--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৯৯ বিশ্বকাপৰ পুনৰাবৃত্তি ঘটিল ইডেন গাৰ্ডেনত। বিশ্বকাপৰ দ্বিতীয়খন চেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক তিনি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই।

আকাশত ডাৱৰ থকাৰ পিছতো বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। অষ্ট্ৰেলিয়াৰ ক্ষুৰধাৰ বলিঙত দক্ষিণ আফ্ৰিকাৰ ইনিংছ ২১২ ৰানতে সমাপ্ত হয়। ডেভিদ মিলাৰে ১০১ ৰান আৰু হেনৰিক ক্লাচেনে ৪৭ ৰান নকৰা হ'লে ইয়াতকৈও কম স্ক'ৰ হ'লহেঁতেন। ব্যৰ্থ হয় ফৰ্মত থকা ডি কক, ভান ডাৰ ডুচেন, এইডেন মাৰক্ৰাম।

অষ্ট্ৰেলিয়াৰ সফল বলাৰ মিচেল ষ্টাৰকে ৩৪ ৰানত ৩ উইকেট দখল কৰে। হেজলউডে তেওঁ ১২ ৰানত ২ উইকেট দখল কৰে। অধিনায়ক পেট কামিন্সে ৫১ ৰানত ৩টা উইকেট দখল কৰে। ট্ৰেভিড হেডেও ২১ ৰানত ২ উইকেট দখল কৰে। 

২১৩ ৰানৰ লক্র লৈ অষ্ট্ৰেলিয়াই আক্ৰমণাত্মক মুডত ইনিংছ আৰম্ভ কৰে। হেডে ৪৮টা বলত ৯টা চাৰি আৰু ২টা ছয়ৰে ৬২ ৰান সংগ্ৰহ কৰে। ডেভিদ ৱাৰ্নাৰৰ ইনিংছত ১৮টা বলত আহে ২৯ ৰান।  তাৰপাছতে কিছু চাপত পৰে ৰেংগাৰুবাগিনী। 
তিনি নম্বৰত বিফল হয় মিচেল মাৰ্ছ (শূন্য)। ষ্টিভ স্মিথ (৬২ বলত ৩০), মাৰ্নাছ লাবুচেনে (৩১ বলত ১৮), গ্লেন মেক্সৱেলে (১) দলটোক বিশেষ আত্মবিশ্বাস দিব নোৱাৰিলে। জোছ ইংলিছে  ৪৯টা বলত ২৮ ৰান সংগ্ৰহ কৰে।শেষত মিচেল ষ্টাৰকে ৩৮টা বলত ১৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। কামিন্সৰ বেটৰ পৰা ২৯টা বলৰ পৰা ১৪ ৰানৰ অপৰাজিত ইনিংছ।

দক্ষিণ আফ্ৰিকাৰ সফল বলাৰ টাবাৰেজ শ্বামচিয়ে ৪২ ৰানত ২ উইকেট দখল কৰে। ৪৭ ৰানত ক’য়েটজৰ ২ উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক