--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অব্যাহত আছে কেন্দ্ৰ চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিক লৈ নানা বিতৰ্কৰ। ইয়াৰ মাজতে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে নতুন সেনা নিযুক্তি প্ৰকল্প ‘অগ্নিপথ’ক লৈ মোদী চৰকাৰৰ অস্বস্তি আৰু অধিক বৃদ্ধি কৰা দেখা গৈছে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিৰোধীৰ সুৰত সুৰ মিলাই অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। মেঘালয়ৰ ৰাজ্যপাল গৰাকীৰ স্পষ্ট কথা, ‘পেঞ্চন অবিহনে অৱসৰ ল’লে অগ্নিবীৰসকলক কোনে বিয়া কৰাব?’

ৰাজ্যপালগৰাকীয়ে কয় যে, ‘অগ্নিপথ প্ৰকল্প কেতিয়াও দেশৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থত নহয়। বৰং এই প্ৰকল্পৰ জৰিয়তে গাঁও আৰু চৰকাৰৰ মাজৰ দূৰত্ব বৃদ্ধি পাব।’ মনকৰবিলগীয়া যে, চৰকাৰৰ এই আঁচনিৰ বিৰুদ্ধে মাত মতা প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে বিবেচিত হৈছে সত্যপাল মালিক। অৱশ্যে, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছেও বিজেপি চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে মাত মাতিছে। তদুপৰি, নীতিশ কুমাৰৰ ঐক্যবদ্ধ জনতা দলেও ‘অগ্নিপথ’ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰসংগক্ৰমে, ১৪ জুনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাবাহিনীত ঠিকাভিত্তিক নিযুক্তিৰ বাবে ‘অগ্নিপথ’ প্ৰকল্প আৰম্ভ কৰিছিল। আৰু তাৰ পিছত সমগ্ৰ দেশতে অশান্তিৰ জুই জ্বলি উঠিছে। বিহাৰকে ধৰি দেশৰ ১৪খন ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ সূচনা হৈছে। প্ৰতিবাদী অগ্নিকাণ্ডত একাধিক ৰে’ল আৰু গাড়ী জ্বলি উঠিছে। আৰক্ষীৰ গুলীত নিহত হৈছে প্ৰতিবাদকাৰী। তাৰ মাজতে মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ শেহতীয়া মন্তব্যই বিশেষ ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি