--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৯৯ বিশ্বকাপৰ পুনৰাবৃত্তি ঘটিল ইডেন গাৰ্ডেনত। বিশ্বকাপৰ দ্বিতীয়খন চেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক তিনি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই।

আকাশত ডাৱৰ থকাৰ পিছতো বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। অষ্ট্ৰেলিয়াৰ ক্ষুৰধাৰ বলিঙত দক্ষিণ আফ্ৰিকাৰ ইনিংছ ২১২ ৰানতে সমাপ্ত হয়। ডেভিদ মিলাৰে ১০১ ৰান আৰু হেনৰিক ক্লাচেনে ৪৭ ৰান নকৰা হ'লে ইয়াতকৈও কম স্ক'ৰ হ'লহেঁতেন। ব্যৰ্থ হয় ফৰ্মত থকা ডি কক, ভান ডাৰ ডুচেন, এইডেন মাৰক্ৰাম।

অষ্ট্ৰেলিয়াৰ সফল বলাৰ মিচেল ষ্টাৰকে ৩৪ ৰানত ৩ উইকেট দখল কৰে। হেজলউডে তেওঁ ১২ ৰানত ২ উইকেট দখল কৰে। অধিনায়ক পেট কামিন্সে ৫১ ৰানত ৩টা উইকেট দখল কৰে। ট্ৰেভিড হেডেও ২১ ৰানত ২ উইকেট দখল কৰে। 

২১৩ ৰানৰ লক্র লৈ অষ্ট্ৰেলিয়াই আক্ৰমণাত্মক মুডত ইনিংছ আৰম্ভ কৰে। হেডে ৪৮টা বলত ৯টা চাৰি আৰু ২টা ছয়ৰে ৬২ ৰান সংগ্ৰহ কৰে। ডেভিদ ৱাৰ্নাৰৰ ইনিংছত ১৮টা বলত আহে ২৯ ৰান।  তাৰপাছতে কিছু চাপত পৰে ৰেংগাৰুবাগিনী। 
তিনি নম্বৰত বিফল হয় মিচেল মাৰ্ছ (শূন্য)। ষ্টিভ স্মিথ (৬২ বলত ৩০), মাৰ্নাছ লাবুচেনে (৩১ বলত ১৮), গ্লেন মেক্সৱেলে (১) দলটোক বিশেষ আত্মবিশ্বাস দিব নোৱাৰিলে। জোছ ইংলিছে  ৪৯টা বলত ২৮ ৰান সংগ্ৰহ কৰে।শেষত মিচেল ষ্টাৰকে ৩৮টা বলত ১৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। কামিন্সৰ বেটৰ পৰা ২৯টা বলৰ পৰা ১৪ ৰানৰ অপৰাজিত ইনিংছ।

দক্ষিণ আফ্ৰিকাৰ সফল বলাৰ টাবাৰেজ শ্বামচিয়ে ৪২ ৰানত ২ উইকেট দখল কৰে। ৪৭ ৰানত ক’য়েটজৰ ২ উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement