--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মত প্ৰকাশৰ স্বাধীনতা- গনতন্ত্ৰৰ আধাৰ । ভাৰতীয় সংবিধানে নাগৰিকক প্ৰদান কৰা সাতোটা মৌলিক অধিকাৰৰ ভিতৰত ই অন্যতম ৷ তদুপৰি ৰাষ্ট্ৰৰ পূৰ্ণবিকাশ আৰু প্ৰগতিৰ বাবে মতপ্ৰকাশৰ স্বাধীনতা থকাটো একান্তই জৰুৰী ৷

নিজৰ ৯০ সংখ্যক “মন কী বাতত” কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ১৯৭৫ চনৰ জুন মাহত ভাৰতীয়ৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল ।খৰ্ব কৰা হৈছিল দেশৰ নাগৰিকসকলৰ সকলো অধিকাৰ ৷সেই অধিকাৰসমূহৰ ভিতৰত অন্যতম আছিল সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত সকলো ভাৰতীয়ক প্ৰদান কৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ । ইয়াৰ দ্বাৰা গনতন্ত্ৰক মষিমূৰ কৰাৰ প্ৰয়াস কৰা হৈছিল৷দেশৰ  আদালতসমূহ,প্ৰতিটো সাংবিধানিক প্ৰতিষ্ঠান আৰু ছপা মাধ্যমক নিয়ন্ত্ৰণত ৰখা হৈছিল ৷প্ৰতিক্ষেত্ৰতে চেন্সৰশ্বিপ এনেকুৱা কটকটীয়া আছিল যে অনুমোদন অবিহনে একো ছপা কৰিবপৰা নাছিল। 

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতীয় সংবাদ মাধ্যমে মুক্তভাৱে মতপ্ৰকাশৰ স্বাধীনতা ভোগ কৰিছেনে ? চাবলৈ গ’লে জৰুৰীকালীন অৱস্থাৰ আনুষ্ঠানিক প্ৰতিবন্ধকতাহে নাই, কিন্তু কাৰ্যক্ষেত্ৰত ভাৰতীয় সংবাদ মাধ্যমৰ বাক স্বাধীনতাৰ বিষয়টো এতিয়া এক প্ৰহসনত পৰিণত হৈছে ৷ দেশৰ বেছিভাগ সংবাদ মাধ্যমেই চৰকাৰৰ ওচৰত বিক্ৰী যোৱা । আপোচহীন আৰু সাংবাদিকসকলৰ কন্ঠৰোধ কৰিবলৈ ৰাষ্ট্ৰই প্ৰতিমূহূৰ্ততে চেষ্টা চলাই আহিছে ।

ইণ্ডিয়া প্ৰেছ ফ্ৰীডম ৰিপ’ৰ্ট ২০২১ অনুসৰি সমগ্ৰ দেশতে ৬জন সাংবাদিকক হত্যা,১০৮ জনৰ ওপৰত আক্ৰমণ আৰু ১৩ টা সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ লক্ষ্য কৰা হৈছিল ৷
[
“ওৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স ২০২২” অনুসৰি বাকস্বাধীনতাৰ ক্ষেত্ৰত ভাৰত অৱনমিত হৈছে ১৫০ তম স্থানলৈ । ইয়াৰ অৰ্থ হ’ল সংবাদ মাধ্যমৰ বাবে এই দেশ বিপদজনক ।আনকি দেশবিহীন সাংবাদিক আৰু নটা মানৱ অমিকাৰ সংগঠনে ভাৰতীয় কৰ্তৃপক্ষক তেওঁলোকৰ কামৰ বাবে সাংবাদিক আৰু অনলাইন সমালোচকক লক্ষ্য কৰাটো বন্ধ কৰিবলৈ কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি