--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ ক্ৰিকেটৰ চূড়ান্ত খেল। ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ ‘সূৰ্য কিৰণ এৰ’বেটিক দলে ‘এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিব। বৃহস্পতিবাৰে এজন বিষয়াই এই তথ্য সদৰী কৰে। এই মেচখনক বিশেষ কৰি তুলিবলৈ ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক দলে প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’।

প্ৰতিৰক্ষা বিভাগৰ গুজৰাটৰ জনসংযোগ বিষয়া (পি আৰ অ’)য়ে কয় যে মটেৰা অঞ্চলৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ পূৰ্বে দহ মিনিটৰ বাবে সূৰ্য্য কিৰণ এৰ’বেটিক দলে নিজৰ ষ্টাণ্টেৰে ৰাইজক ৰোমাঞ্চিত কৰিব। পি আৰ অ’ই এক বিবৃতিত কয় যে শুকুৰবাৰ আৰু শনিবাৰে এই এয়াৰ শ্ব’ৰ অনুশীলন অনুষ্ঠিত হ’ব। চূড়ান্ত খেলৰ পূৰ্বে এই দলটোৱে দহ মিনিটৰ বাবে নিজৰ কৌশল দেখুৱাব।

বুধবাৰে নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে ইতিমধ্যে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বায়ুসেনাৰ সূৰ্য্য কিৰণ এৰ’বেটিক দলটো সাধাৰণতে ৯খন বিমানেৰে গঠিত আৰু সমগ্ৰ দেশতে কেইবাটাও বিমান প্ৰদৰ্শনী প্ৰদৰ্শন কৰিছে।

১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপৰ ফাইনেল চাবলৈও যাব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদী এজন ডাঙৰ ক্ৰিকেট অনুৰাগী।




ভাৰতে দুবাৰকৈ এদিনীয়া বিশ্বকাপ জয় কৰিছে, ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত এম এছ ধোনীৰ অধীনত। তৃতীয় ট্ৰফীৰ বাবে অপেক্ষা অব্যাহত আছে, কিন্তু দেখা গৈছে যে আয়োজক দলটোৱে আকৌ এবাৰ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ সপোন পূৰণ কৰিব পাৰিব। এই সংস্কৰণত এতিয়ালৈকে ১০খন এদিনীয়া মেচৰ ভিতৰত এখনো মেচ পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া।

ইতিমধ্যে চূড়ান্ত খেলখনৰ বাবে হোটেলৰ মূল্য আকাশলংঘী হ’বলৈ আৰম্ভ কৰিছে আৰু কিছুমান হোটেলে দহগুণ বৃদ্ধি কৰিছে। আহমেদাবাদৰ বাবে বিমান ভাড়া আৰু হোটেলৰ কোঠাৰ মূল্য ১৯ নৱেম্বৰত বহুগুণে বৃদ্ধি পাইছে। আহমেদাবাদত হোটেলৰ কোঠাৰ মূল্য প্ৰতি নিশা ২৪ হাজাৰ টকাৰ পৰা ২ লাখ ১৫ হাজাৰ টকালৈ বৃদ্ধি পাইছে। পৰিস্থিতি এনেকুৱা আৰু চাহিদা ইমানেই বেছি যে এটা অতি স্বাভাৱিক হোটেলৰ কোঠাৰ দাম প্ৰতি নিশা ১০ হাজাৰ টকালৈ বৃদ্ধি পাইছে। চাৰি আৰু পাঁচ তাৰকাযুক্ত হোটেলৰ কোঠাৰ মূল্য প্ৰায় ১ লাখ টকা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক