাৰ্ণাৰ্ড আৰ্নাল্ট তেওঁৰ অনুপস্থিতিত আৰ্নাল্ট সাম্ৰাজ্যৰ গৰাকী কোন সেয়া বাছনি কৰিবলৈ এটা অডিচনৰ ব্যৱস্থা কৰিছে।বাৰ্ণাৰ্ড আৰ্নাল্টৰ পাঁচটা সন্তান আছে। তেওঁলোকৰ তিনিজনে ইতিমধ্যে তেওঁলোকৰ দেউতাকৰ মালিকানাধীন কোম্পানীবোৰত চিইঅ' পদত অধিষ্ঠিত হৈ আছে। আন দুটা সন্তানেও আৰ্নাল্টৰ বিভিন্ন কোম্পানীৰ  সৈতে জড়িত হৈ আছে।

 পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব এই পাঁচজনৰ মাজৰে এজনক হস্তান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। ১৯ এপ্ৰিলত বাৰ্ণাৰ্ড আৰ্নাল্টে ইলন মাস্কক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হয়।আৰ্নাল্টে কেনেকৈ তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিব? খবৰ  অনুসৰি তেওঁ মাহত এবাৰ কৈ সন্তানসকলৰ সৈতে দুপৰীয়াৰ আহাৰ খাবলৈ বহে। ডেৰ ঘণ্টাৰ বাবে আন কোনেও এই দুপৰীয়াৰ আহাৰৰ অনুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰে। খবৰ অনুসৰি দুপৰীয়াৰ আহাৰ আৰম্ভ হোৱাৰ আগতেবাৰ্ণাৰ্ড আৰ্নাল্টে তেওঁৰ আইপেডৰ সহায়ত  ব্যৱসায় সম্পৰ্কীয় কথাবোৰ তেওঁৰ পাঁচোজন সন্তানকে বুজায়৷ তাৰ পিছত তেওঁ এজন এজনকৈ প্ৰতিজন সন্তানকে  ব্যৱসায়টো কেনেদৰে  আৰু উন্নত কৰিব পাৰি সেই বিষয়ে প্ৰশ্ন কৰে৷   এনেদৰেই তেওঁ তেওঁৰ সন্তানৰ অডিচন লয়৷

 জনা গৈছে  যে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে এতিয়াই কোনো সিদ্ধান্ত ল’বলৈ অনিচ্ছুক। সেয়ে হয়তো  অডিচন প্ৰক্ৰিয়া দীঘলীয়া সময়ৰ বাবে চলিব। অৱশ্যে, ফৰাচী কোটিপতিজনে কৈছে  যে তেওঁ তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব সেইগৰাকী সন্তানকে  হস্তান্তৰ কৰিব যিয়ে নিৰন্তৰ অডিচনত উত্তীৰ্ণ হোৱাৰ পিছত আটাইতকৈ যোগ্য হিচাবে প্ৰমাণিত হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস