--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ  গোচৰৰ মূল অভিযুক্ত  জ্যেষ্ঠ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰে আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ শনিবাৰে আদালতত হাজিৰ হোৱাৰ কথা আছে। চিবিআইয়ে যোৱা বছৰৰ মে' মাহত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

জগদীশ টাইটলাৰে  আগতীয়া জামিনৰ সুৰক্ষা লাভ কৰাৰ বাবেই তেওঁক কাইলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। তেওঁক ১ লাখ টকাৰ বণ্ডত জামিন প্ৰদান কৰা হৈছে।তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ নিজৰেই  শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত দিল্লীত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হৈছিল। 

সংঘৰ্ষত কমেও ৩,০০০ লোকৰ মৃত্যু হৈছিল। অৱশ্যেবিভিন্ন সূত্ৰৰ মতে  সমগ্ৰ দেশতে ৮,০০০ ৰো অধিক লোক নিহত হৈছিল। জগদীশ টাইটলাৰক গোচৰটোৰ মূল  অভিযুক্ত হিচাপে চিহ্নিত  কৰা হৈছে।

টাইটালাৰ ২০০৪ চনত মনমোহন সিং চৰকাৰৰ দিনত মন্ত্ৰী হৈছিল। অৱশ্যে, প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিবলগীয়া  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ