--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ  গোচৰৰ মূল অভিযুক্ত  জ্যেষ্ঠ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰে আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ শনিবাৰে আদালতত হাজিৰ হোৱাৰ কথা আছে। চিবিআইয়ে যোৱা বছৰৰ মে' মাহত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

জগদীশ টাইটলাৰে  আগতীয়া জামিনৰ সুৰক্ষা লাভ কৰাৰ বাবেই তেওঁক কাইলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। তেওঁক ১ লাখ টকাৰ বণ্ডত জামিন প্ৰদান কৰা হৈছে।তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ নিজৰেই  শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত দিল্লীত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হৈছিল। 

সংঘৰ্ষত কমেও ৩,০০০ লোকৰ মৃত্যু হৈছিল। অৱশ্যেবিভিন্ন সূত্ৰৰ মতে  সমগ্ৰ দেশতে ৮,০০০ ৰো অধিক লোক নিহত হৈছিল। জগদীশ টাইটলাৰক গোচৰটোৰ মূল  অভিযুক্ত হিচাপে চিহ্নিত  কৰা হৈছে।

টাইটালাৰ ২০০৪ চনত মনমোহন সিং চৰকাৰৰ দিনত মন্ত্ৰী হৈছিল। অৱশ্যে, প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিবলগীয়া  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস